World Cup 2023 IND vs NZ: ২০ বছৰৰ অন্তত বিশ্বকাপত নিউজিলেণ্ডক পৰাস্ত কৰিলে টীম ইণ্ডিয়াই, জয়ৰ নায়ক কোহলী-ছামী

World Cup 2023 IND vs NZ India beat New Zealand for fifth straight win
২০ বছৰৰ অন্তত বিশ্বকাপত নিউজিলেণ্ডক পৰাস্ত কৰিলে টীম ইণ্ডিয়াই, জয়ৰ নায়ক কোহলী-ছামী

স্পৰ্টছ ডেস্ক, ২৩ অক্টোবৰ: ধৰ্মশালাৰ এইচ পি চি এ ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত-নিউজিলেণ্ডৰ খেলখনত নিউজিলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াই ৪ উইকেটত এক আকৰ্ষণীয় বিজয় লাভ কৰিবলৈ সক্ষম হৈছে (World Cup 2023)। ভাৰতৰ এই বিজয়ৰ অতিকে বিশেষ কাৰণটো হৈছে ২০ বছৰৰ অন্তত বিশ্বকাপৰ এখন খেলত নিউজিলেণ্ডক পৰাস্ত কৰে (India beat New Zealand) ।

ভাৰতে ৪৮ অভাৰত ৬টা উইকেট হেৰুৱাই নিউজিলেণ্ডে বান্ধি দিয়া ২৭৪ ৰানৰ লক্ষ্যত উপনীত হয় । ভাৰতৰ এই জয়ৰ নায়ক আছিল দ্ৰুত বলাৰ মহম্মদ ছামী(Fast bowler Mohammed Shami) আৰু তাৰকা বেটছমেন বিৰাট কোহলী(Star batsman Virat Kohli)।

চলিত বিশ্বকাপৰ প্ৰথমখন মেচ খেলি ভাৰতৰ তাৰকা দ্ৰুত বলাৰ মহম্মদ ছামীয়ে খেলখনত ১০ অভাৰত সৰ্বাধিক ৫৪ ৰাণ দি ৫টা উইকেট দখল কৰিবলৈ সক্ষম হয়। ছামীয়ে মাৰাত্মক বলিং কৰি উইল ইয়ং, ৰাচিন ৰবীন্দ্ৰ, ডেৰিল মিচেল, মিচেল চেণ্টনাৰ আৰু মেট হেনৰীক নিজৰ বলিঙেৰে আঘাত কৰে (IND vs NZ)।

ধৰ্মশালাত অনুষ্ঠিত এই খেলখনত বিজয়ী প্ৰদৰ্শনৰ বাবে মহম্মদ শ্বামীক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয় (Player of the Match) ।

লগতে পঢ়ক: Gaius Appuleius Diocles: ইতিহাসৰ সৰ্বাধিক দৰমহা পোৱা খেলুৱৈ