Swiss woman killed by boyfriend: নতুন দিল্লীত চুইজাৰলেণ্ডৰ যুৱতীক হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত বন্ধু

Swiss woman killed by Boyfriend body with tied hands legs found in Delhi 1 Arrested
Swiss woman killed by boyfriend: নতুন দিল্লীত চুইজাৰলেণ্ডৰ যুৱতীক হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত বন্ধু

নতুন দিল্লী, ২১ অক্টোবৰ: শুকুৰবাৰে নতুন দিল্লীৰ তিলক নগৰৰ এমচিডি স্কুলৰ সমীপত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছিল চুইজাৰলেণ্ডৰ এগৰাকী যুৱতীৰ মৃতদেহ (Swiss national from Zurich) । মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছিল তদন্ত । এই তদন্তৰ অন্তত হত্যাণ্ডটো সংঘটিত কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন লোকক । অভিযুক্ত লোকজন মৃত যুৱতীগৰাকীৰ বন্ধু বুলি জানিব পৰা গৈছে । শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত লোকজনৰ নাম গুৰপ্ৰীত বুলি জানিব পৰা গৈছে ।

আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, একাংশ পথচাৰীয়ে ক’লা প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে(Body with tied hands legs found in Delhi) । ইয়াৰ পিছতেই ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে । তদন্তৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত গুৰপ্ৰীতক।

তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজসমূহ পৰীক্ষা কৰে । সেই ফুটেজত এখন বাহন সংশ্লিষ্ট স্থানত আহি ৰোৱা দেখিবলৈ পোৱা যায় । তাৰ পিছত সেই বাহনখনৰ পৰাই প্লাষ্টিকৰ বেগ এটাত মেৰিয়াই ৰখা মৃতদেহটো পেলাই দিয়ে (Murder in New Delhi) । আৰক্ষীয়ে প্ৰথম অৱস্থাতে বিদেশী যুৱতীগৰাকীক হত্যা কৰি পেলাই দিয়া বুলি অনুমান কৰিছিল । পৰৱৰ্তী সময়ত চিচিটিভিৰ ফুটেজ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে এইয়া যে এটা হত্যাকাণ্ড আছিল সেয়া নিশ্চিত হয়(Swiss woman killed by boyfriend) । চিচিটিভিৰ ফুটেজৰ সহায়তেই আৰক্ষীয়ে বাহনখনৰ পঞ্জীয়ন নম্বৰ উদ্ধাৰ কৰাৰ লগতে ইতিমধ্যে জব্দ কৰিছে বাহনখন । লগতে আৰক্ষীয়ে মৃত যুৱতীগৰাকীৰ বন্ধু গুৰপ্ৰীতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Crime in New Delhi) ।

আৰক্ষীয়ে ইতিমধ্যে ধৃত লোকজনক মাৰাথন জেৰা আৰম্ভ কৰিছে । প্ৰাথমিক তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পৰা অনুসৰি, ধৃত গুৰপ্ৰীতে চাৰি বছৰ পূৰ্বে ছ’চিয়েল নেটৱৰ্কিং ছাইটৰ জৰিয়তে যুৱতীগৰাকীক লগ পাইছিল । ইয়াৰ পিছতেই দুয়োৰে মাজত আৰম্ভ হয় বন্ধুত্ব । পৰৱৰ্তী সময়ত এই বন্ধুত্বই প্ৰেমৰ সম্পৰ্কলৈ পৰিৱৰ্তন হয় । শেহতীয়াকৈ যুৱতীগৰাকীৰ আন এজন যুৱকৰ সৈতে প্ৰেম হয় আৰু ইয়াকে লৈ দুয়োৰে মাজত বিবাদৰ সৃষ্টি হয় ।

ইয়াৰ পিছতে গুৰপ্ৰীতে বিদেশী যুৱতীগৰাকীক হত্যাৰ পৰিকল্পনা আৰম্ভ কৰে । পৰিকল্পনা অনুসৰি অভিযুক্তই যুৱতীগৰাকীক ছুইজাৰলেণ্ডৰ পৰা দিল্লীলৈ মাতি পঠিয়াই । দিল্লীলৈ অহাৰ পিছতে গুৰপ্ৰীতে যুৱতীগৰাকীৰ পৰিচয় পত্ৰ ব্যৱহাৰ কৰি এখন বাহন ক্ৰয় কৰে। শেষত অভিযুক্ত গুৰপ্ৰীতে যুৱতীগৰাকীক হত্যা কৰি সেই বাহনতেই মৃতদেহটো কঢ়িয়াই নি তিলক নগৰৰ এমচিডি স্কুলৰ সমীপত হাত-ভৰি বন্ধা অৱস্থাত পেলাই দিয়ে ।

ঘটনাটোৰ প্ৰসংগত দিল্লী আৰক্ষীৰ উপ আৰক্ষী আয়ুক্ত(Deputy Commissioner of Police) বিচিত্ৰ বীৰে কয়, “প্ৰথম অৱস্থাতে আমি এয়া এক হত্যাৰ ঘটনা বুলিয়েই অনুমান কৰিছিলো । আমি ৩০২ আৰু ২০১ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰো। ইতিমধ্যে গুৰপ্ৰীত নামৰ এজন অভিযুক্তক আমি গ্ৰেপ্তাৰ কৰিছো । লগতে অভিযুক্তৰ পৰা ১.৫ কোটি টকাও উদ্ধাৰ কৰা হৈছে ।

লগতে পঢ়ক: Emergency Landing at Mumbai Airport: উৰন্ত বিমানত বোমাতংক, মুম্বাইত বিমানৰ জৰুৰী অৱতৰণ