Lok Sabha Elections 2024: প্ৰদ্যুৎ বৰদলৈ নে ৰকিবুল হুছেইন – কোনে পাব প্ৰাৰ্থিত্ব !

Lok Sabha Elections 2024 Two camps in Nagaon Congress over Nagaon Lok Sabha constituency
Lok Sabha Elections 2024: প্ৰদ্যুৎ বৰদলৈ নে ৰকিবুল হুছেইন - কোনে পাব প্ৰাৰ্থিত্ব !

নিউজ ডেস্ক, ২৩ অক্টোবৰ: সমাগত লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কোনে লাভ কৰিব ? প্ৰদ্যুৎ বৰদলৈয়ে নে ৰকিবুল হুছেইনে ? ইয়াকে কেন্দ্ৰ কৰি নগাঁও কংগ্ৰেছ দুটা শিবিৰত বিভক্তহৈ পৰা পৰিলক্ষিত হৈছে(Two camps in Nagaon Congress) । উল্লেখযোগ্য যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে দলটোৰ প্ৰভাৱশালী বিধায়কসকলক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ নিৰ্দেশ দিয়া বুলি চৰ্চিত হৈছে । সেয়ে নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ মন মেলিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে(Former minister Rakibul Hussain) ।

ইপিনে লোকসভা নিৰ্বাচনত নগাঁও লোকসভাত প্ৰদ্যুৎ বৰদলৈ(MP Pradyut Bordoloi)ৰ টিকট কটাৰ বাবে সাঁজু হৈছে কংগ্ৰেছৰ এটা চক্ৰ । দীৰ্ঘদিনৰ অন্তত নগাঁও লোকসভা দখল কৰা কংগ্ৰেছে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈৰ সলনি ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে নগাঁও কংগ্ৰেছৰ এটা শিবিৰে শীৰ্ষ নেতৃত্বক হেঁচা প্ৰয়োগ কৰিছে । কংগ্ৰেছৰে এই লবীটোৱে ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈৰ সলনি ৰকিবুল হুছেইনক নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰ বাবে ৰণনীতিও সাঁজু কৰিছে (Lok Sabha Elections 2024)।

সমষ্টি পুনৰ গঠনৰ পিছত নগাঁও লোকসভা সমষ্টিত অন্তৰ্ভূক্ত হোৱা চামগুৰি আৰু ৰূপহী সমষ্টি কংগ্ৰেছৰ দখলত আছে । ইয়াৰোপৰি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট সমষ্টি পূৰ্বৰে পৰা কংগ্ৰেছৰ দখলত আছে । এই তিনিওটা সমষ্টিৰ এটাত বিধায়ক ৰকিবুল হুছেইনে নিজে প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে ৰূপহীহাট সমষ্টিত হুছেইনৰ একান্ত অনুগত বিধায়ক নুৰুল হুদাই প্ৰতিনিধিত্ব কৰি আছে ।

তদুপৰি লাহৰীঘাট বিধানসভা সমষ্টিটোত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ প্ৰভাৱ আছে । সেয়ে প্ৰাক্তন মন্ত্ৰী হুছেইনৰ সমৰ্থক শিবিৰটোৱে প্ৰদ্যুৎ বৰদলৈৰ ঠাইত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো বিচাৰিছে। তেওঁলোকৰ মতে নগাঁও লোকসভা সমষ্টি(Nagaon Lok Sabha constituency)ত সংখ্যালঘূ মুছলমানৰ ভোট বৃদ্ধি পাইছে আৰু সেয়ে নগাঁও লোকসভা সমষ্টিত সংখ্যালঘূ মুছলমানক প্ৰাৰ্থিত্ব দিয়া উচিত । ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাত নগাঁও লোকসভাত প্ৰদ্যুৎ বৰদলৈৰ লগতে ৰকিবুল হুছেইনৰ নাম অন্তৰ্ভূক্ত হৈছে (Rivalry-centric conflict begins in Congress) ।

ৰকিবুল হুছেইনৰ ঘণিষ্ঠ এটা মহলৰ মতে ২০২৪ত নগাঁও লোকসভাত সাংসদৰূপে বিজয়ী হ’লে চামগুৰি সমষ্টি পুত্ৰক গতাই দিব ৰকিবুল হুছেইনে । ইয়াৰ বিপৰীতে কংগ্ৰেছৰে আন এটা মহলৰ মতে, প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ পৰা আঁতৰোৱাৰ বাবেহে ৰকিবুল হুছেইনৰ শিবিৰটোৱে শীৰ্ষ নেতৃত্বক হেঁচা প্ৰয়োগৰ এই পৰিকল্পনা হাতত লৈছে । কাৰণ যদিহে কাজিৰঙাৰ সলনি নগাঁৱত গৌৰৱ গগৈ(Congress MP Gaurav Gogoi)য়ে প্ৰতিদ্বন্দিতা কৰিবলৈ মন মেলে তেন্তে ৰকিবুল হুছেইনে বিনাদ্বিধাই নগাঁও গতাই দিব গৌৰৱক।

উল্লেখযোগ্য যে, বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছে দীৰ্ঘদিনৰ অন্তত বিজেপিক পৰাভূত কৰি নগাঁও নিজৰ দখললৈ আনিছিল । কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পিছতে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ সম্পৰ্কত ফাট মেলিছিল । এই সন্দৰ্ভত সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত সবিস্তাৰে বাতৰিও প্ৰকাশ পাইছিল । ইয়াৰ পিছতে ২৪ৰ নিৰ্বাচনত ৰকিবুল হুছেইনে প্ৰদ্যুৎ বৰদলৈক বিধি-পথালি দিব বুলিও ৰাজনৈতিক মহলত চৰ্চিত হৈছিল । ৰাজনৈতিক মহলৰ পূৰ্বানুমানক সত্য প্ৰমাণিত কৰি অৱশেষত প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ পৰা বিতাড়িত কৰাৰ বাবে সাঁজু হৈছে কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ বিৰোধী শিবিৰ।

ইতিমধ্যে কংগ্ৰেছৰ এটা শিবিৰে নগাঁও লোকসভাৰ বিভিন্ন বুথ পৰ্য্যায়ত দলীয় সভাৰ আয়োজন কৰিছে আৰু ফটোৰ ৰাজনীতিও আৰম্ভ কৰিছে । এই সভাসমূহত নগাঁও লোকসভাত প্ৰদ্যুৎ বৰদলৈৰ সলনি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা আৰু বিধায়িকা শিৱামণি বৰাৰ ফটো লগোৱা হৈছে । এইদৰেই এতিয়া লোকসভা নিৰ্বাচনলৈ মাজত কেইবামাহো থকা অৱস্থাতে কংগ্ৰেছত আৰম্ভ হৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ।

লগতে পঢ়ক: Gaganyaan TV D1 mission: মিছনৰ সফলতাৰ কথা ঘোষণা ইছৰোৰ মুৰব্বী এছ সোমনাথৰ