Shashi Tharoor Reacts on Mahua Issue: শশী-মহুৱাৰ ভাইৰেল ফটোক লৈ মুখ খুলিলে শশী থাৰুৰে

Shashi Tharoor Reacts on Mahua Issue Shashi Tharoor slams trolls over leaked Mahua Moitra pics
Shashi Tharoor Reacts on Mahua Issue: শশী-মহুৱাৰ ভাইৰেল ফটোক লৈ মুখ খুলিলে শশী থাৰুৰে

নতুন দিল্লী, ২৩ অক্টোবৰ: বিতৰ্কই যেন লগ এৰা নাই তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰক(Trinamool MP Mahua Moitra) । ‘কেছ ফৰ কুৱেৰী’ বিতৰ্কৰ মাজতে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ সৈতে মহুৱাৰ ব্যক্তিগত মুহূৰ্তৰ কেইবাখনো ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল (Moitra Tharoor Viral Photo) । শেহতীয়াকৈ এই ফটোক লৈ মহুৱাক কেন্দ্ৰ কৰি এক নতুন বিতৰ্কৰ সূচনা হৈছিল । অৱশ্যে এই ভাইৰেল ফটো সন্দৰ্ভত তৃণমূলৰ সাংসদগৰাকীৰ পৰা কোনো প্ৰতিক্ৰিয়া দেখা পোৱা নগ’ল যদিও এই সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ থাৰুৰে মুখ খুলিছে (Shashi Tharoor Reacts on Mahua Issue) ।

শেহতীয়াকৈ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে সংসদত উৎকোচক লৈ প্ৰশ্ন উত্থাপন কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (Cash for query) । এই সন্দৰ্ভত বিজেপিৰ সাংসদ নিশিকান্ত ডুবেয়ে অভিযোগ তুলি লোকসভাৰ অধ্যক্ষৰ লগতে চিবিআইৰ ওচৰতো এজাহাৰ দাখিল কৰিছে । তৃণমূলৰ সাংসদগৰাকীৰ বিৰুদ্ধে অভিযোগ, সংসদত আদানীৰ বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে তেওঁ ব্যৱসায়ী হিৰনন্দানীৰ পৰা উৎকোচ লৈছিল ।

এই অভিযোগ পোৱাৰ পিছতেই লোকসভাৰ অধ্যক্ষ ওম বিৰলা(Lok Sabha Speaker Om Birla)ই ঘটনাৰ তদন্ত এথিক্স সমিতিলৈ প্ৰেৰণ কৰে । ইফালে এই বিষয়টোক লৈ ৰাজনৈতিক মহল গৰম হৈ থকাৰ সময়তে শশী থাৰুৰৰ সৈতে মহুৱাৰ ব্যক্তিগত মুহূৰ্তৰ কেইবাখনো ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । ইয়াৰে এখন ছবিত হাতত গিলাচভৰ্তি পানীয় লৈ দুয়োগৰাকীক একেলগে দেখা গৈছে । একেধৰণে আন এখন ছবিত দুয়োগৰাকীক অন্তৰংগ হৈ থকা দেখা গৈছে।

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে তৃণমূলৰ সাংসদ মহুৱা মিত্ৰৰ সৈতে ভাইৰেল হোৱা এই ফটোৰ প্ৰসংগক লৈ এতিয়া মুকলিকৈ মুখ খুলিছে (Congress MP Shashi Tharoor) । তেওঁ কয়, “মোৰ জীৱনটো জনসাধাৰণৰ প্ৰতি উৎসৰ্গিত। এনে ক্ষেত্ৰত এনেধৰণৰ ট্ৰ’ল সস্তীয়া ৰাজনীতিৰ এটা অংশ মাত্ৰ । মোৰ মতে ই কোনো গুৰুতৰ বিষয় নহয়।”

অৱশ্যে শশী থাৰুৰৰ সৈতে মহুৱাৰ এই ফটোৰ সন্দৰ্ভত কংগ্ৰেছ অথবা তৃণমূলৰ ফালৰ পৰা কোনো মন্তব্য প্ৰকাশ পোৱা নায় । আনহাতে, মহুৱাৰ ‘কেচ ফৰ কুৱেৰী’ বিষয়টোক লৈও তৃণমূলে মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ।

এই সন্দৰ্ভত তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক ও’ব্রায়েনে দেওবাৰে কয় যে এই মুহূৰ্তত প্ৰসংগটোক লৈ দলে কোনো পদক্ষেপ লোৱাৰ পক্ষপাতী নহয় । সংসদীয় সমিতিৰ সিদ্ধান্তৰ পিছতহে মহুৱাৰ বিষয়টোক লৈ দলে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে, মহুৱাই উৎকোচক লৈ উত্থাপিত অভিযোগৰ সন্দৰ্ভত সংসদীয় সমিতি অথবা চিবিআইৰ প্ৰশ্নৰ সন্মুখীন হ’বলৈ সাজু বুলি উল্লেখ কৰিছে ।

লগতে পঢ়ক: Cash For Query: সংসদত আদানি গোটৰ বিৰুদ্ধে প্ৰশ্ন কৰি বিপদত সাংসদ মহুৱা মৈত্ৰ !