Dussehra 2023: বিজয়দশমীৰ ইতিহাস আৰু তাৎপৰ্য্য

Dussehra 2023 Vijayadashami History and Significance
Dussehra 2023: বিজয়দশমীৰ ইতিহাস আৰু তাৎপৰ্য্য

নিউজ ডেস্ক, ২৩ অক্টোবৰ: বিজয়া দশমী হৈছে প্ৰতি বছৰে নৱৰাত্ৰিৰ শেষত উদযাপন কৰা এক মুখ্য হিন্দু উৎসৱ । হিন্দু চন্দ্ৰ পঞ্জিকা অনুসৰি আহিন মাহত আৰু মহানৱমীৰ এদিন পাছত বা শাৰদীয় নৱৰাত্ৰিৰ শেষত শুক্ল পক্ষৰ দশমীৰ দিনা উদযাপন কৰা হয় বিজয়া দশমী অৰ্থাৎ দশেৰা (Dussehra falls on Shukla Paksha during month of Ashwin)। বিজয়া দশমীয়ে অশুভ শক্তিক পৰাজয় কৰি শুভ শক্তিৰ জয়ক চিহ্নিত কৰে । হিন্দু পৌৰাণিক কাহিনী(Hindu mythology) অনুসৰি ভগৱান ৰামে এই দিনটোতে লংকাৰ ৰাৱণক পৰাস্ত কৰিছিল (Lord Rama defeated demon king of Lanka Ravana)। আন এক কিংবদন্তিত কোৱা হৈছে যে ৯ দিন ধৰি চলি থকা তীব্ৰ যুদ্ধৰ অন্তত মা দুৰ্গাই মহিষাসুৰক পৰাস্ত কৰিছিল (Maa Durga defeated Mahishasura)।

এই দশেৰাতে দীপাৱলী উদযাপনৰো আৰম্ভণি হয়(Beginning of Diwali celebrations) । ভগৱান ৰাম, সীতা আৰু লক্ষ্মণৰ ঘৰলৈ উভতি অহাৰ উপলক্ষে আয়োজিত পোহৰৰ উৎসৱ(Festivals of light)ৰ বিশ দিন আগত উদযাপন কৰা হয় বিজয় দশমী অৰ্থাৎ দশেৰা (Dussehra 2023)। বিজয়দশমীৰ উৎসৱে অশুভ শক্তিৰ (অধৰ্ম) ওপৰত শুভৰ (ধৰ্ম) বিজয় আৰু আন্ধাৰৰ ওপৰত পোহৰৰ জয়ৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ ডাঙি ধৰাৰ কথা স্মৰণ কৰে । বিজয় দশমীৰ দিনা সকলোৰে সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰা হয় (Durga Puja 2023) । ইয়াৰ উপৰিও বিজয়া দশমীৰ দিনা দেশৰ বিভিন্ন স্থানত শামী গছক পূজা কৰাটো অতি তাৎপৰ্যপূৰ্ণ, কিয়নো অৰ্জুনে নিৰ্বাসনৰ সময়ত শামী গছৰ ভিতৰত নিজৰ অস্ত্ৰ লুকুৱাই ৰাখিছিল বুলি বিশ্বাস কৰা হয় ।

উত্তৰ ভাৰতৰ লগতে দেশৰ বহুকেইটা প্ৰান্তত লংকাৰ ৰজা, কুম্ভকৰ্ণৰ ভাতৃ ৰাৱণ আৰু ৰাৱণৰ সাহসী যোদ্ধা পুত্ৰ মেঘনাদৰ প্ৰতিমূৰ্তি জ্বলাই দশেৰা বা বিজয়দশমী উদযাপন কৰা হয় (Vijayadashami Celebrations) । নৱৰাত্ৰিৰ ন দিনৰ আটাইকেইটা দিনতে আয়োজন কৰা হয় ৰামৰ কাহিনীৰ এক প্ৰণয়ন ৰামলীলা । দশম দিনা ৰাৱণৰ হত্যাৰ লগে লগে বিজয়দশমী সমাপ্ত হয় । দশেৰাই পাপ বা বেয়া গুণৰ পৰা পৰিত্ৰাণ পোৱাটোও সূচায়, কিয়নো ৰাৱণৰ দহটা মুৰক বেয়া গুণৰ প্ৰতীক হিচাপে গণ্য কৰা হয়(Ten heads of Ravana symbolise one bad quality)।

অসম, পশ্চিমবংগ আদি ৰাজ্যত ভক্তসকলে মা দুৰ্গাৰ মূৰ্তি জলভাগত বিসৰ্জন দি তেওঁক বিদায় দিয়ে । লগতে অহাটো বছৰ পুনৰ আহি মৰ্তৰ সকলো অশুভ শক্তিক বিনাশৰ লগতে দুখ দুৰ্দশা দূৰ কৰি দেৱী দুৰ্গাই ধৰাৰ সকলোৰে ওপৰত দৃষ্টি ৰাখিবলৈ মনোবাঞ্চা কৰে ।

এইবাৰ বিজয়দশমী হ’ব ২৪ অক্টোবৰত অৰ্থাৎ কাইলৈ । বিজয়া মুহুৰ্ত(Vijaya Muhurat)ৰ সময় দুপৰীয়া ১:৫৮ বজাৰ পৰা আৰম্ভ হৈ বিয়লি ২:৪৩ বজাত অন্ত পৰিব । দুপৰীয়াৰ পূজাৰ সময় হৈছে দুপৰীয়া ১:১৩ বজাৰ পৰা বিয়লি ৩:২৮ বজালৈ । আনহাতে দশমী তিথি ২৩ অক্টোবৰৰ সন্ধিয়া ৫:৪৪ বজাত আৰম্ভ হৈ ২৪ অক্টোবৰৰ বিয়লি ৩:১৪ বজাত সমাপ্ত হ’ব ।

লগতে পঢ়ক: Durga Puja 2023: ব্যতিক্ৰমী কাৰ্যসূচীৰে নগাঁৱৰ এখন দুৰ্গা পূজা কমিতি