Ajmals controversial remarks on Muslims: অসমৰ সংস্কৃতিবান লোকে আজমলৰ কথা নুশুনে: ৰকিবুল হুছেইন

Badruddin Ajmals controversial remarks on Muslims MLAs Rakibul and Abdul Aziz criticized Badruddin Ajmal
Ajmals controversial remarks on Muslims: অসমৰ সংস্কৃতিবান লোকে আজমলৰ কথা নুশুনে: ৰকিবুল হুছেইন

নগাঁও, ২৫ অক্টোবৰ: এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে অপৰাধজনিত ঘটনাৰে মুছলমান লোকক জড়িত কৰি কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত বুধবাৰে চামগুৰি সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে নগাঁৱত এখন সংবাদমেল আয়োজন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (MLA Rakibul Hussain criticized Badruddin Ajmal) ।

বদৰুদ্দিন আজমলক কটাক্ষ কৰি ৰকিবুল হুছেইনে কয়, “মানুহৰ মাত কথাই মানুহৰ পৰিচয় । আমাৰ সভ্য সমাজত আজমলৰ দৰে মন্তব্য আনে নকৰে ।আচলতে বদৰুদ্দিন আজমলে কৰা কুৰুচীপূৰ্ণ মন্তব্য সন্দৰ্ভত মই উত্তৰ দিব নুখুজো (Ajmals controversial remarks on Muslims) । অসমৰ সংস্কৃতিবান লোকে আজমলৰ কথা শুনিব নিবিচাৰিব বাবেই মই সেই কথাৰ জালত ভৰি দিব খোজা নাই । বদৰুদ্দিন আজমলৰ কথাবোৰ শুনিলে তেওঁক ভালপোৱা মানুহেও টি ভি বন্ধ কৰি দিব । বদৰুদ্দিন আজমল কিবা কাৰণত ৰাজনীতিলৈ আহি সাংসদ হলেও তেওঁৰ কথা বাৰ্তা সভ্য সমাজৰ বাবে অনুকুল নহয় ।’

বদৰুদ্দিন আজমলৰ কথাবতৰাত তেওঁৰ কুৰুচীপূৰ্ণ ব্যক্তিত্ব প্ৰতিফলিত হৈছে বুলি উল্লেখ কৰি হুছেইনে কয়,”তেওঁ এফালে উগ্ৰ মিঠা আৰু আনফালে তেওঁ উগ্ৰ তিতা । এফালে তেওঁ মন্তব্য কৰিছে আনফালে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজত মই ভৰি দিব খোজা নাই ।”

আনহাতে বদৰুদ্দিন আজমলে মুছলমান যুৱক-যুৱতী সকল স্কুল-কলেজ নোযোৱা বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত ৰকিবুল হুছেইনে কয় যে তেওঁলোক নিজে স্কুল-কলেজ গৈছে নে নাই সেই কথা সোধক । তেওঁলোকে নিজে স্কুল কলেজ দেখা নাই আৰু আনক সমালোচনা কৰে ।

ইপিনে মুছলমান লোকৰ অপৰাধ প্ৰৱনতা সন্দৰ্ভত বদৰুদ্দিন আজমলে কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত নগাঁও জিলাৰ আন এগৰাকী সংখ্যালঘু নেতা তথা ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজে বুধবাৰে নগাঁও প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে প্ৰত্যেক মানুহে নিজৰ প্ৰকৃত ৰূপটোৰ পিনে ঢাল খায় (Abdul Aziz criticized Badruddin Ajmal) । মই প্ৰকৃততে কি সেই ফালেই ঢাল খাম । বদৰুদ্দিন আজমল ৰাজনীতিলৈ আহিলে যদিও তেওঁৰ প্ৰকৃত পৰিচয় দেখুৱাই দিলে । বদৰুদ্দিন আজমলে মুছলমান লোকৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ পৰা তেওঁৰ কোনোবা পৰামৰ্শদাতা আছে বুলি মোৰ সন্দেহ হয় । এই পৰামৰ্শদাতাজন তেওঁৰ নিজ দলৰো হ’ব পাৰে বা অন্য দলৰো হ’ব পাৰে বুলি আজিজে মন্তব্য কৰে ।

তাৰোপৰি জমিয়তৰ কৃপাত এ আই ইউ ডি এফ গঠন কৰি তিনিবাৰকৈ সাংসদ হোৱা বদৰুদ্দিন আজমলে নিজৰ ক্ষমতাক নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা নাই বুলি কটাক্ষ কৰি আব্দুল আজিজে লগতে কয় যে বদৰুদ্দিন আজমলে বৰ্তমান হকে বিহকে মন্তব্য দিবলৈ লৈছে । আজমলে জানে মই ইয়াতকৈ বেয়া কথা কলেও মোক ধৰিব পৰা মানুহ অসমত নাই ।

অপৰাধজনিত ঘটনাত মুছলমান মানুহ বেছিকৈ জড়িত বুলি কবলৈ তেওঁ কোন বুলি প্ৰশ্ন উত্থাপিন কৰি আজিজে কয় যে এই কথা কোনেও কোৱা উচিত নহয় । মুছলমান মানুহ কৃষি উৎপাদন, মৎস্য উৎপাদন, গো পালন, আগৰৰ ব্যৱসায় আদি বিভিন্ন ক্ষেত্ৰত আগৰণুৱা । এইবোৰৰ উপৰিও শিক্ষা-দীক্ষাতো মুছলমান লোকসকল আগবাঢ়ি গৈছে । কিন্তু সেই সম্পৰ্কে আজমলে কোনো মন্তব্য কৰা নাই । মুছলমান মানুহৰ বিৰুদ্ধে এনেধৰণৰ কথা কোৱা বদৰুদ্দিন আজমলক পুনৰ যাতে সাংসদ হিচাবে নিৰ্বাচিত নকৰে তাৰ বাবে সংখ্যালঘু ৰাইজক আহ্বান জনাইছো । কাৰণ সংসদতো গৈ জিভা পিচল খাই তেওঁ যিকোনো মন্তব্য কৰিব পাৰে । যিটো আমাৰ সকলোৰে বাবে ক্ষতিকাৰক হ’ব ।

লগতে পঢ়ক: Lok Sabha Elections 2024: প্ৰদ্যুৎ বৰদলৈ নে ৰকিবুল হুছেইন – কোনে পাব প্ৰাৰ্থিত্ব !