Expensive Divorce Case: ১ কোটি ১১ হাজাৰ টকাত নিষ্পত্তি হোৱা এখন বিবাহ বিচ্ছেদ

Expensive Divorce Case Panipats most expensive divorce settled at Rs 1crore 11 thousand in Haryana
Expensive Divorce Case: ১ কোটি ১১ হাজাৰ টকাত নিষ্পত্তি হোৱা এখন বিবাহ বিচ্ছেদ

নেশ্যনেল ডেস্ক, ২৫ অক্টোবৰ: হাৰিয়ানাৰ পানীপথ জিলাৰ এটা দম্পতীৰ বিবাহ বিচ্ছেদৰ গোচৰে সম্প্ৰতি সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে । কাৰণ, ই পানীপথ জিলাত আটাইতকৈ ব্যয়বহুল বিবাহ বিচ্ছেদ বুলি জানিব পৰা গৈছে (Expensive Divorce Case)। এই বিবাহ বিচ্ছেদ নিষ্পত্তি কৰা হৈছে ১ কোটি ১১ হাজাৰ টকাত । অৱশ্যে ইয়াৰ অধিকাংশ ধনেই দম্পতীটোৰ ৬ বছৰীয়া কন্যাৰ নামত ফিক্সড ডিপজিট হিচাপে থাকিব । তেওঁলোকৰ কন্যাৰ নামত বনোৱা হ’ব ৭০ লাখ টকাৰ এফ ডি আৰু খৰচৰ বাবে মহিলাগৰাকীক দিব লাগিব ৩০ লাখ ১১ হাজাৰ টকা ।

এয়া হৈছে পানীপথৰ আটাইতকৈ ব্যয়বহুল এখন বিবাহ বিচ্ছেদ :
৭ বছৰ পূৰ্বে পানীপথৰ এগৰাকী মহিলাই ৰোহটকৰ এজন ব্যৱসায়ীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । এই বিবাহৰ পাছতে তেওঁলোকৰ মাজলৈ আহিছিল এটি কন্যা সন্তান যাৰ বয়স এতিয়া ৬ বছৰ । পৰৱৰ্তী সময়ত ঘৰুৱা হিংসাৰ অভিযোগেৰে স্বামীৰ বিৰুদ্ধে পত্নীয়ে বিবাহ বিচ্ছেদৰ এটা গোচৰ ৰুজু কৰিছিল । মহিলা সুৰক্ষা আৰু বাল্য বিবাহ প্ৰতিৰোধ বিভাগৰ এগৰাকী বিষয়া(Women Protection and Child Marriage Prohibition Officer) ৰজনী গুপ্তাই উল্লেখ কৰা অনুসৰি, ‘পানীপথত এইখনেই হৈছে আটাইতকৈ ব্যয়বহুল বিবাহ বিচ্ছেদ । ইয়াৰ পূৰ্বে বিবাহ বিচ্ছেদ হৈছে যদিও ইমান বৃহৎ ধনৰাশিৰে পাৰস্পৰিক নিষ্পত্তি কেতিয়াও হোৱা নাছিল ।”

পত্নীয়ে কৰিছিল বলপূৰ্বক গৰ্ভপাতৰ অভিযোগ :
তেওঁলোকৰ দ্বিতীয় সন্তানটোৱে গৰ্ভধাৰণ কৰাৰ পিছতে স্বামীয়ে জোৰ কৰি তেওঁৰ গৰ্ভপাত কৰোৱা বুলি মহিলাগৰাকীয়ে অভিযোগ কৰে । গৰ্ভপাতৰ পিছতে মহিলাগৰাকীয়ে কোনো প্ৰকাৰে আৰক্ষীৰ কাষ চাপি তেখেতৰ স্বামীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল । ৰজনী গুপ্তাই জনোৱা অনুসৰি, মহিলাগৰাকীৰ অভিযোগ, দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী হোৱাৰ পিছত তেওঁৰ স্বামীয়ে ভ্ৰুণৰ লিংগ নিৰ্ণয়ৰ বাবে পৰীক্ষা কৰাইছিল । পৰীক্ষাত ভ্ৰুণটো ছোৱালীৰ বুলি ধৰা পৰাৰ পিছত বলপূৰ্বকভাৱে তেওঁৰ গৰ্ভপাত কৰোৱাই । অৱশ্যে মহিলাগৰাকীৰ এই সকলো অভিযোগ তেওঁৰ স্বামীয়ে অস্বীকাৰ কৰিছিল । তেওঁ ওলোটাই অভিযোগ কৰিছিল যে তেওঁৰ পত্নীয়েহে পিতৃৰ ঘৰলৈ গৈ গৰ্ভপাত কৰিছিল ।

ঘৰুৱা হিংসাৰ অভিযোগত ৰুজো হৈছিল বিবাহ বিচ্ছেদৰ গোচৰ :
এই গোচটোৰ কথা উল্লেখ কৰি মহিলা সুৰক্ষা আৰু বাল্য বিবাহ প্ৰতিৰোধ বিভাগৰ বিষয়া ৰজনী গুপ্তাই কয় যে, মহিলাগৰাকীয়ে ঘৰুৱা হিংসাৰ অভিযোগত স্বামীৰ বিৰুদ্ধে বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিছিল (Case of domestic violence)। পৰিয়াল আদালতে বিষযটোক লৈ দুয়োপক্ষৰে আলোচনাতো বহে । লগতে পৰিয়াল আদালতৰ কাউন্সেলৰ অৰ্থাৎ পৰামৰ্শদাতাই স্বামী-স্ত্ৰী দুয়োৰে লগত কথাও পাতে । ইফালে বিবাহ বিচ্ছেদৰ সিদ্ধান্তক লৈ দুয়ো আছিল অটল । অৱশেষত ১ কোটি ১১ হাজাৰ টকাত এই বিবাহ বিচ্ছেদ চূড়ান্ত কৰা হয় । লগতে মহিলাগৰাকীয়ে নিজৰ কন্যাক লগত ৰাখিব পাৰিব বুলি আদালতে সিদ্ধান্ত ঘোষণা কৰে ।

লগতে পঢ়ক: Bharat in School Textbooks: বিদ্যালয়ৰ পাঠ্যপুথিত ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে ‘ভাৰত’ ৰখাৰ পৰামৰ্শ এনচিইআৰটিৰ