A tragic death: ষ্টাণ্ট প্ৰদৰ্শনৰ সময়তে ট্ৰেক্টৰৰ তলত সোমাই এজন লোকৰ মৃত্যু

A tragic death man crushed to death while performing tractor stunt in punjabs gurdaspur
A tragic death: ষ্টাণ্ট প্ৰদৰ্শনৰ সময়তে ট্ৰেক্টৰৰ তলত সোমাই এজন লোকৰ মৃত্যু

চণ্ডীগড়, ২৯ অক্টোবৰ: পঞ্জাৱৰ গুৰদাসপুৰ জিলাত আয়োজিত গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতাৰ মাজতে দেওবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । ট্ৰেক্টৰেৰে ষ্টাণ্ট কৰি থকাৰ মাজতে ষ্টাণ্ট কৰা লোকজনে ট্ৰেক্টৰখনৰ তলত সোমাই প্ৰাণ হেৰুৱাব লগা হ’ল । ইতিমধ্যে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Horrifying video goes viral) ।

প্ৰাপ্ত খবৰ অনুসৰি ৰাজ্যখনৰ টেট গাঁৱৰ সুখমণ্ডীপ সিং (২৯) নামৰ এজন লোকে ট্ৰেক্টৰত দুঃসাহসিক অভিযান চলাবলৈ গৈ প্ৰাণ হেৰুৱাব লগা হয় । জানিব পৰা অনুসৰি ট্ৰেক্টৰৰ ষ্টাণ্টত খুবেই নিখুঁত আছিল লোকজন (Perfect in tractor stunt) । তেওঁৰ বহু ষ্টাণ্ট টেলিভিশ্যনত টেলিকাষ্টও হৈছিল, যাৰ বাবে তেওঁ সকলোৰে পৰিচিত এজন লোক হৈ পৰিছিল । কিন্তু, অৱশেষত দুৰ্ভাগ্যজনকভাৱে তেওঁৰ বাবে এই ষ্টাণ্টেই কাল হ’ল । ট্ৰেক্টৰত দুঃসাহসিক ষ্টাণ্ট কৰিয়েই তেওঁ হেৰুৱাব লগা হ’ল জীৱন(A tragic death ) । সুখমনদীপ নামৰ এই লোকজনৰ পত্নীয়ে পঞ্জাৱ আৰক্ষীত কৰ্মৰত । তেওঁলোকৰ এজন পুত্ৰ সন্তানো আছে ।

ঘটনাৰ সবিশেষঃ

গুৰদাসপুৰ জিলাৰ ফাতেহগড় চুৰিয়ান সমষ্টি(Fatehgarh Churian Constituency)ৰ অন্তৰ্গত সৰচুৰত গাঁৱত আয়োজন কৰা হৈছিল এখন ক্ৰীড়া প্ৰতিযোগিতাৰ । ক্ৰীড়া প্ৰতিযোগিতাখনত ভাগ লোৱাৰ উদ্দেশ্যেৰেই ষ্টাণ্টমেন সুখমান সিং তালৈ গৈছিল । এই দুঃসাহসিক ষ্টাণ্টটো কৰি থকাৰ সময়ত সুখমানে ট্ৰেক্টৰখনৰ আগৰ চকাটো ওপৰলৈ তুলি ষ্টাণ্ট কৰিছিল ।ইয়াৰ মাজতে হঠাৎ ট্ৰেক্টৰখন ওলোটাকৈ ৰৈ যায় আৰু লগে লগে তেওঁ ট্ৰেক্টৰখনৰ পৰা নামি আহে ।

ইফালে চলি থকা ট্ৰেক্টৰখনৰ চকাকেইটা ঘূৰিয়েই আছিল । সেয়েহে সুখমানে ট্ৰেক্টৰখন ৰখাবলৈ চেষ্টা কৰাৰ সময়তে তেওঁ বাহনখনৰ টায়াৰত ধৰিবলৈ চেষ্টা কৰে । ইয়াৰ মাজতে নিয়ন্ত্ৰণ হেৰুৱাই তেওঁ পিছফালৰ চকাৰ তলত সোমাই পৰে । যাৰ ফলত ষ্টাণ্টমেনজনে ট্ৰেক্টৰখন তলত আবদ্ধ হৈ পৰে । লগে লগে সেই স্থানত উপস্থিত লোকসকলে তেওঁক তলৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰিছিল যদিও তীব্ৰগতিত চলি থকা ট্ৰেক্টৰখনে সুখমান সিঙৰ গাৰ ওপৰেৰে পাৰ হৈ যায় । ইয়াৰ পিছতেই গুৰুতৰভাৱে আহত সুখমানক উদ্যোক্তাসকলে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।

সুখমান সিঙৰ এই শোকাৱহ মৃত্যুৰ পিছতে উদ্যোক্তাসকলে ক্ৰীড়া প্ৰতিযোগিতাখনৰ বাকী কাৰ্যসূচীসমূহ বাতিল কৰে । আনহাতে গুৰদাসপুৰৰ জিলা উপায়ুক্ত হিমাংশু আগৰৱালাই কোৱা অনুসৰি এই ঘটনাটো এটা ব্যক্তিগত অনুষ্ঠানত সংঘটিত হৈছে আৰু ইয়াক লৈ তদন্ত অব্যাহত আছে । ক্ৰীড়াৰ এই অনুষ্ঠানটো আয়োজন কৰিবলৈ আয়োজকসকলে প্ৰশাসনৰ পৰা কোনো পূৰ্ব অনুমতি লোৱা নাছিল । তেওঁ লগতে কয় যে যিসকলে সঠিক সুৰক্ষা নীতি মানি আগবাঢ়িব, পৰৱৰ্তী সময়ত তেওঁলোককহে এনে দুঃসাহসিক ক্ৰীড়াৰ অনুজ্ঞাপত্ৰ দিয়া হ’ব।

লগতে পঢ়ক: Police officer shot at by terrorists: শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ গুলীত আহত আৰক্ষী বিষয়া

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter)FacebookYouTubeThreads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)