Police officer shot at by terrorists: শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ গুলীত আহত আৰক্ষী বিষয়া

Jammu kashmir Police officer shot at by terrorists in Srinagar
Police officer shot at by terrorists: শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ গুলীত আহত আৰক্ষী বিষয়া

শ্ৰীনগৰ, ২৯ অক্টোবৰ: জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত পুনৰ সন্ত্ৰাসবাদীৰ গুলীচালনাৰ ঘটনা । শ্ৰীনগৰৰ ঈদগাহৰ সমীপত সংঘটিত এই আক্ৰমণত এগৰাকী আৰক্ষী বিষয়া গুৰুতৰভাৱে আহত হোৱাৰ তথ্য সদৰি কৰিলে আৰক্ষীয়ে (Police officer shot at by terrorists) ।

সন্ত্ৰাসবাদীৰ গুলীচালনাত আহত আৰক্ষী পৰিদৰ্শকজনক মছৰূৰ আহমদ বুলি চিনাক্ত কৰা হৈছে । এই আক্ৰমণৰ পিছতেই গুলীবিদ্ধ আহমদক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
.
জম্মু-কাশ্মীৰ আৰক্ষীয়ে(Jammu and Kashmir police) এক্স (পূৰ্বতে টুইটাৰ)ত দিয়া এটা পোষ্টত উল্লেখ কৰা অনুসৰি, “শ্ৰীনগৰৰ ঈদগাহৰ সমীপত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰি আৰক্ষী পৰিদৰ্শক মছৰূৰ আহমদক আহত কৰে । লগে লগে তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় । প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে(Preliminary investigation reveals), এই সন্ত্ৰাসবাদী আক্ৰমণত পিষ্টল ব্যৱহাৰ কৰা হৈছিল । ইতিমধ্যে ঘটনাক লৈ এটা গোচৰ পঞ্জীয়ন কৰাৰ লগতে সমগ্ৰ অঞ্চলটো ঘেৰি সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যাহত ৰখা হৈছে।”

শ্ৰীনগৰ আৰক্ষীয়ে জনোৱা মতে, শ্ৰীনগৰৰ ঈদগাহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা(Security has been tightened)ৰ লগতে আক্ৰমণকাৰীক সন্ধানত সমগ্ৰ অঞ্চলটো ঘেৰি অভিযান চলাই থকা হৈছে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২৬ অক্টোবৰত জম্মু-কাশ্মীৰৰ মাছল খণ্ডৰ কুপৱাৰা জিলাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ ৫জন সন্ত্ৰাসবাদী নিহত(Lashkar-e-Taiba terrorists killed) হৈছিল ।

লগতে পঢ়ক: Andhra Pradesh Train Accident: অন্ধ্ৰত দুখন ৰে’লৰ মাজত সংঘৰ্ষ, অতি কমেও ৬ জন লোকৰ মৃত্যুৰ আশংকা