Matthew Perrys tragic passing: তাৰকা মেথিউ পেৰীৰ কৰুণ মৃত্যুক লৈ একাংশৰ আঙুলি ক’ভিড ভেকচিনৰ ওপৰত !

MAGA circles point fingers at COVID vaccines in Matthew Perrys tragic passing
Matthew Perrys tragic passing: তাৰকা মেথিউ পেৰীৰ কৰুণ মৃত্যুক লৈ একাংশৰ আঙুলি ক’ভিড ভেকচিনৰ ওপৰত !

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩০ অক্টোবৰ: ৫৪ বছৰ বয়সত সকলোৰে প্ৰিয় ফ্ৰেণ্ডছ তাৰকা মেথিউ পেৰীৰ আকস্মিক মৃত্যু(Sudden passing of beloved Friends star Matthew Perry)ত তেওঁৰ অনুৰাগীসকলৰ লগতে বিশ্ববাসীকে স্তম্ভিত কৰি তুলিছে । এনবিচিৰ হিট ধাৰাবাহিক চেণ্ডলাৰ বিঙৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বিখ্যাত পেৰীক তেওঁৰ লছ এঞ্জেলছৰ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল (Famous role as Chandler Bing on hit NBC series)। স্থানীয় প্ৰশাসনে এতিয়াও মৃত্যুৰ কাৰণ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই । কিন্তু এই হৃদয়বিদাৰক ক্ষতিয়ে মূলত একাংশ মাগা চাৰ্কলচৰ প্ৰভাৱশালী লোক(MAGA influencers and vaccine skeptics) আৰু ভেকচিনৰ ওপৰত থকা সন্দেহবাদীসকলৰ পৰা ভিত্তিহীন প্ৰশ্নৰ উত্থাপন ঘটাই তেওঁৰ মৃত্যুত ক’ভিড-১৯ৰ ভেকচিনে ভূমিকা থকা বুলি দাবী কৰিছে ।

পেৰীৰ এই আকস্মিক মৃত্যু ক’ভিড-১৯ ৰ ভেকচিনৰ সৈতে সম্পৰ্কিত কোনো সুনিৰ্দিষ্ট প্ৰমাণ নথকাৰ পিছতো এই ভিত্তিহীন খবৰ প্ৰচাৰৰ বাবে ভেকচিনৰ ওপৰত সন্দেহ কৰা একাংশই ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিভিন্ন মন্তব্য দিয়া পৰিলক্ষিত হৈছে । পেৰীয়ে পূৰ্বে মহামাৰীৰ সময়ত ভেকচিনৰ সমৰ্থন কৰি তেওঁৰ বিখ্যাত চৰিত্ৰটোৰ জৰিয়তে এক হাস্যকৰ প্ৰসংগৰে এটা টি-চাৰ্ট পৰিধান কৰিছিল, য’ত লিখা আছিল: “মই আৰু টিকা ল’ব পাৰিমনে ?”

২০২২ চনৰ জৰ্জিয়াৰ ৰিপাব্লিকান দলৰ গৱৰ্ণৰ পদৰ প্ৰাথমিক প্ৰাৰ্থী কেণ্ডিছ টেইলৰে(Kandiss Taylor) এক্সত (পূৰ্বৰ টুইটাৰ) উল্লেখ কৰিছে যে, পেৰীৰ মৃত্যু আৰু ভেকচিনৰ মাজত কোনো সম্পৰ্ক থাকিব পাৰে । তেওঁ লিখিছে, “যেতিয়া ই সত্য হয় তেতিয়া ষড়যন্ত্ৰ নহয় । পাৰস্পৰিক সম্পৰ্ক মিছা নহয় । তাৎপৰ্য্য বিচাৰিবলৈ সকলো গৱেষণাই সেইটোৱেই কৰে । আপোনালোকে নিজৰ ক্ষোভক নিয়ন্ত্ৰণ কৰক আৰু আঁঠু লৈ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰক । যীচুক বিচাৰি উলিয়াওক । তেওঁ সকলো ৰোগৰ মূল্য দিছিল । নিৰাময় তেওঁৰ মাজত আছে।”

আন এগৰাকী উগ্ৰ সোঁপন্থী কৰ্মী লুৰা লুমাৰে(Far-right activist Laura Loomer) পেৰীৰ মৃত্যুৰ প্ৰসংগত প্ৰশ্ন উত্থাপন কৰি টুইটত লিখিছে, “মেথিউ পেৰীৰ ৫৪ বছৰ বয়সত মৃত্যু হৈছে। এনেকুৱা লাগিছে যেন তেওঁ জাকুজিত ডুব গৈছে। আচৰিত হ’ব লগা এয়ে যে, ই ক’ভিড ‘ভেক্সিন’ সম্পৰ্কীয় নেকি ? তেওঁ প্ৰায়েই কৈছিল যে, অত্যন্ত টিকাকৰণ হোৱাৰ বাবে গৌৰৱ অনুভৱ কৰিছো ।”

প্ৰাক্তন ৰিপাব্লিকান প্ৰাৰ্থী ৰবি ষ্টাৰবাকে পেৰীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা আৰু ক’ভিড-১৯ ভেকচিনৰ প্ৰতি তেওঁৰ সমৰ্থনৰ মাজত থকা সম্ভাৱ্য সম্পৰ্কৰ তদন্তৰ বাবেও আহ্বান জনায় । পুংখানুপুংখ অনুসন্ধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ষ্টাৰবাকে পেৰীৰ ইতিবাচক প্ৰভাৱৰ কথা স্বীকাৰ কৰে আৰু তেওঁৰ আপোনজনৰ প্ৰতি সমবেদনা প্ৰকাশ কৰে ।

এই অপ্ৰমাণিত দাবীবোৰ এক্স (পূৰ্বৰ টুইটাৰ)তো বিয়পি পৰা পৰিলক্ষিত হৈছে । মেট ৱালেছৰ দৰে এক্স ব্যৱহাৰকাৰীয়ে পেৰীৰ মৃত্যুৰ লগত ভেকচিনৰ বিষয়টো জড়িত থকাৰ অনুমান কৰিছে । মন কৰিবলগীয়া যে বিভিন্ন মৃত্যুৰ কাৰণ ক’ভিড-১৯ৰ টিকাকৰণ বুলি পূৰ্বতেও দাবী উত্থাপিত হৈ আহিছে যদিও এই দাবীবোৰ স্বাস্থ্য সংস্থাসমূহে ব্যাপকভাৱে প্ৰত্যাখান কৰিছে ।

২০২৩ চনৰ ১০ মে’লৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ ৮১%তকৈ অধিক লোকে ক’ভিড-১৯ ভেকচিনৰ কমেও এটা পালি লাভ কৰিছে । দেশখনৰ খাদ্য আৰু ঔষধ প্ৰশাসনে টিকাকৰণৰ পিছত হোৱা মৃত্যুৰ প্ৰতিবেদনসমূহ VAERS(Vaccine Adverse Event Reporting System)ক দিবলৈ নিৰ্দেশনা দিয়া আছে । এই নিৰ্দেশনা অনুসৰি ২০২০ চনৰ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ মাৰ্চ মাহৰলৈকে VAERS এইসমূহ প্ৰতিবেদনৰ ০.০০২৯% লাভ কৰিছে।

লগতে পঢ়ক: Security beefed up in Delhi churches: কেৰালা বিস্ফোৰণৰ পিছত দেশৰ ৰাজধানীত হাই-এলাৰ্ট, গীৰ্জাঘৰসমূহত নিৰাপত্তা বৃদ্ধি

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter)FacebookYouTubeThreads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)