Emergency alert messages: জৰুৰীকালীন সতৰ্কবাণী বাৰ্তাৰে হঠাৎ আপোনাৰ মোবাইল ফোনটো বাজি উঠিছে নেকি ?

Mobile phone users in Assam get sample emergency alert messages from govt
Emergency alert messages: জৰুৰীকালীন সতৰ্কবাণী বাৰ্তাৰে হঠাৎ আপোনাক মোবাইল ফোনটো বাজি উঠিছে নেকি ?

গুৱাহাটী, ৩০ অক্টোবৰ: এটা জৰুৰীকালীন সতৰ্কবাণী বাৰ্তাৰ মেচেজেৰে(emergency alert messages) হঠাৎ আপোনাৰ ফোনটো বাজি উঠিছে নেকি ? বাজাৰৰ দৰে এটা শব্দৰে এই জৰুৰীকালীন সতৰ্কবাণী বাৰ্তাৰ এই মেচেজটো আপোনাৰ মবাইললৈকো আহিছে নেকি? যদি আহিছে ইয়াক লৈ আপুনি চিন্তিত হোৱাৰ কোনো কাৰণ নাই । পিছে কি আছে আপোনাৰ মোবাইললৈ অহা এই জৰুৰীকালীন সতৰ্কবাণী বাৰ্তাৰ মেচেজটোত ? আপোনালৈ কোনে প্ৰেৰণ কৰিছে এই মেচেজ ? জানিবলৈ পঢ়ক এই প্ৰতিবেদনটি ।

যোৱা কেইটামান দিন ধৰি অসমকে ধৰি দেশৰ বহুকেইখন ৰাজ্যৰ মোবাইল ব্যৱহাৰকাৰীয়ে মোবাইল ফোনত বাজাৰ বজাৰ দৰে এটা শব্দৰে জৰুৰীকালীন সতৰ্কবাণী বাৰ্তা লাভ কৰিছে(Message with a buzzer-like sound) ।
.
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ(National Disaster Management Authority)ই ৰূপায়ণ কৰি থকা জৰুৰীকালীন সতৰ্কতা ব্যৱস্থাৰ পাইলট পৰীক্ষণৰ অংশ হিচাপে যোগাযোগ মন্ত্ৰালয়ৰ অধীনস্থ দূৰসংযোগ বিভাগে(DoT) ইয়াক আপোনালোকলৈ প্ৰেৰণ কৰিছে ।

সতৰ্কবাণীৰ শব্দ আৰু হঠাতে Emergency alert: Extreme বুলি লিখা এটা বাৰ্তা লোকসকলৰ মোবাইলত বাজি উঠাৰ পিছত বহুতে কেইছেকেণ্ডমানৰ বাবে আতংকিত হৈ পৰিছিল যদিও বাৰ্তাটো পঢ়াৰ পিছত তেওঁলোকে এই সতৰ্কবাণীৰ আঁৰৰ কাৰণটো বুজিব পাৰিছে ।

চৰকাৰী সূত্ৰই জনোৱা মতে, এইয়া হৈছে ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগে চেল ব্ৰডকাষ্টিং চিষ্টেমৰ জৰিয়তে প্ৰেৰণ কৰা এটা নমুনা পৰীক্ষণ বাৰ্তা ।

ইংৰাজী, হিন্দী, অসমীয়াকে ধৰি বহুকেইটা ভাষাৰে দেশৰ বিভিন্ন প্ৰান্তৰ মোবাইল ব্যৱহাৰকাৰীসকললৈ অহা মেচেজটো এনে ধৰণৰ- “এইটো ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগৰ দ্বাৰা চেল সম্প্ৰচাৰ ব্যৱস্থা(Cell Broadcasting System by DoT) ৰ জৰিয়তে প্ৰেৰণ কৰা এটা নমুনা পৰীক্ষা বার্তা। অনুগ্ৰহ কৰি এই বাৰ্তাটো আওকাণ কৰক কাৰণ আপোনাৰ ফালৰ পৰা কোনো ব্যৱস্থা লোৱাৰ প্রয়োজন নাই। এই বাৰ্তাটো ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ৰূপায়ণ কৰি থকা প্যান ইণ্ডিয়া ইমার্জেন্সি এলার্ট চিষ্টেম পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ সুৰক্ষা বৃদ্ধি কৰা আৰু জৰুৰীকালীন অৱস্থাত সময়মতে সতর্কবাণী প্রদান কৰা।”

শেহতীয়াকৈ এক্স, ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামকে ধৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই সতৰ্কবাণীৰ স্ক্ৰীণশ্বটৰ পোষ্টেৰে ভৰি পৰিছে । কোনোৱে এক্সত পোষ্ট কৰ লিখিছে, “আপোনালোকৰ কোনোবাই মোবাইলত এই জৰুৰীকালীন সতৰ্কবাণী বাৰ্তা পাইছেনে ? এলাৰ্ট শব্দটো ইমানেই বিৰক্তিকৰ আছিল যে ক্ষন্তেক সময়ৰ বাবে মই ভাবিবলৈ বাধ্য হৈছিলো যে, মোৰ ফোনটো বেয়াই হৈ গ’ল নেকি ? পাছত যেনিবা সতৰ্কবাণীটো পঢ়াৰ পিছতহে উশাহ লৈছো ।

যোৱা কেইটা দিনত জৰুৰীকালীন সতৰ্কতা ব্যৱস্থাৰ পাইলট পৰীক্ষণৰ অধীনত দূৰসংযোগ বিভাগে প্ৰায় ৯৯.৯৯ শতাংশ মোবাইল ব্যৱহাৰকাৰীক সামৰি লবলৈ সক্ষম হৈছে বুলি ড’টৰ তৰফৰ পৰা জানিব পৰা গৈছে । এই পৰীক্ষণৰ পাছত হ’ব পৰা যিকোনো দুৰ্যোগৰ সময়ত ৰাজ্যৰ বিশেষ জিলা আৰু অঞ্চললৈও এই বাৰ্তা প্ৰেৰণ কৰিব পৰা যাব বুলি ড’ট নিশ্চিত হৈছে ।

লগতে বাকী ৰোৱা ০.০১ শতাংশ মোবাইল ফোনত বাৰ্তা লাভ কৰিব নোৱাৰাৰ বিষয়টোৰ ওপৰতো তেওঁলোকে কাম কৰি আছে । কিছুমান বিশেষ মোবাইল ফোনলৈ এই সতৰ্কবাণী বাৰ্তাটো প্ৰেৰণ কৰিব পৰা হোৱা নাই । সেয়েহে সেই মোবাইলবোৰৰ মেক সন্দৰ্ভত নিৰ্মাতাসকলৰ লগত যোগাযোগ কৰি যাতে সেই চিষ্টেমটোৱে এই বিশেষ সতৰ্কবাণী লাভ কৰে তাৰ বাবেও আগন্তুক এমাহত এই কাম সম্ভৱ কৰিবলৈ চেষ্টা কৰিব বুলি জানিব পৰা গৈছে ।

ড’ট অৰ্থাৎ দূৰসংযোগ বিভাগে সতৰ্ক বাৰ্তা, সংবাদ মাধ্যম আৰু অন্যান্য যোগাযোগ মাধ্যমৰ জৰিয়তে সকলোকে আহ্বান জনাই আহিছে যাতে বাৰ্তাসমূহৰ বাবে কোনেও আতংকিত নহয় । “আমি এই কাম এইবাবেই কৰিছো যাতে তেওঁলোকৰ অঞ্চলত আঘাত হানিব পৰা যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ পূৰ্বেই সকলোকে সচেতন কৰিব পৰা যায় । মানুহক সহায় কৰিবলৈ ই এক জৰুৰীকালীন সতৰ্কতা ব্যৱস্থা।’- দূৰসংযোগ বিভাগৰ এগৰাকী বিষয়াই এইদৰে উল্লেখ কৰে ।।

বিষয়াগৰাকীয়ে কয়, যদি চৰকাৰে ঘূৰ্ণীবতাহ, বান, বিজুলী, হিমবাহৰ বিস্ফোৰণৰ দৰে যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আগতীয়াকৈ তথ্য প্ৰদান কৰে, তেন্তে দুৰ্যোগৰ আঘাতৰ পূৰ্বে সকলোৱে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰিব ।

লগতে পঢ়ক: Matthew Perrys tragic passing: তাৰকা মেথিউ পেৰীৰ কৰুণ মৃত্যুক লৈ একাংশৰ আঙুলি ক’ভিড ভেকচিনৰ ওপৰত !

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter), Facebook, YouTube, Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)