Huge fire broke out in Bengaluru: বাছ আস্থানত ভয়াৱহ অগ্নিকাণ্ড, জাহ গ’ল ৪০খনতকৈও অধিক বাছ

Huge fire broke out in Bengaluru Over 40 buses gutted in fire in Bengaluru no injuries reported
Huge fire broke out in Bengaluru: বাছ আস্থানত ভয়াৱহ অগ্নিকাণ্ড, জাহ গ'ল ৪০খনতকৈও অধিক বাছ

বাংগালুৰু, ৩০ অক্টোবৰ: সোমবাৰে বাংগালুৰুৰ এটা বাছ আস্থানত সংঘটিয় হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা(Huge fire broke out in Bengaluru) । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি সন্দেহ কৰা হৈছে ।

স্থানীয় লোকসকলে জানিবলৈ দিয়া অনুসৰি বেংগালুৰুৰ বীৰভদ্ৰ নগৰ(Veerbhadra Nagar in Bengaluru)ৰ সমীপৰ এটা বেচৰকাৰী বাছ আস্থানত এই বিশাল অগ্নিকাণ্ডটোত ৪০খনতকৈও অধিক বাছ ভস্মীভূত হৈছে (40 buses gutted)।

বৰ্তমান ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

ঘটনাস্থলীত স্থানীয় প্ৰশাসনৰ লগতে আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ লগতে ঘটনাক লৈ অনুসন্ধান আৰম্ভ কৰিছে । আৰক্ষীৰ মতে, অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি সন্দেহ কৰা হৈছে । জানিব পৰা মতে বাছ ষ্টেণ্ডটোৰ সমীপতে এটা গেৰেজ আছিল ।

অৱশ্যে এই পৰ্যন্ত কোনো লোক হতাহত বা আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা নাই । ঘটনাস্থলী মুকলি হোৱাৰ বাবেই জুই লগাৰ লগে লগে সেই স্থানত থকা লোকসকলে তৎক্ষণাতে তাৰ পৰা আঁতৰি যাবলৈ সক্ষম হয় ।

লগতে পঢ়ক: Emergency alert messages: জৰুৰীকালীন সতৰ্কবাণী বাৰ্তাৰে হঠাৎ আপোনাৰ মোবাইল ফোনটো বাজি উঠিছে নেকি ?

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter)FacebookYouTubeThreads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)