No Connection To Cricket: বিশ্বকাপত ৰতন টাটাই আফগান ক্ৰিকেটাৰক দিছিল নেকি ১০ কোটি টকা ?

খবৰ ওলাইছিল যে, উদ্যোগপতি ৰতন টাটা(Indian industrialist Ratan Tata)ই এজন আফগান ক্ৰিকেটাৰক ১০ কোটি টকা প্ৰদান কৰিছে । অৱশেষত এই প্ৰসংগটোক লৈ ভাৰতীয় উদ্যোগপতিগৰাকীয়ে মুখ খুলিবলৈ বাধ্য হ'ল । পিছে কি ক’লে তেখেতে জানো আহক ?

No Connection To Cricket Ratan Tata refutes reports of promising to pay Rashid Khan Rs 10 crore
No Connection To Cricket: বিশ্বকাপত ৰতন টাটাই আফগান ক্ৰিকেটাৰক দিছিল নেকি ১০ কোটি টকা ?

নেশ্যনেল ডেস্ক, ৩০ অক্টোবৰ: সমগ্ৰ বিশ্বজুৰি হৈ থকা ক্ৰিকেটৰ জ্বৰৰ মাজতে আফগানিস্তানৰ এজন ক্ৰিকেটাৰক ভাৰতীয় উদ্যোগপতি ৰতন টাটাই ১০ কোটি টকা দিয়াৰ এটা খবৰ চৰ্চালৈ আহিছিল । এই চৰ্চা চলি থকাৰ মাজতেই উদ্যোগপতিগৰাকী(Indian industrialist Ratan Tata)য়ে বিষয়টোৰ সন্দৰ্ভত দিলে প্ৰতিক্ৰিয়া । ৰতন টাটাই ক’লে যে গোটেই খবৰটো ভুৱা। তেখতে কাকো আৰ্থিকভাৱে সহায় কৰা নাই। তাৰোপৰি কোনো সহায়ৰ প্ৰতিশ্ৰুতিও দিয়া নাছিল(Cricket World Cup 2023) ।

বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰিছিল আফগানিস্তানে(Afghanistan defeated Pakistan in World Cup) । সেই মেচখনৰ পাছত একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে পাকিস্তানক পৰাস্ত কৰি ভাৰতৰ পতাকা লৈ বিজয় উদযাপন কৰাৰ বাবে ৰছিদ খানে আইচিচিৰ পৰা শাস্তিৰ সন্মুখীন হৈছিল(Rashid Khan punished by the ICC) । সেইবাবেই টাটাই তেওঁক ১০ কোটি টকা দিছিল। এই খবৰৰ পিছতে টাটা গোটৰ অধ্যক্ষগৰাকীয়ে মুখ খোলে(Chairman of the Tata group) ।

“মই কোনো ক্ৰিকেটাৰক জৰিমনা বিহিবলৈ বা কোনো ক্ৰিকেটাৰক আৰ্থিক সাহায্য দিবলৈ আইচিচি বা কোনো সংগঠনক পৰামৰ্শ দিয়া নাই । ক্ৰিকেটৰ সৈতে মোৰ কোনো সম্পৰ্কই নাই (No Connection To Cricket) ।” – সামাজিক মাধ্যম এক্সত এইদৰে উল্লেখ কৰি উদ্যোগপতিগৰাকীয়ে সকলোকে এনে বাতৰিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই তেওঁ লিখিলে, “অনুগ্ৰহ কৰি হোৱাটছএপত বিয়পি পৰা এনে বাতৰি বা ভিডিঅ’বোৰৰ প্ৰতি কোনেও মনোযোগ নিদিব। যদি মোৰ কিবা ক’বলগা থাকে, সেয়া মোৰ ব্যক্তিগত মাধ্যমেৰে অবগত কৰিম।”

টাটাৰ ভুৱা বাতৰিটো চৌদিশে বিয়পি পৰাৰ পিছতে বহুতে ছচিয়েল মিডিয়াত টাটাৰ প্ৰশংসা কৰিবলৈ আৰম্ভ কৰে । আনকি একাংশই আন উদ্যোগপতিসকলকো তেওঁৰ পৰা শিকিবলৈ পৰামৰ্শ দিয়া পৰিলক্ষিত হয় । কিন্তু টাটাৰ এই স্পষ্টিকৰণৰ পাছত এই তথ্য ভুল বুলি প্ৰমাণিত হ’ল । আনকি ৰছিদক আই চি চিৰ তৰফৰ পৰা শাস্তি দিয়া বা নিদিয়াৰো কোনো তথ্য নাই । তাৰোপৰি আইচিচি অথবা আফগানিস্তানৰ দলটোৱেও এই লৈ কোনো প্ৰতিক্ৰিয়াও দিয়া নাছিল । গতিকে গোটেই উৰাবাতৰিটো যে ভুৱা আছিল সেয়া প্ৰমাণিত হ’ল ।

লগতে পঢ়ক: Matthew Perrys tragic passing: তাৰকা মেথিউ পেৰীৰ কৰুণ মৃত্যুক লৈ একাংশৰ আঙুলি ক’ভিড ভেকচিনৰ ওপৰত !

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)