ED Summons Arvind Kejriwal: দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত অৰবিন্দ কেজৰিৱাললৈ ইডিৰ চমন

চিবিআইয়ে ইয়াৰ পূৰ্বেও সুৰা কেলেংকাৰীৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক তলব কৰাৰ লগতে জেৰাও চলাইছিল । সোমবাৰে উচ্চতম ন্যায়ালয়ে মনীষ ছিছোদিয়াৰ জামিন নাকচ কৰাৰ পিছতেই ইডিয়ে চমন জাৰি কৰি কেজৰিৱালক মাতি পঠিওৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ।

ed summons arvind kejriwal to appear before it on nov 2 for questioning in delhi excise case
ED Summons Arvind Kejriwal: দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত অৰবিন্দ কেজৰিৱাললৈ ইডিৰ চমন

নতুন দিল্লী, ৩০ অক্টোবৰ: দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক পুনৰ চমন জাৰি কৰিছে (ED Summons Arvind Kejriwal)। পূৰ্বেও যোৱা ২ নৱেম্বৰত তেওঁক মাতি পঠোৱা হৈছিল । ইয়াৰ পিছতে চিবিআইয়ে গোচৰটোৰ সন্দৰ্ভত কেজৰিৱালক চলিত বছৰৰ এপ্ৰিল মাহত জেৰাও কৰিছিল ।

এই গোচৰতে চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক চিবিআইয়ে গ্ৰেপ্তাৰ কৰা গোচৰটোৰ সন্দৰ্ভতে প্ৰৱৰ্তন সঞ্চালকালয়ে কেজৰিৱালক পুনৰ চমন জাৰি কৰা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, দিল্লীৰ সুৰা কেলেংকাৰীৰ এই গোচৰটোত প্ৰায় ৩৩৮ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে । ইতিমধ্যেই চিবিআইয়ে আদালতত দাবী কৰিছে যে দিল্লী চৰকাৰৰ শীৰ্ষ বিষয়াসকলো এই কেলেংকাৰীটোৰ সৈতে জড়িত আছিল । এই কেলেংকাৰীত মনীষ ছিছোদিয়াই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি অভিযোগ কৰা হৈছে ।

অনুসন্ধানকাৰী সংস্থাটোৱে দাবী কৰিছিল যে আপ শাসিত চৰকাৰখনে দিল্লীৰ আবকাৰী নীতি এনেদৰে প্ৰস্তুত কৰিছিল যাতে ইয়াৰ ফলত একাংশ সুৰা ব্যৱসায়ী উপকৃত হয় । উৎকোচৰ বিনিময়ত একাংশ সুৰা ব্যৱসায়ীক এই সুবিধা প্ৰদান কৰা হৈছিল । যাৰ ফলত চৰকাৰৰ শীৰ্ষ বিষয়াসকলেও উৎকোচৰ জৰিয়তে বৃহৎ পৰিমানৰ আৰ্থিক সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল ।

ইফালে আম আদমী পাৰ্টিয়ে অৰবিন্দ কেজৰিৱাললৈ জাৰি কৰা ইডিৰ এই চমনৰ তীব্ৰ বিৰোধিতা কৰিছে । দিল্লীৰ চৰকাৰৰ এগৰাকী মন্ত্ৰী তথা আপৰ নেতা সৌৰভ ভৰদ্বাজে কয়, “কেন্দ্ৰীয় চৰকাৰৰ একমাত্ৰ লক্ষ্য হৈছে আপক ধ্বংস কৰা। এই উদ্দেশ্যতেই মিছা অভিযোগত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জেললৈ পঠোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে ।”

আনহাতে দিল্লী বিজেপিৰ নেতা হৰিশ খুৰাণাই দাবী কৰিছে যে অৰবিন্দ কেজৰিৱালেই হৈছে এই দুৰ্নীতিৰ গোচৰৰ মাষ্টাৰমাইণ্ড । এতিয়া তেওঁ এই দুৰ্নীতিৰ লগত জড়িত সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব, কিয়নো ইডিয়ে তেওঁক আকৌ মাতি পঠিয়াইছে । লগতে বিজেপিয়ে অৰবিন্দ কেজৰিৱালক মুখ্যমন্ত্ৰী পদৰ পৰাও পদত্যাগ দাবী কৰিছে ।

সোমবাৰে উচ্চতম ন্যায়ালয়ে মনীষ ছিছোদিয়াৰ জামিন নাকচ কৰাৰ পিছতেই একেদিনাই অৰবিন্দ কেজৰিৱাললৈ ইডিয়ে প্ৰেৰণ কৰা চমনে এক বিশেষ তাৎপৰ্য বহন কৰা বুলি উল্লেখ কৰিলে সচেতন মহলে ।

লগতে পঢ়ক: No Connection To Cricket: বিশ্বকাপত ৰতন টাটাই আফগান ক্ৰিকেটাৰক দিছিল নেকি ১০ কোটি টকা ?

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)