Assamese film Raghav: চাৰি দিনৰ দিনাই বহু ছবিগৃহই বিদাই দিলে ‘ৰাঘৱ’ক!

যোৱা চাৰি দিনৰ দিনাই বহু হলৰ পৰা অসমীয়া চিনেমা 'ৰাঘৱ'ক বিদাই দিলেই বোলে ! ষাঠিটা চিনেমা হলত মুক্তি দিয়া 'ৰাঘৰ'ৰ এনে দুৰৱস্থাৰ বাবে এহাতে নায়কে ৰাইজক চিনেমাখন চাবলৈ অনুৰোধ জনোৱাৰ বিপৰীতে ফুপজহী প্ৰযোজিকাৰ ফুটনি মৰা মন্তব‍্যই আগতীয়া বিদাইপৰ্বত যথেষ্ট সহায় কৰিলে যেন লাগে ।'' -আজিৰ মতামতত ৰূপজ‍্যোতি গোস্বামীৰ এক প্ৰতিবেদন ।

Assamese film Raghav Many theaters say goodbye to Raghav in four days
Assamese film Raghav : চাৰি দিনৰ দিনাই বহু ছবিগৃহই বিদাই দিলে 'ৰাঘৱ'ক !

ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অভিনেত্ৰী কঙ্গনাৰ ছবিও মুক্তিৰ তিনিদিনৰ পাছত টিকেট বিক্ৰী শূন‍্য বুলি কিয় প্ৰচাৰ চলিছে ? অভিনেত্ৰীগৰাকীৰ অভিনয় প্ৰতিভাত কাৰো সন্দেহ নাই । নহ’লে তিনিটাকৈ শ্ৰেষ্ঠ অভিনেত্ৰী আৰু এটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটাৰ লগতে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ নকৰিলেহেঁতেন !

আনহাতে, যোৱা চাৰি দিনৰ দিনাই বহু হলৰ পৰা অসমীয়া চিনেমা ‘ৰাঘৱ’ক বিদাই দিলেই বোলে(Assamese film Raghav) ! ষাঠিটা চিনেমা হলত মুক্তি দিয়া ‘ৰাঘৱ’ৰ এনে দুৰৱস্থাৰ বাবে এহাতে নায়কে ৰাইজক চিনেমাখন চাবলৈ অনুৰোধ জনোৱাৰ বিপৰীতে ফুপজহী প্ৰযোজিকাৰ ফুটনি মৰা মন্তব‍্যই আগতীয়া বিদাইপৰ্বত যথেষ্ট সহায় কৰিলে যেন লাগে । পৰিৱেশ-পৰিস্থিতি চাই অনুমান হৈছিল, অসমৰ একাংশ দৰ্শকে হয়তু চিনেমাখন দেৰিকৈ হ’লেও চালেহেঁতেন । কিন্তু নায়ক পত্নীৰ এই কাণ্ডই ভৱিষ‍্যতৰ পথ বন্ধ কৰিলে যেন লাগিছে । অসমৰ এক বিশেষ গোষ্ঠীৰ প্ৰযোজনাত হ’বলগীয়া চিনেমাৰ পৰা এতিয়া নাম নাকাটিলেই ৰক্ষা । ৰাইজে ত‍্যাগ কৰা নায়কক লৈ বিপদ বঢ়াবলৈ বিচাৰিবনে নিবিচাৰে সেয়া সময়তহে জনা যাব ?

চোৱা-নোচোৱাৰ কাৰণ যিয়েই নহওক, প্ৰযোজক পক্ষই কোৱাৰ দৰে যদি হয়, চিনেমাৰ প্ৰচাৰত আগ-ভাগ লোৱা কলেজকেইখনৰ নেতৃস্থানীয় ছাত্ৰ-ছাত্ৰীকেইজনক সেই অঞ্চলত চাব পৰাকৈ টিকেটৰ সুবিধা কৰি দিছিল নে ? দিছিল যদি ভাল কথা বাৰু । মই যিমান দূৰ শুনিছোঁ, তেনে চিন্তা তেওঁলোকে কৰা নাই । তাতে আকৌ ফুটনি মাৰে – টকা ঘটিবলৈ চিনেমা কৰা নাই ! এনেবোৰ কথাই কিছু সদয় হোৱা যেন লগা আৱেগিক অসমীয়া দৰ্শকক পদুলিমুখতে বাট বন্ধ কৰিলে ।

এতিয়া সেই চিনেমাত অভিনয় কৰা এগৰাকী জ‍্যেষ্ঠ অভিনেত্ৰী মৃদুলা বৰুৱাই চিনেমাখন দৰ্শক ৰাইজে আদৰি নোলোৱাত ক্ষোভ প্ৰকাশ কৰিছে । ভাল কথা । নিজে অভিনয় কৰা চিনেমাখনৰ দুৰৱস্থাৰ সময়ত তেখেত আৰু চিনেমাখনৰ কলা-কুশলীৰ কষ্টৰ কথা মনত পৰিল । কিন্তু আন চিনেমা নিৰ্মাতা-কলা-কুশলীৰ বিপৰ্য‍্যয়ৰ সময়ত এনে আৱেগিক মন্তব‍্য আগতে তেখেতে কোনো দিনে দিয়া দেখা নাপালোঁ । তেখেত এগৰাকী অতি কুশলী আৰু জনপ্ৰিয় অভিনেত্ৰী । গতিকে, ব‍্যৱসায়িকভাৱে সফল নোহোৱা অথচ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সন্মান বুটলি অনা ছবিকেইখনক লৈ কিবা এষাৰ মন্তব‍্যত প্ৰেৰণা লাভ কৰিলেহেঁতেন । কাৰোবাক উৎসাহ দিছিলনে, সেই ছবিকেইখন চাবলৈ অনুৰোধ জনাইছিলনে ? নে তেখেতৰ মানত আনৰ কষ্টৰ কোনো মূল‍্য নাই ? অৱশ‍্যে, বলীউডৰ কঙ্গনাৰ দৰে মৃদুলা বৰুৱাৰ ফেন ফ’ল’য়িং নাই ।

বলীউডত কঙ্গনাৰ দৰে বৃহৎ ‘ফেন-ফ’ল’য়িং’ থকাৰ পিছতো চিনেমাৰ কি দুৰৱস্থা ৰাইজে নিশ্চয় মন কৰিছ । তাতে চৰকাৰী দলটোৰ প্ৰতি বিশেষ আনুগত‍্য ইতিমধ‍্যে দেশৰ ৰাইজে দেখিছেই, তাৰ প্ৰমাণ গাতে লাগিয়েই থাকে । তথাপিও চিনেমাখন বচাব নোৱাৰিলে । দলীয় সমৰ্থকসকলে চিনেমাখন চোৱা হ’লেই ৰক্ষা পৰিলহেঁতেন । কিন্তু বাস্তৱত এটা কথা প্ৰমাণ হ’ল – তোমাৰ চিনেমা চাবলৈ যোৱা সৰহ সংখ‍্যক দৰ্শক তুমি আনুগত‍্য দেখুওৱা দলটোৰে সম্পৰ্ক নাই । তোমাৰ শিল্প কৰ্মৰ সৈতে তেওঁলোক সম্পৰ্কিত । তুমি আনুগত‍্য দেখুওৱা দলটোৰ সমৰ্থনত কৰা মন্তব‍্যই তোমাৰ অৰাজনৈতিক বা সেই দলক সমৰ্থন নকৰা বহু অনুগামী ৰুষ্ট হৈছিল, ক্ষুণ্ণ হৈছিল । তাৰু উচিত প্ৰত‍্যুত্তৰ দিবলৈ বাট চাই আছিল । সেই সুযোগ তেওঁলোকে পাইছে , তাৰ প্ৰমাণ ‘তেজস্ব’ । কাৰণ, তুমি ৰাইজক চিনেমাখন চালৈ বিশেষভাৱে অনুৰোধ কৰিব লগাত পৰিলা । যিটো আগতে কৰিবলগীয়া হোৱা নাছিল । এতিয়া চাৰিটাকৈ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অভিনেত্ৰীৰ ছবিও মুক্তিৰ তিনিদিনৰ পাছত টিকেট বিক্ৰী শূন‍্য বুলি ইতিমধ‍্যে সামাজিক মাধ‍্যমত প্ৰচাৰ চলিছে । যদি সঁচা প্ৰচাৰ হয়, ই ভাৰতীয় চিনেমাৰ ইতিহাসত দুৰ্ভাগ‍্যজনক অভিলেখ । এনে অভিলেখৰ গৰাকী হোৱাতো অতন্ত‍্য দুখজনক ।

এতিয়া একে পৰিস্থিতি ‘ৰাঘৱ’ৰো। সময়লৈ বাট চাই থকা ৰাইজে উচিত প্ৰত‍্যুত্তৰ সময়ত দিলে । যতীন বৰাৰ বিৰুদ্ধে চল চাই চাপৰি বজোৱা সস্তীয় ৰাজনীতিৰ অভিযোগ উত্থাপন কৰি চিনেমা চাবলৈ নোযোৱাসকলে চিনেমা চোৱাসকলৰ প্ৰতি কোনো অভিযোগো উত্থাপন কৰা নাই । কিন্তু চিনেমাখন নোচোৱাসকলৰ প্ৰতি চৰকাৰী ৰাজনৈতিক দলৰ নেতাসকলে যথেষ্ট শ্লেষাত্মক মন্তব‍্য কৰা দেখা গৈছে । অসমীয়া চিনেমা উদ‍্যোগ ধ্বংস হ’ব বুলি হামৰাও কাঢ়িছে । এইখন চিনেমা নাচালেই উদ‍্যোগটো ধ্বংস হ’ব বুলি ভবা চৰকাৰী নেতাসকলে যোৱা সময়ছোৱাত অসমৰ চিনেমা উদ‍্যোগৰ উন্নতিৰ বাবে কি কৰিলে ? কেইটা মিনি চিনেমা হল নিৰ্মাণ কৰিলে ? অসম ৰাজ্যিক চলচ্চিত্ৰ নীতি ২০১৯ৰ সঠিক পালন হৈছেনে ? চলচ্চিত্ৰক এক উদ্যোগ হিচাবে ঘোষণা কৰাৰ ক্ষেত্ৰত এই বৰ্ষৰে যোৱা ২৩ জানুৱাৰীৰ অসম ৰাজ্যিক চলচ্চিত্ৰ আৰু বিত্ত উন্নয়ন নিগমৰ উদ্যোগত হোৱা আলোচনা চক্ৰৰ প্ৰস্তাৱসমূহৰ কাৰ্য‍্যকৰী কৰাত চৰকাৰে কিবা ব‍্যৱস্থা ল’লেনে ? অসমৰ মুখ‍্যমন্ত্ৰীয়ে হলত গৈ চিনেমা এখন চালেই হয়তু দুজনমান দৰ্শক বাঢ়িব, কিন্তু সামগ্ৰীকভাৱে অসমৰ চিনেমা উদ‍্যোগৰ কিবা লাভ হ’বনে ? জানিব পৰা মতে, ৰাজ‍্যত চিনেমা চলাবলৈ ২৫ টাহে কেন্দ্ৰ আছে । অসমৰ প্ৰতিখন জিলাত এটাকৈও ভাগত নপৰে । মন্ত্ৰী বিমল বড়াই অসমীয়া চলচ্চিত্ৰৰ বিকাশৰ বাবে এখন ফলপ্ৰসূ চলচ্চিত্ৰ নীতি কাৰ্যকৰী কৰাৰ দিশত চৰকাৰৰ সদিচ্ছাৰ কথা দোহৰা আলোচনাচক্ৰখনৰ পৰা অসমৰ চিনেমাৰ কি কি লাভ হ’ল সেই বিষয়ে অসমৰ ৰাইজক জনাওকছোন ।

এসময়ত গাঁও অঞ্চলৰ পৰা বাছ ভাড়া কৰি চিনেমা চাবলৈ যোৱা দৰ্শক এতিয়া নিজেই যাব পৰা অৱস্থা, অথচ ৰাইজৰ উম-ঘাম নাই । সামাজিক মাধ‍্যমতে ইয়াৰ সৰৱ বিৰোধিতা হোৱা নাই । সামাজিক মাধ‍্যমৰ পৰা দূৰত থকা বা সামাজিক মাধ‍্যমৰ আলোচনাই প্ৰভাৱ পেলাব নোৱাৰা লোকেও নিৰৱে যে চিনেমাখনৰ বিৰোধিতা কৰিছে সিহে লক্ষ‍্যণীয় । নহ’লে হলবোৰ ভৰি থাকিলহেঁতেন !

ৰূপজ‍্যোতি গোস্বামী
০১/১১/২০১৩

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)