Shah Rukh Khan Birthday: ৫৮ সংখ্যক জন্মদিনত কিং খানে মাজনিশা চিগনেচাৰ প’জেৰে অনুৰাগীক জনালে সম্ভাষণ

কিং অৱ ৰোমাঞ্চ(King of Romance) খ্যাত ছাহৰুখে তেওঁৰ চিগনেচাৰ প’জটোৰে দুহাত মেলি উপস্থিত অনুৰাগীসকলক অধিক উল্লাসিত কৰি তুলা পৰিলক্ষিত হয় (The signature SRK pose) ।

Shah Rukh Khan Birthday On 58th birthday SRK makes special midnight appearance greets sea of fans with signature pose
Shah Rukh Khan Birthday: ৫৮ সংখ্যক জন্মদিনত কিং খানে মাজনিশা চিগনেচাৰ প’জেৰে অনুৰাগীক জনালে সম্ভাষণ

মুম্বাই, ২ নৱেম্বৰ: বুধবাৰে মাজনিশা ছুপাৰষ্টাৰ শ্বাহৰুখ খানক তেওঁৰ ৫৮ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনাবলৈ ‘মন্নত’ৰ বাহিৰত সমবেত হৈছিল অসংখ্য অনুৰাগী(Shah Rukh Khan Birthday) । ইয়াৰ পিছতেই ছুপাৰষ্টাৰগৰাকীয়ে তেওঁৰ বাসগৃহৰ বেলকনিলৈ উলাই আহি বাহিৰত সমবেত অনুৰাগীসকলক জনালে সম্ভাষণ ।

মুম্বাইস্থিত বাংলো ‘মন্নত’ৰ বেলকনিত উপস্থিত হৈ ‘পাথান’খ্যাত এক্টৰজনে তেওঁক দেখি মোহিত হৈ পৰা অনুৰাগীসকলক উদ্দেশ্যি হাত জোকাৰে (SRK makes special midnight appearance) ।

কিং অৱ ৰোমাঞ্চ(King of Romance) খ্যাত ছাহৰুখে তেওঁৰ চিগনেচাৰ প’জটোৰে দুহাত মেলি উপস্থিত অনুৰাগীসকলক অধিক উল্লাসিত কৰি তুলা পৰিলক্ষিত হয় (The signature SRK pose) ।

‘জৱান’ খ্যাত অভিনেতাগৰাকীয়ে সেই সময়ত পৰিধান কৰি আছিল সাধাৰণ ক’লা টি-চাৰ্টৰ সৈতে এটা কেম’ফ্লেজ ট্ৰাউজাৰ। লগতে মুৰত পিন্ধি থকা ক’লা টুপীটোৰে সৈতে তেওঁক উবেৰ কুলহেন দেখা গৈছিল (Shahrukh looked uber cool)।

বিভিন্ন স্থানৰ পৰা আহি সমবেত হোৱা ষ্টাৰষ্ট্ৰাক অনুৰাগীসকলে(Starstruck fans from various cities) তাৰকাগৰাকীক বিশেষ ধৰণে শুভেচ্ছা জনোৱাৰ উদ্দেশ্যৰে পুৱাৰ পৰাই মন্নতৰ বাহিৰত শাৰী পাতিছিল । আনকি বহু অনুৰাগীয়ে তেওঁলোকৰ লগত মিঠাই, টি-চাৰ্ট আৰু বিশাল পোষ্টাৰ পৰ্যন্ত লৈ গৈছিল ।

প্ৰতি বছৰে এইদিনটোত বলীউডৰ ‘কিং খান’ক কাষৰ পৰা এবাৰ চাই শুভেচ্ছা জনাবলৈ তেওঁৰ ঘৰৰ বাহিৰত অসংখ্য অনুৰাগী সমবেত হয় আৰু এই বছৰো তেওঁৰ অনুৰাগীসকলে এই ধাৰা অব্যাহত ৰাখে ।

এছআৰকেৰ আকৰ্ষণীয় ব্যক্তিত্বই তেওঁৰ অনুৰাগীসকলক সদাই আকৰ্ষিত কৰি আহিছে । চুপাৰষ্টাৰগৰাকীয়ে দৰ্শকসকলক ‘বাজিগৰ’, ‘কভি হান কভি না’, ‘দিলৱালে দুলহানিয়া লে জায়েংগে’, ‘কুছ কুছ হোতা হে’, ‘কাল হো না হো’, ‘বীৰ জাৰা’ আদিৰ দৰে বহুকেইখন স্মৰণীয় ছবি প্ৰদান কৰিছে ।

শেহতীয়াকৈ শ্বাহৰুখে অভিনয় কৰা দুখন ব্লকবাষ্টাৰ ছবি ‘পাথান’ আৰু ‘জৱান’ এ সফলতাৰ শীৰ্ষত অৱস্থান কৰিবলৈ সক্ষম হৈছিল । এতিয়া ডিচেম্বৰত তেওঁৰ পৰৱৰ্তী ছবি ‘ডাংকি’ মুক্তিৰ বাবে সাজু হৈছে।

ৰাজকুমাৰ হিৰাণীৰ পৰিচালনাত ‘চক দে! ইণ্ডিয়া খ্যাত অভিনেতাগৰাকীক পোন প্ৰথমবাৰৰ বাবে ‘Pink’ অভিনেত্ৰী তাপসী পান্নুৰ সৈতে এই ছবিখনত দেখিবলৈ পোৱা যাব।

লগতে পঢ়ক: Assamese film Raghav: চাৰি দিনৰ দিনাই বহু ছবিগৃহই বিদাই দিলে ‘ৰাঘৱ’ক !

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)