Money laundering case: ইডিয়ে জব্দ কৰিলে জেটৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলৰ ৫৩৮ কোটি টকাৰ বিশাল সম্পত্তি

বুধবাৰে প্ৰৱৰ্তন সঞ্চালকালয় অৰ্থাৎ ইডিয়ে ধন ৰপ্তানিৰ গোচৰত বৰ্তমান বন্ধ হৈ যোৱা জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেল, তেওঁৰ পত্নী অনিতা গোৱেল আৰু পুত্ৰ নিবান গোৱেলৰ লণ্ডন, ডুবাই আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত থকা বহুকেইটা কোম্পানীত অভিযান চলাই ৫৩৮ কোটি টকাৰ সম্পত্তি জব্দ কৰে (Money laundering case)। ৫৩৮ কোটি টকাৰ কানাড়া বেংকৰ জালিয়াতিৰ গোচৰত গোৱেল দম্পতী আৰু আন চাৰিটা কোম্পানীৰ নাম উল্লেখ কৰি ইডিয়ে অভিযোগনামা দাখিল কৰাৰ এদিন পিছতে এই ব্যৱস্থা গ্ৰহণ কৰা হয় ।

Money laundering case ed attaches assets worth rs 538 cr of jet founder naresh goyal others in london and dubai
Money laundering case: ইডিয়ে জব্দ কৰিলে জেটৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলৰ ৫৩৮ কোটি টকাৰ বিশাল সম্পত্তি

নতুন দিল্লী, ১ নৱেম্বৰ: প্ৰৱৰ্তন সঞ্চালকালয় অৰ্থাৎ ইডিয়ে জানিবলৈ দিয়া অনুসৰি, বেংকৰ জালিয়াতিৰ গোচৰত জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেল, তেওঁৰ পৰিয়ালৰ আন সদস্যসকলৰ নামত থকা লণ্ডন, ডুবাই আৰু ভাৰতস্থিত তেওঁলোকৰ কোম্পানীসমূহৰ প্ৰায় ৫৩৮ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে(Money laundering case) । জব্দকৃত সম্পত্তিসমূহৰ ভিতৰত আছে ১৭টা ফ্লেট, বাংলো আৰু বাণিজ্যিক চৌহদ । লণ্ডন, ডুবাই আৰু ভাৰতৰ বিভিন্ন চহৰত অৱস্থিত এই সম্পত্তিসমূহ জেট এয়াৰ প্ৰাইভেট লিমিটেড আৰু জেট এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেডৰ দৰে বিভিন্ন কোম্পানীৰ জৰিয়তে গোৱেল, তেওঁৰ পত্নী অনিতা আৰু পুত্ৰ নিবানৰ নামত ৰখা হৈছিল বুলি ফেডাৰেল সংস্থাটোৱে এক বিবৃতিত প্ৰকাশ কৰিছে ।

বিবৃতিটোত ইডিয়ে উল্লেখ কৰা অনুসৰি, জেট এয়াৰৱেজ (ইণ্ডিয়া) লিমিটেডৰ বিৰুদ্ধে উত্থাপিত ধন সৰবৰাহৰ তদন্তত ধন সৰবৰাহৰ প্ৰতিৰোধ আইন, ২০০২ৰ ধাৰা অনুসৰি ৫৩৮.০৫ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে । জব্দকৃত সম্পত্তিসমূহৰ ভিতৰত আছে জেটএয়াৰ প্ৰাইভেট লিমিটেড, জেট এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড, জেট এয়াৰৱেজ (ইণ্ডিয়া) লিমিটেড (জিআইএল)কে ধৰি বিভিন্ন কোম্পানীৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেল, তেওঁৰ পত্নী অনিতা আৰু বিভিন্নজনৰ নামত থকা ১৭টা আৱাসিক ফ্লেট, বাংলো আৰু বাণিজ্যিক চৌহদ । ইডিয়ে উল্লেখ কৰিলে, গোৱেল আৰু তেওঁৰ পুত্ৰ নিবান গোৱেলৰ কোম্পানীসমূহ লণ্ডন, ডুবাই আৰু ভাৰতৰ বিভিন্ন ৰাজ্যত অৱস্থিত । ইডিৰ তদন্তত প্ৰকাশ পাইছে যে, জেট এয়াৰৱেজ (ইণ্ডিয়া) লিমিটেডে এছবিআই আৰু পিএনবিৰ নেতৃত্বাধীন বেংকৰ কনচৰ্টিয়ামৰ পৰা ঋণসমূহ লৈছিল ।

বিত্তীয় অনুসন্ধান সংস্থাটোৱে অভিযোগ কৰে যে, “নৰেশ গোৱেলে জেটলাইট লিমিটেড(১০০)ক ঋণ প্ৰদান কৰি কিছুমান অযুক্তিকৰ আৰু জেনেৰেল চেলছ এজেণ্ট কমিচনৰ ছদ্মবেশত জে আই এলৰ পুঁজি প্ৰণালীবদ্ধভাৱে ডাইভাৰ্ট কৰি এক বৃহৎ পৰিসৰৰ বিত্তীয় জালিয়াতি সংঘটিত কৰিছিল । তাৰোপৰি বিভিন্ন পেছাদাৰীক বৃহৎ পৰিমানৰ অস্পষ্ট ধনৰাশি পৰিশোধ কৰা হৈছিল ।”

ইডিয়ে লগতে উল্লেখ কৰে যে, এই সকলোবোৰ জিএছএ নৰেশ গোৱেলৰ লাভজনক মালিকানাধীন আছিল । সেয়েহে জেআইএলৰ পৰিচালনা সমিতিয়ে নৰেশ গোৱেলৰ পদাংক অনুসৰণ কৰি ২০০৯ চনৰ পিছত কোনো গুৰুত্বপূৰ্ণ সেৱা আগবঢ়োৱা নাছিল । তথাপিও নিয়মীয়াকৈ বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰাটো অব্যাহত ৰাখিছিল আৰু এনেদৰেই প্ৰাপ্ত ধন নৰেশ গোৱেল আৰু তেওঁৰ পৰিয়ালে তেওঁলোকৰ ব্যক্তিগত খৰচ আৰু বিনিয়োগৰ বাবে ব্যৱহাৰ কৰি আহিছিল ।”

ইয়াৰ পূৰ্বে বিত্তীয় অনুসন্ধান সংস্থাটোৱে গোৱেল, জিআইএলৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু অন্যান্যসকলৰ সৈতে সম্পৰ্কিত চৌহদত তালাচী আৰু জৰীপ আৰম্ভ কৰিছিল । ইয়াৰ পিছতে ইডিয়ে যোৱা ১ ছেপ্টেম্বৰত গোৱেলক গ্ৰেপ্তাৰ কৰে আৰু বৰ্তমান তেওঁ ন্যায়িক জিম্মাত আছে । ইফালে ইডিয়ে যোৱা ৩১ অক্টোবৰত বিশেষ আদালতত (পিএমএলএ) অভিযোগনামা দাখিল কৰিছিল । এই গোচৰটো মুম্বাইৰ কানাড়া বেংকে দাখিল কৰা লিখিত অভিযোগৰ ভিত্তিত দিল্লীৰ চিবিআই, বিএছ এণ্ড এফবিয়ে দাখিল কৰা এফআইআৰৰ ভিত্তিত এই গোচৰটো দাখিল কৰা হৈছে । জেআইএল আৰু ইয়াৰ প্ৰমোটাৰ আৰু পৰিচালকসকলৰ দ্বাৰা প্ৰৱঞ্চনা, অপৰাধমূলক ষড়যন্ত্ৰ, অপৰাধমূলক আস্থা ভংগ আৰু অপৰাধমূলক অসৎ আচৰণ সংঘটিত কৰাৰ ফলতে ৫৩৮.৬২ কোটি টকাৰ এক বৃহৎ এনপিএ হ’বলৈ পাইছিল ।

লগতে পঢ়ক: Mizoram election 2023: বিজেপি ক্ষমতালৈ আহিলে মিজোৰামক ড্ৰাগছমুক্ত কৰাৰ কথা কলে ৰাজনাথ সিঙে

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)