India Bangladesh ties: প্ৰধানমন্ত্ৰী মোডী, শ্বেখ হাছিনাই যৌথভাৱে উদ্বোধন কৰিলে ভাৰত-বাংলাদেশৰ মাজৰ ৰে’লসেৱা

যোৱা এক দশকত বাংলাদেশ-ভাৰত বন্ধুত্ব আলোচনাই দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰি আহিছে ।

India Bangladesh ties PM Modi Sheikh Hasina jointly inaugurate rail, power sector projects between India, Bangladesh
India Bangladesh ties: প্ৰধানমন্ত্ৰী মোডী, শ্বেখ হাছিনাই যৌথভাৱে উদ্বোধন কৰিলে ভাৰত-বাংলাদেশৰ মাজৰ ৰে’লসেৱা

নতুন দিল্লী, ১ নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Narendra Modi) আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা(Bangladesh Sheikh Hasina)ই বুধবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰতৰ সহাযোগত তিনিটা উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন কৰে (India Bangladesh ties)।

এই প্ৰকল্প তিনিটা হৈছে আখাউৰা-আগৰতলা ক্ৰছ-বৰ্ডাৰ ৰে’ল লিংক, খুলনা – মংলা পোৰ্ট ৰে’ল লাইন আৰু বাংলাদেশৰ ৰামপালত থকা মাইট্ৰি চুপাৰ থাৰ্মাল পাৱাৰ প্লাণ্টৰ ইউনিট- ২ ।

ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল আৰু শক্তি খণ্ডৰ প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানটোত দুয়োখন দেশৰ মাজত সুদৃঢ় সম্পৰ্ক আৰু অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল ।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ যুটীয়া উদ্বোধনে আমাৰ দুয়োখন বন্ধুত্বপূৰ্ণ দেশৰ মাজত দৃঢ় বন্ধুত্ব আৰু সহযোগিতাকে প্ৰকাশ কৰিছে । ২০২৩ চনৰ ছেপ্টেম্বৰত জি-২০ সন্মিলনত অংশগ্ৰহণৰ বাবে যোৱা ভাৰত ভ্ৰমণৰ সময়ত কৰা উষ্ম আতিথ্যৰ বাবে মই প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জনাইছো ।”

শ্বেখ হাছিনাই লগতে কয়, আমাৰ দুয়োখন দেশৰ মাজত বন্ধুত্বৰ বান্ধোনডাল শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনাৰ দায়বদ্ধতাক মই কৃতজ্ঞতা জ্ঞাপন কৰিছো ।

বাংলাদেশলৈ সম্প্ৰসাৰিত ভাৰত চৰকাৰৰ ৩৯২.৫২ কোটি টকাৰ অনুদান সাহায্যৰ অধীনত আখৌৰা-আগৰতলা ক্ৰছ-বৰ্ডাৰ ৰে’ল লিংক প্ৰকল্পটো কাৰ্যকৰী কৰা হৈছে । এই ৰেল সংযোগৰ দৈৰ্ঘ্য বাংলাদেশৰ ৬.৭৮ কিলোমিটাৰ আৰু ত্ৰিপুৰাৰ ৫.৪৬ কিলোমিটাৰ সামৰি ১২.২৪ কিলোমিটাৰ ।

খুলনা-মংলা পোৰ্ট ৰে’ল লাইন প্ৰকল্পটো ভাৰত চৰকাৰৰ India’s concessional Line of Credit ৰ অধীনত কাৰ্যকৰী কৰা হৈছে আৰু ইয়াৰ মুঠ প্ৰকল্প ব্যয় হৈছে 388.92 নিযুত আমেৰিকান ডলাৰ । এই প্ৰকল্পটোত মংলা বন্দৰ আৰু খুলনাৰ বৰ্তমানৰ ৰেল নেটৱৰ্কৰ মাজত প্ৰায় ৬৫ কিলোমিটাৰ ব্ৰডগজ ৰেল পথ নিৰ্মাণ কৰা হ’ব। ইয়াৰ লগে লগে বাংলাদেশৰ দ্বিতীয় বৃহত্তম বন্দৰ মংলা, ব্ৰড-গজ ৰেলৱে নেটৱৰ্কৰ সৈতে সংযুক্ত হ’ব ।

1.6 বিলিয়ন আমেৰিকান ডলাৰৰ ভাৰতৰ ৰেহাইমূলক বিত্তীয় আঁচনিৰ ঋণৰ অধীনত নিৰ্মাণ হ’ব লগা আনটো প্ৰকল্প হৈছে বাংলাদেশৰ খুলনা বিভাগৰ ৰামপালত অৱস্থিত 1320 মেগাৱাটৰ মাইট্ৰি চুপাৰ থাৰ্মাল পাৱাৰ প্ৰকল্প । ভাৰতৰ এন টি পি চি লিমিটেড আৰু বাংলাদেশ পাৱাৰ ডেভেলপমেণ্ট ব’ৰ্ডৰ মাজত ৫০:৫০ জইণ্ট ভেঞ্চাৰ কোম্পানী বাংলাদেশ-ইণ্ডিয়া ফ্ৰেণ্ডশ্বিপ পাৱাৰ কোম্পানী লিমিটেডে এই প্ৰকল্পটো ৰূপায়ণ কৰিছে । এই প্ৰকল্পসমূহে অঞ্চলটোত সংযোগ আৰু শক্তি সুৰক্ষা অধিক শক্তিশালী কৰিব।

উদ্বোধনী অনুষ্ঠানৰ এই কাৰ্যসূচীতে শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী মোডী আৰু ভাৰতবাসীক দীপাৱলীৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰে ।

যোৱা এক দশকত বাংলাদেশ-ভাৰত বন্ধুত্ব আলোচনাই দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰি আহিছে । বিএনএন নিউজে প্ৰকাশ কৰা অনুসৰি এইবাৰৰ সংলাপৰ বিষয়বস্তু হৈছে ‘এক ব্যাপক আৰু পাৰস্পৰিক ভাৱে লাভজনক অংশীদাৰীত্ব গঢ়ি তোলা’ ।

উল্লেখ্য যে, চলিত বছৰৰ মাৰ্চ মাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই আনুমানিক ৩৭৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভাৰত-বাংলাদেশ ফ্ৰেণ্ডশ্বিপ পাইপলাইন উদ্বোধন কৰিছিল । ইয়াক আনুমানিক ৩৭৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল । ভাৰত চৰকাৰে অনুদান সাহায্যৰ অধীনত ২৮৫ কোটি টকা বহন কৰা বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ পোৱা গৈছে।

এই পাইপলাইনত বছৰি ১ মিলিয়ন মেট্ৰিক টন (Million Metric Ton Per Annum) হাই-স্পীড ডিজেল (High-Speed Diesel) পৰিবহণ কৰাৰ ক্ষমতা আছে। ইয়াৰ জৰিয়তে উত্তৰ বাংলাদেশৰ সাতখন জিলাত প্রথমে হাই-স্পীড ডিজেল যোগান ধৰা হ’ব ।

ভাৰত- বাংলাদেশ বন্ধুত্ব পাইপলাইনৰ পৰিচালনাই ভাৰতৰ পৰা বাংলাদেশলৈ এইচ এছ ডি পৰিবহণৰ এক বহনক্ষম, নিৰ্ভৰযোগ্য, ব্যয়বহুল আৰু পৰিৱেশ অনুকূল পদ্ধতি স্থাপন কৰিব।

তদুপৰি, ছেপ্টেম্বৰ মাহত বাংলাদেশৰ ঢাকাত ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্য সম্পৰ্কীয় যুটীয়া কাৰ্যকৰী গোটৰ (Joint Working Group on Trade) ১৫ সংখ্যক বৈঠকখন অনুষ্ঠিত হৈ যায়, য’ত দুয়োখন ৰাষ্ট্ৰই বন্দৰ নিষেধাজ্ঞা আঁতৰোৱা, ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (Comprehensive Economic Partnership Agreement) আদিকে বিভিন্ন দ্বিপাক্ষিক বিষয়ৰ ওপৰত আলোচনা কৰিছিল ।

ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ বাণিজ্য বিভাগৰ যুটীয়া সম্পাদক বিপুল বংশাল আৰু বাংলাদেশ চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব নূৰ মোঃ মাহবুবুল হকৰ সহ-অধ্যক্ষতা এই বৈঠকখন অনুষ্ঠিত হৈছিল ।

উল্লেখ্য যে, ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্য সম্পৰ্কীয় যুটীয়া ৱৰ্কিং গ্ৰুপৰ (Joint Working Group on Trade) এনে বৈঠকসমূহ প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে, য’ত বাণিজ্য সম্পৰ্কীয় মূল বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয় ।

তাৰোপৰি, এই বৈঠকসমূহে বাণিজ্যিক বাধাসমূহ আঁতৰাই শুল্ক পদ্ধতিসমূহ সৰল কৰি, আন্তঃগাঁথনিৰ উন্নতি, লজিষ্টিক আৰু পৰিবহনৰ সুবিধাৰ দ্বাৰা দ্বিপাক্ষিক সমস্যাসমূহ দ্ৰুততাৰে সমাধান কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

লগতে পঢ়ক: ED Summons Arvind Kejriwal: দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত অৰবিন্দ কেজৰিৱাললৈ ইডিৰ চমন

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)