Rajasthan Election 2023: ৰাহুলৰ ৰণনীতিত আবদ্ধ ৰাজস্থান কংগ্ৰেছে চুড়ান্ত কৰিব পৰা নাই প্ৰাৰ্থীৰ তালিকা, আজি পুনৰ হ’ব আলোচনা

ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ পাব লগা কংগ্ৰেছৰ চুড়ান্ত প্ৰাৰ্থী তালিকাখনৰ বাবে সকলোৱে অপেক্ষা কৰি আছে । কিন্তু বাকী থকা টিকটসমূহ প্ৰদানৰ ক্ষেত্ৰত এতিয়াও যেন দলটোৰ পাঁক এৰা নাই । কিয়নো দিল্লীত অনুষ্ঠিত কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠকত তালিকাত উল্লেখিত একাংশ বিসম্বাদীৰ নামক লৈ ৰাহুল গান্ধীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে।

Rajasthan Election 2023 Rajasthan Congress has not finalized its list of candidates but talks will resume today
Rajasthan Election 2023 : ৰাহুলৰ ৰণনীতিত আবদ্ধ ৰাজস্থান কংগ্ৰেছে চুড়ান্ত কৰিব পৰা নাই প্ৰাৰ্থীৰ তালিকা, আজি পুনৰ হ'ব আলোচনা

জয়পুৰ, ৩১ অক্টোবৰ: ৰাজস্থান বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি দ্বিতীয় দিন (Rajasthan Election 2023)। এনে পৰিস্থিতিত শাসকীয় দল কংগ্ৰেছৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকাখন প্ৰকাশৰ সন্দৰ্ভত দিল্লীৰ দৰবাৰত বৰ্তমানেও অব্যাহত আছে শেষ ৰাউণ্ডৰ অনুশীলন । প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ শক্তি পৰীক্ষা পৰ্যালোচনা কৰাৰ পিছতো এতিয়াও দলটোয়ে প্ৰাৰ্থীৰ তালিকাখন নিৰ্ধাৰণৰ ক্ষেত্ৰত সিদ্ধান্তত উপনিত হ’ব পৰা নাই । সোমবাৰে চি ই চিৰ বৈঠকত প্ৰায় ৩৫খন আসনৰ ফলাফল নিৰ্ণয় নোহোৱাৰ বাবে মঙলবাৰে বিয়লি এই সন্দৰ্ভত পুনৰ বৈঠক অনুষ্ঠিত হ’ব ।

উল্লেখযোগ্য যে, এতিয়ালৈকে দলটোৱে কেৱল ৯৫ খন আসনতহে প্ৰাৰ্থী ঘোষণা কৰিবলৈ সক্ষম হৈছে । এইবাৰ ৰাহুল গান্ধীয়ে নিজেই স্ক্ৰীণিং কমিটিয়ে পৰামৰ্শ দিয়া নামসমূহ দলটোৱে চলোৱা আনুষ্ঠানিক জৰীপ আৰু সুনীল কানুগোলুৱে দিয়া নামৰ সৈতে মিলাই আছে । এই কাৰণতেই দলটোৱে এতিয়াও প্ৰায় তিনি ডজন আসনৰ ক্ষেত্ৰত চূড়ান্ত সহমতত উপনীত হ’ব পৰা নাই ।

গেহলটৰ ঘনিষ্ঠ কেইজনমান প্ৰাৰ্থীৰ নামক লৈ অন্তিম পৰ্যায়ত সন্দেহৰ সৃষ্টি:
যোৱা ৫ বছৰে মুখ্যমন্ত্ৰী অশোক গেহলটৰ লেফটেনেণ্ট হিচাপে ক্ষমতাত থকা মন্ত্ৰী শান্তি ধৰিৱাল, মহেশ যোশী আৰু পৰ্যটন নিগমৰ অধ্যক্ষ ধৰ্মেন্দ্ৰ ৰাথোৰে এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়টো এতিয়া সন্দেহৰ আৱৰ্তত সোমাই আছে । উত্তৰ কোটা সমষ্টিৰ শান্তি ধৰিৱাল আৰু হাৱামহল সমষ্টিৰ মহেশ যোশীৰ টিকট এতিয়াও চূড়ান্ত হোৱা নাই । ইফালে মঙলবাৰে পুৱা চালাছাৰ ধামত উপস্থিত হৈ জলসম্পদ মন্ত্ৰী মহেশ যোশীয়ে বালাজীক কৰিছে প্ৰাৰ্থনা । ইয়াৰ পূৰ্বে মহেশ যোশীকো গিৰিৰাজজীৰ দৰবাৰত সেৱা আগবঢ়োৱা দেখা গৈছিল । আনহাতে, ধৰ্মেন্দ্ৰ ৰাথোৰে পূষ্কৰৰ বিপৰীতে উত্তৰ আজমেৰৰ আসনখনৰ ওপৰত দৃষ্টি ৰখা পৰিলক্ষিত হৈছে।

সমীক্ষাৰ দুৰ্বল প্ৰতিবেদন সন্দৰ্ভত গৌৰৱ গগৈক ৰাহুল গান্ধীৰ প্ৰশ্নঃ
কংগ্ৰেছৰ সূত্ৰ অনুসৰি, সোমবাৰে চিইচিৰ বৈঠকত স্ক্ৰীণিং কমিটিৰ অধ্যক্ষ গৌৰৱ গগৈয়ে জমা দিয়া প্ৰতিবেদনখনত একাংশ বিসম্বাদীৰ নাম উল্লেখ থকাত ৰাহুল গান্ধীয়ে তেওঁক ৰণনীতি সম্পৰ্কত প্ৰশ্ন কৰে । সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি, দলৰ চাৰ্ভেত প্ৰায় তিনি ডজন বিধায়কৰ বিৰুদ্ধে তেওঁলোকৰ সমষ্টিত থকা অসন্তুষ্টিৰ কথা উল্লেখ কৰা হৈছে । এনে পৰিস্থিতিত, তালিকাত থকা এই নামসমূহক লৈ ৰাহুল গান্ধীৰো অসন্তুষ্টি দেখিবলৈ পোৱা যায় । এই আসনসমূহত দলটোৱে বিকল্প হিচাপে বিচাৰিছে যুৱ মুখ। সেয়েহে আজি পুনৰ এবাৰ এই আসনসমূহক লৈ নতুনকৈ আলোচনাত মিলিত হ’ব কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটী ।

লগতে পঢ়ক: ED Summons Arvind Kejriwal: দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত অৰবিন্দ কেজৰিৱাললৈ ইডিৰ চমন

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)