Army soldiers injured: জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ এল অ’ চিত লেণ্ডমাইন বিস্ফোৰণ, তিনিজন সেনা জোৱান আহত

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ এল অ’ চিৰ সমীপত সংঘটিত লেণ্ডমাইন বিস্ফোৰণত আহত হয় তিনিজন সেনা জোৱান(Army soldiers injured) । ইয়াৰে গুৰুতৰভাৱে আহত দুজনক উন্নত চিকিৎসাৰ বাবে সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

army soldiers injured during landmine blast at loc in poonch jammu and kashmir
Army soldiers injured: জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ এল অ’ চিত লেণ্ডমাইন বিস্ফোৰণ, তিনিজন সেনা জোৱান আহত

নেশ্যনেল ডেস্ক, ১ নৱেম্বৰ: জম্মু-কাশ্মীৰ(Jammu and Kashmir)ৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সংঘটিত লেণ্ডমাইন বিস্ফোৰণত ৩ জন সেনা জোৱান আহত হয় (Army soldiers injured)। প্ৰাপ্ত তথ্য অনুসৰি, মেন্ধৰ ছেক্টৰৰ ফাগৱাৰী গালি অঞ্চলত ভাৰতীয় সেনা জোৱানৰ এটা দলে টহল দি থকাৰ সময়তে এটা লেণ্ডমাইন সক্ৰিয় হৈ পৰাৰ ফলত বিস্ফোৰণটো সংঘটিত হয় ।

এগৰাকী সেনা বিষয়াই জনোৱা মতে, আহতসকলক ততাতৈয়াকৈ কাষতে অৱস্থিত এম আই চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু পিছত দুজনক উন্নত চিকিৎসাৰ বাবে ১৫০ জি এইচ ৰাজৌৰীস্থিত সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আহত জোৱানকেইজন ক্ৰমে ৱাই শ্ৰী ৰামুল্লু, বিমল ৰাজ আৰু বীৰ ভৰপ্পা বুলি জানিব পৰা গৈছে ।

সেনা বিষয়াগৰাকীয়ে জনোৱা মতে সিপাৰৰ পৰা হোৱা অনুপ্ৰৱেশ ৰোধ কৰিবলৈ সীমান্তত লেণ্ডমাইন সংস্থাপন কৰা যায়, যাৰ বাবে কোনো কোনো সময়ত আমাৰ ভাৰতীয় সেনাইও লোকচানৰ সন্মুখীন হ’বলগীয়া হয় । প্ৰতিৰক্ষা বিভাগৰ পৰা পোৱা তথ্য অনুসৰি, আহত আটাইকেইজন জোৱানৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে । ইফালে স্থনীয় আৰক্ষীয়ে এই ঘটনাৰ পাছতে সচেতনতা গ্ৰহণ কৰা পৰিলক্ষিত হয় ।

ইয়াৰ পূৰ্বে অক্টোবৰ মাহতো জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এল অ’ চিৰ সমীপত সংঘটিত লেণ্ডমাইন বিস্ফোৰণত এজন সেনা জোৱান আহত হৈছিল। নৌশ্বেৰা ছেক্টৰৰ কলছিয়ান অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত হোৱা এই লেণ্ডমাইন বিস্ফোৰণটোত গুৰচৰণ সিং নামৰ সেনা জোৱানজন আহত হৈছিল । এই জোৱানজন শিখ লাইট ইনফেণ্ট্ৰিৰ আছিল ।

লগতে পঢ়ক: India Bangladesh ties: প্ৰধানমন্ত্ৰী মোডী, শ্বেখ হাছিনাই যৌথভাৱে উদ্বোধন কৰিলে ভাৰত-বাংলাদেশৰ মাজৰ ৰে’লসেৱা

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)