Mizoram election 2023: বিজেপি ক্ষমতালৈ আহিলে মিজোৰামক ড্ৰাগছমুক্ত কৰাৰ কথা কলে ৰাজনাথ সিঙে

অহা ৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে বুধবাৰে মিজোৰামত উপস্থিত হয় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । ৰাজ্যখনৰ এখন নিৰ্বাচনী জনসভাত ভাষণ প্ৰদান কৰি তেওঁ আশ্বাস দিয়ে যে, যদিহে মিজোৰামত বিজেপি ক্ষমতালৈ আহে তেন্তে ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ বাবে বিশেষ প্ৰচাৰ চলাব । লগতে মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ লোকসকলক তেওঁলোকৰ মাজত থকা শত্ৰুতা অন্ত পেলাবৰ বাবেও আহ্বান জনায় ।

Mizoram election 2023 Rajnath Singh says Mizoram will be drug-free if BJP comes to power
Mizoram election 2023: বিজেপি ক্ষমতালৈ আহিলে মিজোৰামক ড্ৰাগছমুক্ত কৰাৰ কথা কলে ৰাজনাথ সিঙে

টিপা,মিজোৰাম, ১ নৱেম্বৰ : অশান্ত মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ লোকসকলক একেলগে বহি অন্তৰৰ পৰা কথা পাতিবলৈ আহ্বান জনাইছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । মিজোৰামৰ দক্ষিণ অংশ আৰু ম্যানমাৰ সীমান্তৰ সমীপত অনুষ্ঠিত এখন নিৰ্বাচনী জনসভাত ভাষণ দি সিঙে কয় যে, হিংসা কোনো সমস্যাৰ সমাধান নহয় । সেয়েহে ৰাজ্যখনৰ পৰিস্থিতি উন্নত কৰিবৰ বাবে মণিপুৰৰ দুয়োটা সম্প্ৰদায়ে একেলগে বঢ়ি আলোচনা কৰিব লাগে । যোৱা ৯ বছৰত উত্তৰ-পূব শান্তিপূৰ্ণ হৈ আছে। অৱশ্যে মণিপুৰত আমি হিংসা দেখিবলৈ পাইছো আৰু ই আমাৰ বাবে বেদনাদায়ক।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, “হিংসা কোনো সমস্যাৰ সমাধান নহয়। আমাক লাগে অন্তৰৰ পৰা হোৱা আলোচনা । মই দুয়োটা সম্প্ৰদায়ক একেলগে বহি অবিশ্বাসৰ অন্ত পেলাবলৈ আহ্বান জনাইছো ” । মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা সংঘাতৰ বাবে বিগত কেইমাহমানৰ পৰা মণিপুৰত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে । চলিত বছৰৰ ৩ মে’ত মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা প্ৰদানৰ দাবীৰ প্ৰতিবাদত পাহাৰীয়া জিলাসমূহত ‘জনজাতীয় সংহতি পদযাত্ৰা’ অনুষ্ঠিত হোৱাৰ পিছতে ৰাজ্যখনত জাতিগত হিংসাৰ সূচনা হৈছিল । যাৰ ফলত বৰ্তমানলৈকে ১৮০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাব লগা হৈছে ।

মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেই জনগোষ্ঠীৰ আৰু এওঁলোকৰ বেছিভাগেই ইম্ফল উপত্যকাত বাস কৰে । আনহাতে জনজাতীয় লোকৰ সংখ্যা ৪০ শতাংশ আৰু এওঁলোকৰ বেছিভাগেই পাহাৰীয়া জিলাসমূহত বাস কৰে । জনজাতীয় লোকসকলৰ ভিতৰত নাগা আৰু কুকিও অন্যতম । “মই বিশেষভাৱে স্পষ্টকৈ ক’ব বিচাৰো যে কোনো ৰাজনৈতিক দলৰ বাবে ই (হিংসা) সংঘটিত হোৱা নাছিল । কিছু পৰিস্থিতিৰ বাবেই এনে হ’বলৈ পালে ।” – এইদৰে কৈ কংগ্ৰেছে মণিপুৰৰ পৰিস্থিতিৰ ৰাজনৈতিক সুবিধা ল’বলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, “যেতিয়া মণিপুৰৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিছিল, তেতিয়া কংগ্ৰেছে এই বিষয়টোক লৈ ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছিল।”

‘কংগ্ৰেছৰ নেতিবাচক ৰাজনীতিৰ পৰা মিজোৰাম, উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ দেশক আঁতৰাই ৰাখিব লাগিব । সঁচা অৰ্থত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নতি নহ’লে শক্তিশালী, সমৃদ্ধিশালী আৰু স্বাৱলম্বী ভাৰতৰ সপোন পূৰণ নহ’ব বুলি কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে বিশ্বাস কৰে।” এইদৰে কৈ সিঙে আৰু কলে, “যদি মিজোৰামত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) শাসনলৈ আহে, তেন্তে ৰাজ্যখনক ড্ৰাগমুক্ত কৰাৰ বাবে এটা অভিযান আৰম্ভ কৰা হ’ব(Mizoram election 2023) ।”

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ১৯৬৬ চনত তদানীন্তন কংগ্ৰেছ চৰকাৰে মিজোৰামত বায়ু সেনাৰ ব্যৱহাৰৰ কথাও উল্লেখ কৰে । ১৯৬৬ চনত ভাৰতীয় বায়ু সেনাই আইজলৰ ওপৰত কৰা আক্ৰমণৰ কথা উল্লেখ কৰি তেওঁ কয়, “যেতিয়া কংগ্ৰেছ দল কেন্দ্ৰত ক্ষমতাত আছিল, তেতিয়া দেশত প্ৰথমবাৰৰ বাবে মিজোৰামত বিমান আক্ৰমণ চলাইছিল । এতিয়া বিজেপি ক্ষমতাত আছে আৰু আমি এনে কেতিয়াও হ’ব নিদিও। ” উল্লেখ্য যে, এই এয়াৰ ষ্ট্ৰাইকটো একাংশ উগ্ৰপন্থীৰ ওপৰত লক্ষ্য কৰি কৰা হৈছিল।

লগতে পঢ়ক: Rajnath Singh in Mizoram: মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰ ক্ষমতালৈ অহাৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত বিকাশ ঘটিছে : ৰাজনাথ সিং

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)