Funds to local artisans in Ranthali: অসমীয়া গহণাৰ সামগ্ৰী যোগানৰ নামতো কেলেংকাৰী !

অসমীয়া গহণা নিৰ্মাণৰ সামগ্ৰী ক্ৰয়ৰ বাবে ৰণথলীৰ থলুৱা কাৰিকৰলৈ আবণ্টিত ধন আত্মসাতৰ অভিযোগ ।

Allocated funds to local artisans in Ranthali for purchase of Assamese jewellery making materials were embezzled
Funds to local artisans in Ranthali: অসমীয়া গহণাৰ সামগ্ৰী যোগানৰ নামতো কেলেংকাৰী !

নগাঁও, ৩ নৱেম্বৰ: অসমীয়া গহণাৰ সামগ্ৰী যোগানৰ নামতো কেলেংকাৰী । ৰণথলীৰ কাৰিকৰক ঠগিলে কোনে ? হিৰণ্য, যুগল, নিত্য আৰু নৰেণক লৈ ৰণথলীত ক্ষোভৰ জুই । অনুসূচীত জাতিৰ উন্নয়ণৰ নামত লুণ্ঠনৰ অভিযোগ ।

হয়, অসমীয়া গহণাৰ উদ্যোগক গতিশীল কৰাৰ উদ্দেশ্যে অসমীয়া গহণাৰ কাৰিকৰ সকলক অসম চৰকাৰে অনুসূচীত উন্নয়ণ পৰিষদৰ জৰিয়তে আবণ্টন দিয়া সামগ্ৰীৰ নামত চলিছে বৃহৎ দূৰ্নীতি (Funds to local artisans in Ranthali) । নগাঁৱৰ ৰণলীত অসমীয়া গহণাৰ কাৰিকৰক চৰকাৰে আবণ্টন দিয়া সামগ্ৰীৰ নামত ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে বিজেপিৰ নেতা হিৰণ্য বণিয়া, যুগল কিশোৰ বণিয়া আৰু নিত্য বণিয়াৰ বিৰুদ্ধে ।

সন্দেহৰ আৱৰ্তত সোমাই পৰিছে অনুসূচীত জাতি উন্নয়ণ পৰিষদৰ সভাপতি তথা বিজেপিৰ পাখিমূৰীয়া মণ্ডলৰ সভাপতি নৰেণ দাসৰ ভূমিকাও । ২০২০-২১ আৰু ২০২১-২২ বৰ্ষত এই আঁচনিৰ নামত ৰণথলীত ৩০ লাখ টকাৰ কেলেংকাৰী হোৱাৰ অভিযোগ তুলিছে স্থানীয় কাৰিকৰসকলে ।
উল্লেখযোগ্য যে নগাঁৱৰ বিকানেৰ জুৱেলাৰী নামৰ এখন জুৱেলাৰীৰ পৰা ৩০লাখ টকাৰ অসমীয়া গহণাৰ সা-সৰঞ্জাম ২০২০-২১, ২০২১-২২ত ক্ৰয় কৰা হৈছিল যদিও আজিলৈকে থলুৱা কাৰিকৰসকলে লাভ নকৰিলে এইসমূহ সা-সৰঞ্জাম । এই অভিযোগ স্থানীয় কাৰিকৰসকলক ।

স্থানীয় লোকৰ মতে অসমীয়া গহণা প্ৰস্তুতৰ বাবে ব্যৱহৃত ক্ৰয় কৰা এইসমূহ সা-সৰঞ্জাম ক’লা বজাৰত অধিক দামত বিক্ৰী কৰি সেই ধন আত্মসাৎ কৰিলে এইসকল লোকে । সেয়ে এইক্ষেত্ৰত নগাঁৱৰ স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰি কঠোৰ ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাইছে ৰণথলীবাসী ৰাইজে ।

লগতে পঢ়ক: Doctor Rapes Minor Girl: কিশোৰী ধৰ্ষণকাৰীৰ ৰূপত এইবাৰ চিকিৎসক

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)