Doctor Rapes Minor Girl: কিশোৰী ধৰ্ষণকাৰীৰ ৰূপত এইবাৰ চিকিৎসক

নিজৰ ক্লিনিকলৈ মাতি আনি এগৰাকী ১০ বছৰীয়া কণমানিক ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী চিকিৎসকৰ বিৰুদ্ধে । ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ নয়দাত(Doctor Rapes Minor Girl) ।

Doctor Rapes Minor Girl doctor allegedly rapes 10 year old minor inside his clinic in noida
Doctor Rapes Minor Girl: কিশোৰী ধৰ্ষণকাৰীৰ ৰূপত এইবাৰ চিকিৎসক

নয়দা, 3 নৱেম্বৰ: নিজৰ ক্লিনিকলৈ মাতি আনি এগৰাকী ১০ বছৰীয়া কণমানিক ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী চিকিৎসকৰ বিৰুদ্ধে । ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ নয়দাত(Doctor Rapes Minor Girl) । বৃহস্পতিবাৰে চিকিৎসকজনে তেওঁৰ ক্লিনিকলৈ মাতি নি ১০ বছৰীয়া কণমানি কিশোৰীগৰাকীৰ লগত এই অপকৰ্ম সংঘটিত কৰা বুলি নির্যাতিতা কিশোৰীগৰাকীৰ অভিভাৱকে অভিযোগ উত্থাপন কৰিছে । ইফালে এই ঘটনাটো সংঘটিত হোৱাৰ পিছতেই অভিযুক্ত চিকিৎসকজনে তেওঁৰ ক্লিনিকৰ পৰা পলায়ন কৰে । নিৰ্যাতিতা কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজো কৰি ইতিমধ্যে অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে । লগতে অভিযুক্ত চিকিৎসকজনক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ আশ্বাস প্ৰদান কৰিছে নয়দা আৰক্ষীয়ে ।

জানিব পৰা মতে, কিশোৰীগৰাকীয়ে মাক দেউতাকৰ সৈতে নয়দাৰ এটা বস্তিত বাস কৰি আহিছিল । আন দিনাৰ দৰে বৃহস্পতিবাৰেও তেওৰ মাক দেউতাকে কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল । ইফালে, নাবালিকাগৰাকীয়েও কোনো এটা কামৰ বাবে কাষতে থকা চিকিৎসক শ্বেহজাদৰ ঘৰলৈ গৈছিল । ইয়াৰে সুযোগ লৈ চিকিৎসকজনে নাবালিকাগৰাকীক ফোন কৰি তেওঁৰ ক্লিনিকৰ ভিতৰলৈ মাতি পঠিয়াই আৰু তাতেই শ্বেহজাদে নাবালিকাগৰাকীক ধৰ্ষণ কৰা বুলি অভিযোগ কৰা হৈছে ।

ইয়াৰ পিছতে যন্ত্ৰণাৰত অৱস্থাত কিশোৰগৰাকীয়ে কান্দি কান্দি নিজৰ ঘৰলৈ উভতি আহে । ঘৰৰ আনসকল কামৰ পৰা উভতি অহাৰ পিছত তেওঁ ঘটনাৰ সকলো কথা বিৱৰি কয় । কণমানিজনীৰ মুখৰ পৰা সকলো শুনি তেওঁৰ পৰিয়াল শ্বেহজাদৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । আৰক্ষীৰ সূত্ৰে পোৱা তথ্য অনুসৰি চিকিৎসকজনৰ প্ৰকৃত ঘৰ বিহাৰত যদিও সেই স্থানতে বাস কৰি চিকিৎসা সেৱা চলাই আহিছিল । ইতিমধ্যে নয়দা আৰক্ষীয়ে দিল্লী, গাজিয়াবাদ, নয়দাকে ধৰি বিভিন্ন স্থানত অভিযুক্ত চিকিৎসকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

এই সন্দৰ্ভত নয়দাৰ ডিচিপি হৰিশ চন্দৰে কয় যে, এগৰাকী প্ৰতিবেশী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত শ্বেহজাদ নামৰ এজন চিকিৎসকৰ বিৰুদ্ধে থানাত এখন এজাহাৰ দাখিল কৰা হৈছে । কিশোৰীগৰাকীক চিকিৎসালয়ত চিকিৎসা পৰীক্ষাও সম্পন্ন কৰা হৈছে । ঘটনা সন্দৰ্ভত ইতিমধ্যে এটা গোচৰ ৰুজু কৰি অভিযুক্ত চিকিৎসকজনক গ্ৰেপ্তাৰ কৰাৰ বাবে এটা দল গঠন কৰি দিয়া হৈছে । বৰ্তমান তেওঁৰ সন্ধান চলি আছে আৰু অতি সোনকালেই অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা যাব ।

লগতে পঢ়ক: Money laundering case: ইডিয়ে জব্দ কৰিলে জেটৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলৰ ৫৩৮ কোটি টকাৰ বিশাল সম্পত্তি

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)