Earthquake hits Nepal: নেপালত 6.4 প্ৰাবল্যৰ ভূমিকম্প; আহত বহু লোক

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ ফাল(National Centre for Seismology)ৰ পৰা জনোৱা মতে এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু নেপালৰ জাজাৰকোট জিলাৰ লামিদাণ্ডা অঞ্চলত আছিল ।

Earthquake hit Nepal on Friday night with strong tremors felt in northern India including the Delhi-NCR region
Earthquake hits Nepal: নেপালত 6.4 প্ৰাবল্যৰ ভূমিকম্প; আহত বহু লোক

নিউজ ডেস্ক, ৪ নৱেম্বৰ: শুকুৰবাৰে নিশা এটা শক্তিশালী ভূমিকম্পই কপালে নেপাল (Earthquake hit Nepal ) । তাৰোপৰি দিল্লী-এনচিআৰকে ধৰি উত্তৰ ভাৰততো তীব্ৰ কম্পন অনুভূত হয় (Earthquake in Delhi-NCR region) । ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য অনুসৰি নিশা ১১:৩২ বজাত ১০ কিলোমিটাৰ গভীৰতাত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৬.৪ ।

নেপালত 6.4 প্ৰাবল্যৰ ভূমিকম্প

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ ফাল(National Centre for Seismology)ৰ পৰা জনোৱা মতে এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু নেপালৰ জাজাৰকোট জিলাৰ লামিদাণ্ডা অঞ্চলত আছিল । উচ্চ প্ৰাবল্যৰ এই ভূমিকম্পটোৰ পাছতে বহুকেইটা আফটাৰ শ্ব’কো আহে ।

শুকুৰবাৰে মাজনিশা সংঘটিত হোৱা এই ভূমিকম্পই কঁপালে দিল্লী-এন চিআৰ, উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশকে ধৰি উত্তৰ ভাৰতৰ বহুকেইখন ৰাজ্য ।

বৰ্তমানলৈকে এই ভূমিকম্পৰ ক্ষয় ক্ষতিৰ সবিশেষ তথ্য পোৱা নাই যদিও ভূমিকম্পটোৰ ফলত নেপালত ২০ গৰাকীতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে ।

লগতে পঢ়ক: Earthquake in Delhi-NCR: দিল্লী-এন চি আৰত তীব্ৰ প্ৰাবল্যৰে ভূমিকম্পৰ জোকাৰণি

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)