Nepal earthquake updates: নেপালত ভূমিকম্পৰ ভয়াৱহ বিধ্বংসী ৰূপ, মৃতকৰ সংখ্যাই ১২৮ চুইছেগৈ

শুকুৰবাৰে নিশা নেপালত হোৱা ভয়াৱহ ভূমিকম্পৰ ফলত বৰ্তমানলৈকে ১২৮ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে । তাৰোপৰি আহত হৈছে বহু সংখ্যক লোক । ক্ষতিগ্ৰস্ত স্থানসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। এই দুৰ্যোগক লৈ শোক প্ৰকাশ কৰিছে দেশখনৰ প্ৰধানমন্ত্ৰী দাহালে।

nepal earthquake updates rescue effort intensifies death toll rises pm dahal expresses grief
Nepal earthquake updates: নেপালত ভূমিকম্পৰ ভয়াৱহ বিধ্বংসী ৰূপ, মৃতকৰ সংখ্যাই ১২৮ চুইছেগৈ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৪ নৱেম্বৰ: শুকুৰবাৰে মাজ নিশা নেপালত অহা ৬.৪ প্ৰাবল্যৰ বৃহৎ ভূমিকম্পৰ ফলত কমেও ১২৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে । তাৰোপৰি এশৰো অধিক লোক আহত হোৱাৰ খবৰ আহিছে । বৰ্তমান দেশখনত পূৰ্ণগতিত অব্যাহত আছে সাহায্য আৰু উদ্ধাৰ অভিযান । দেশখনত হোৱা এই প্ৰাকৃতিক দুৰ্যোগক লৈ শোক প্ৰকাশ কৰিছে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে । মন কৰিবলগীয়া যে, উত্তৰ ভাৰতৰ ৰাজ্যসমূহতো অনুভূত হৈছিল এই ভূমিকম্পৰ জোকাৰণি।

ইফালে দেশখনৰ প্ৰশাসনৰ ফালৰ পৰা জনোৱা মতে, ৬.৪ প্ৰাবল্যৰ বৃহৎ ভূমিকম্পটোৰ ফলত নেপালৰ বহুকেইখন জিলা সম্পূৰ্ণৰূপে ধ্বংসস্তপলৈ পৰিণত হৈছে । এই প্ৰাকৃতিক দুৰ্যোগত বহু অট্টালিকাও ভাঙি ধ্বংসস্তুপলৈ পৰিণত হয় । লগতে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও দেশখনৰ প্ৰশাসনৰ ফালৰ পৰা প্ৰকাশ পাইছে ।

শুকুৰবাৰে মাজনিশাৰ ঠিক আগে আগে উত্তৰ-পশ্চিম নেপালৰ জিলাসমূহত প্রবল ভূমিকম্পটোৰ জোকাৰণি অনুভূত হৈছিল ৷ প্ৰশাসনিক বিষয়াসকলে জনোৱা মতে, এই ভূমিকম্পত কমেও ১২৮ গৰাকী লোক নিহত হোৱাৰ লগতে বহু সংখ্যক লোক আহত হৈছে । সাহায্য আৰু উদ্ধাৰ কৰ্মীৰ দলে পাহাৰীয়া গাঁৱসমূহত অভিযান আৰম্ভ অব্যাহত ৰাখিছে । শনিবাৰে পুৱা দেশখনৰ এগৰাকী প্ৰশাসনিক বিষয়াই উল্লেখ কৰা অনুসৰি, বহু ঠাইৰে সংযোগ বিচ্চিন্ন হৈ পৰাৰ ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

এই দুৰ্যোগৰ পাছতে নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে ভূমিকম্পত ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ ৰাওনা হয় । নেপালৰ এগৰাকী প্ৰশাসনিক বিষয়াই জনোৱা মতে, ভেৰী চিকিৎসালয়, কোহলপুৰ চিকিৎসা মহাবিদ্যালয়, নেপালগঞ্জ সামৰিক চিকিৎসালয় আৰু আৰক্ষী চিকিৎসালয়ক ভূমিকম্পত আক্ৰান্ত লোকসকলক চিকিৎসা প্ৰদান কৰি থকা হৈছে । একেধৰনে দেশখনৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূৰ পৰা আহতসকলক উদ্ধাৰ কৰিবৰ বাবে সকলো হেলি-অপাৰেটৰক ষ্টেণ্ডবাইত থাকিবৰ বাবেও কোৱা হৈছে । লগতে নেপালগঞ্জ বিমানবন্দৰ আৰু সামৰিক বেৰেক হেলিপেডত বিমান এম্বুলেন্স নিয়োগ কৰি ৰখাৰ বাবেও নিৰ্দেশনা দিয়া হৈছে ।

মাজনিশাৰ ঠিক পূৰ্বে অহা এই ভূমিকম্পৰ সময়ত অধিকাংশ লোকেই ঘৰত নিদ্ৰামগ্ন অৱস্থাত আছিল । ভূমিকম্পটোৰ তীব্ৰতা ইমানেই বেছি আছিল যে ৮০০ কিলোমিটাৰ নিলগৰ ভাৰতৰ ৰাজধানী নতুন দিল্লীতো ইয়াৰ কম্পন অনুভৱ কৰা হৈছিল । দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ আদি অঞ্চলত ভূমিকম্পৰ এই কম্পন অনুভূত হৈছিল । কিন্তু ভাৰতত হোৱা এই ভূমিকম্পৰ ফলত কোনো ধৰণৰ প্ৰাণনাশ বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই । ভূমিকম্পটোৰ পিছতে দিল্লী, লক্ষ্ণৌ, পাটনা আদি স্থানৰ ৰাজপথত আতংকিত অৱস্থাত লোকসকলক দেখা গ’ল ।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জনোৱা মতে, ভূমিকম্পটোৰ প্ৰাৰম্ভিক প্ৰাবল্য আছিল ৫.৬ । ভূপৃষ্ঠৰ পৰা ১১ মাইল গভীৰতাৰ পৰা আহিছিল এই ভূমিকম্পটো । নেপালৰ ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰই জনোৱা মতে, ইয়াৰ কেন্দ্ৰবিন্দু নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা প্ৰায় ২৫০ মাইল উত্তৰ-পূবত অৱস্থিত জাজাৰকোটত। নিশা ১১.৩৫ বজাত অনুভূত হৈছিল ভূমিকম্পটোৰ জোকাৰণি ।

লগতে পঢ়ক: Earthquake hits Nepal: নেপালত 6.4 প্ৰাবল্যৰ ভূমিকম্প; আহত বহু লোক

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)