PM Narendra Modi: দেশৰ ৮০ কোটি জনসাধাৰণক আৰু ৫ বছৰৰ বাবে বিনামূলীয়া ৰেচন প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে তেওঁৰ চৰকাৰে দেশৰ ৮০ কোটি জনসাধাৰণক আৰু পাঁচ বছৰৰ বাবে বিনামূলীয়া ৰেচন প্ৰদান কৰিব। ছত্তীশগড়ৰ এখনি নিৰ্বাচনী সভাত এই প্ৰতিশ্ৰুতি প্ৰদান কৰিলে নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ পিছতে মধ্যপ্ৰদেশৰ ৰাটলামত আয়োজিত আন এখন নিৰ্বাচনী সভাতো এই কথা উল্লেখ কৰি তেওঁৰ এই প্ৰতিশ্ৰুতি পূৰণৰ আশ্বাস দিয়ে ।

PM Narendra Modi says BJP govt will extend free ration scheme for next 5 years
PM Narendra Modi: দেশৰ ৮০ কোটি জনসাধাৰণক আৰু ৫ বছৰৰ বাবে বিনামূলীয়া ৰেচন প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ৪ নৱেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে আগন্তুক পাঁচ বছৰৰ বাবেও বিনামূলীয়াকৈ ৰেচন প্ৰদানৰ কথা ঘোষণা কৰে। শনিবাৰে তেওঁ ছত্তীশগড়ৰ দুৰ্গত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(PM Narendra Modi)য়ে কয়, “মই সিদ্ধান্ত লৈছো যে বিজেপি চৰকাৰে দেশৰ ৮০ কোটি দৰিদ্ৰ জনসাধাৰণক প্ৰদান কৰি অহা বিনামূলীয়া ৰেচন প্ৰদানৰ আঁচনিখন আগন্তুক ৫ বছৰলৈ অব্যাহত থাকিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে এনে সিদ্ধান্ত ল’বৰ বাবে মোক শক্তি প্ৰদান কৰিছে(PM Narendra Modi on Free Ration Scheme)।”

চলিত মাহত দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত হ’ব লগা বিধানসভাৰ নিৰ্বাচন(Legislative Assembly election 2023) উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইকেইখন ৰাজ্যত চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান। শনিবাৰেও তেওঁ ছত্তীশগড়ৰ দূৰ্গ আৰু মধ্য প্ৰদেশৰ ৰতলামত দুখনকৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে। এই দুয়োখন সভাতে নিজৰ স্বভাৱসিদ্ধ ভংগিমাৰে কংগ্ৰেছক লক্ষ্য কৰি আক্ৰমণ কৰা পৰিলক্ষিত হয়।

এই নিৰ্বাচনী জনসভাতে বিনামূলীয়া ৰেচন যোগানৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ‘এয়া মোডীৰ গেৰাণ্টি।’ এনেদৰেই প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ এই প্ৰতিশ্ৰুতি পালনৰ আশ্বাস প্ৰদান কৰে । তেওঁ কয় যে, বিনামূলীয়া ৰেচন পোৱাৰ ফলত দৰিদ্ৰ জনসাধাৰণৰ হাতত যি ধন সঞ্চয় হ’ব, সেই ধনেৰে তেওঁলোকে আন আন প্ৰয়োজনসমূহ পূৰণ কৰিব পাৰিব।

ক’ভিড মহামাৰীৰ সময়ৰ পৰাই কেন্দ্ৰই এই বিনামূলীয়া ৰেচন প্ৰদানৰ ব্যৱস্থা কৰিছিল। যদিও ইয়াক এটা নিৰ্দিষ্ট সময়ৰ বাবে ঘোষণা কৰা হৈছিল তথাপি সেই সময়ৰ ম্যাদ উকলাৰ পূৰ্বেই পুনৰ বঢ়াই দিয়া হৈছিল। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত শেষবাৰৰ বাবে আঁচনিখনৰ সময়সীমা বৃদ্ধি কৰি জনোৱা হৈছিল যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দেশৰ দৰিদ্ৰ জনসাধাৰণক আৰু এবছৰৰ বাবে বিনামূলীয়া ৰেচন প্ৰদান কৰা হ’ব। এতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাত দিয়া তেওঁৰ প্ৰতিশ্ৰুতিৰ জৰিয়তে আঁচনিখনৰ ম্যাদ ২০২৮ চনলৈকে আৰু পাছ বছৰৰ বাবে বৃদ্ধি কৰে।

কংগ্ৰেছক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “কংগ্ৰেছে কেতিয়াও দৰিদ্ৰলোকক প্ৰতাৰণা কৰাৰ বাহিৰে আন একোয়েই দিয়া নাই। কংগ্ৰেছে কেতিয়াও দৰিদ্ৰসকলক সন্মান কৰিব নাজানে। তেওঁলোকে কেতিয়াও দৰিদ্ৰ জনসাধাৰণৰ দুখ-কষ্ট বুজি নাপায়।” ইয়াৰ মাজতে বিজেপিৰ ইস্তাহাৰখনৰ কথা উল্লেখ কৰি তেওঁ ছত্তীশগড়ৰ বিজেপি নেতৃত্বকো প্ৰশংসা কৰে । লগতে এই ইস্তাহাৰৰ প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পূৰণ কৰা হ’ব বুলিও আশ্বাস প্ৰদাণ কৰে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বিৰুদ্ধে পণ এপৰ সৈতে জড়িত দুৰ্নীতিৰ অভিযোগক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে ছত্তীশগড় চৰকাৰে ৰাজ্যখনৰ সাধাৰণ মানুহৰ পৰা সকলোবোৰ লুটিবলৈ কোনো সুযোগ এৰি দিয়া নাই। লগতে তেওঁ ৰাজ্যখনত বিজেপি চৰকাৰ গঠনৰ পাছত এই সকলো দুৰ্নীতিৰ তদন্ত কৰা হ’ব বুলিও উল্লেখ কৰে।

উল্লেখ্য যে চলিত মাহত মিজোৰাম, মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানাত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন । ইয়াৰে ছত্তীশগড়ৰ বাহিৰে আনকেইখন ৰাজ্যত এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ’ব । দুটা পৰ্যায়ত হ’ব লগা ছত্তীশগড়ৰ নিৰ্বাচনত ২০খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব অহা ৭ নৱেম্বৰত । বাকী ৭০ খন আসনৰ বাবে দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ১৭ নৱেম্বৰত।

ইফালে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোতে অনুষ্ঠিত হ’ব মিজোৰাম বিধানসভাৰ নিৰ্বাচন । একেধৰণে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোতে মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাজস্থানৰ বিধানসভা নিৰ্বাচন । তেলেংগানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব অহা ৩০ নৱেম্বৰত । অৱশ্যে পাঁচোখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল অহা ৩ ডিচেম্বৰত একেদিনাই ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক: Mizoram election 2023: বিজেপি ক্ষমতালৈ আহিলে মিজোৰামক ড্ৰাগছমুক্ত কৰাৰ কথা কলে ৰাজনাথ সিঙে

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)