First housekeeper of Bhupen Hazarika: ভূপেনদাৰ কুঠৰীৰ আপোন ঘৰখনৰ প্ৰথম ঘৰচোৱা নবৰ আলী, আজিও উৎফুল্লিত হৈ পৰে ভূপেনদাক সোঁৱৰি

১৯৭২ চনত ভূপেনদাৰ কুঠৰীৰ ঘৰটো তেখেতৰ সুহৃদ শশী ফুকনৰ তত্বাৱধানত নিৰ্মাণৰ পাছত নবৰ আলিক ভূপেনদাই ঘৰটো চোৱা-চিতাৰ দায়িত্ব দি ক'লে – 'তুমি মোৰ সৰু ভাই। ঘৰ চাবা, মাটি চাবা। এইয়া তোমাৰেই সম্পত্তি।' মাহিলি চাৰিশ বিশ টকাৰে এনেদৰেই হৈছিল বন্দোবস্তি (First housekeeper of Bhupen Hazarika) ।

First housekeeper of Bhupen Hazarikas own house Nabar Ali still happy to remember Sudhakontho
First housekeeper of Bhupen Hazarika: ভূপেনদাৰ কুঠৰীৰ আপোন ঘৰখনৰ প্ৰথম ঘৰচোৱা নবৰ আলী, আজিও উৎফুল্লিত হৈ পৰে ভূপেনদাক সোঁৱৰি

যাযাবৰী শিল্পী সংগীতসূৰ্য‍্য ড০ ভূপেন হাজৰিকাই কুঠৰীটো সাজিছিল এটি ঘৰ। আজীৱন উৰণীয়া মৌৰূপে জীৱন চাহাৰাৰ বেদুইন, এইগৰাকী ভাৰতৰত্নৰ কুঠৰীৰ এই ঘৰখন আছিল মৰুদ‍্যান স্বৰূপ। সুধাকণ্ঠৰ সৃষ্টিক আজিও ৰিঙিয়াই এই ঘৰটিয়ে । তেখেতে কৈ গৈছে ‘ কুঠৰীত মোৰ প্ৰাণটো সোমাই আছে।’ সুধাকণ্ঠৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস‍্যৰ কুঠৰীৰ ঘৰখনৰ প্ৰতি আছিল প্ৰৱল হেঁপাহ। কুঠৰীৰ ঘৰখনৰ বাদে সঙ্গীত সূৰ্য‍্য ড০ ভূপেন হাজৰিকাৰ নিজাপি ঘৰ নাই। ই কলিয়াবৰীয়াৰ এক অনন‍্য আপুৰুগীয়া সম্পদ। ড০ ভূপেন হাজৰিকাই নিজে কৈছিল – কুঠৰীত এটা সাংস্কৃতিক কেন্দ্ৰ আৰু পুত্ৰ তেজৰ ইচ্ছা মতে বৌদ্ধ ধৰ্মাৱলম্বীৰ বাবে জিৰণিস্থল গঢ়ি তোলা হ’ব।

কুঠৰীৰ ভূপেনদাৰ আপোন ঘৰটিৰ আছে এক অনন‍্য ইতিহাস। তেওঁ যাযাবৰী জীৱনটো দিহিঙে-দিপাঙে লৈ ফুৰাৰ সময়তো কুঠৰীক লগত লৈ ফুৰিছিল। আৰু দুজন ব‍্যক্তিক –কুঠৰীৰ দুগৰাকী বন্ধু শিল্পপ্ৰাণ চন্দ্ৰ ফুকন আৰু শশী ফুকনক। এই দুইগৰকী ব‍্যক্তিৰ অধীৰ আগ্ৰহক আওকাণ কৰিব নোৱাৰি সুধাকণ্ঠই কলিয়াবৰৰ কুঠৰীত এখনি নিজাপি ঘৰ সজাৰ সিদ্ধান্ত লৈছিল । সেই উদ্দেশ‍্যে কুঠৰীত মাটি বিচৰা কামটো দুই কলিয়াবৰীয়াৰ ওপৰতেই দায়িত্ব পৰিল । মাটিও পালে – চাহাব আলীৰ এবিঘা, পদুম বাহাদুৰৰ দুবিঘা, ইচমাইল শ্বেখৰ এবিঘাকে ধৰি প্ৰায় বিশ বিঘা মাটি ভূপেনদাই কিনিলে। ১৯৭২ চনৰ আগে-পাছে কুঠৰীত এটি ঘৰো সাজিল। পিছে যাযাবৰী শিল্পীগৰাকীৰ ঘৰটো চোৱা-চিতাৰ বাবে লাগিল মানুহ।

তেতিয়া কিশোৰৰ ঘৰ অতিক্ৰমী এজন যুৱক, নাম নবৰ আলী । চন্দ্ৰ ফুকনৰ ঘৰতে থকা এজাক বৃহৎ হাঁহৰ বাবে খাদ‍্য যোগানৰ কামত ব‍্যস্ত আছিল নবৰ। ভূপেনদাক মাটি দিয়া চাহাব আলিৰ পুতেক আছিল নবৰ । চন্দ্ৰ ফুকনৰ ঘৰতে নবৰৰ ভূপেনদাৰ লগত দেখা-দেখি। কুঠৰীৰৰ নতুনকৈ কিনা মাটিৰ সীমা নিৰ্দ্ধাৰণ কৰোতে গোপী মণ্ডল নামেৰে প্ৰয়াত গোপী মহন্তৰ লগত শিকলি ধৰিছিল, সীমাৰ খুটা পুতিছিল এতিয়াৰ সত্তৰ গৰকা নবৰে।

১৯৭২ চনত কুঠৰীৰ ঘৰটো ভূপেনদাৰ সুহৃদ শশী ফুকনৰ তত্বাৱধানত নিৰ্মাণৰ পাছত নবৰ আলিক ভূপেনদাই ঘৰটো চোৱা-চিতাৰ দায়িত্ব দি ক’লে – ‘তুমি মোৰ সৰু ভাই। ঘৰ চাবা, মাটি চাবা। এইয়া তোমাৰেই সম্পত্তি।’ মাহিলি চাৰিশ বিশ টকা বন্দোবস্তি হ’ল। সেই বন্দোবস্তিৰে আৰম্ভণীৰে পৰা আঠ বছৰকাল ভূপেন দাৰ ঘৰটো চোৱা-চিতা কৰিলে(First housekeeper of Bhupen Hazarika)।

ঘৰৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত ভূপেন দাৰ মাটিত খেতিও কৰিছিল নবৰে। শালি খেতি, শাক-পাচলি, কবি-মূলা, ৰঙালাও, কল আদি। ভূপেন দাৰ দুই ভাই অমৰ হাজৰিকা আৰু সমৰ হাজৰিকাও আহিছিল খেতি চাবলৈ। ভূপেনদাই নবৰক প্ৰয়োজনত ডাঙৰ ডুলিত থোৱা ধান খাবলৈও নবৰক অনুমতি দিছিল। তাৰোপৰি ভূপেনদাৰ মাটি ৰখীয়া বুলি উপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাই মৰমতে কুঠৰীলৈ আহিলে নবৰক মৰমতে টকা-পইচাও দি থৈও যায়।

নবৰে অতীত স্মৃতি ৰোমন্থন কৰি কয় – মই ঘৰখন ৰখাৰ সময় ভূপেনদা মাহত তিনি-চাৰিবাৰলৈকে আহে। ভূপেনদা আহিলেই শশী ফুকন আৰু ভূপেনদাৰ “জংলী-জংলী দুনীয়াই কয়, জংঘলেই মোৰ ঘৰ” গীতৰ নায়ক জংঘলীও আহে। খুব আলাপ কৰে। আৰু বহুত মানুহ আহে । বিশ-পচিশখন সৰু গাড়ীত বিভিন্ন মানুহ আহি যায় দাদাৰ ওচৰলৈ। নবৰে তেওঁলোকক চাহ-পানীৰ যোগান ধৰে। তেনে আলপতে ভূপেনদাই শশী ফুকনক কয় – “শশী, শেষ বয়সত মই ইয়াতেই থাকিম। তেজৰ নামত ইয়াত কিবা এটা কৰিম। মোৰ মৰাৰ পাচত মোৰ অস্থি ইয়াতে থাকিব।” কেতিযাবা আকৌ কয় – ” নবৰ আজি মই কাকো লগ নকৰোঁ দেই।” নবৰ সষ্টম হৈ পৰে।

কুঠৰীলৈ আহিলে ভূপেনদাৰ বহু কামৰ সংগী হৈ পৰে নবৰ। বিভিন্ন কামৰ সংগী নবৰ কেতিয়াবা ভূপেনদাৰ লগত বৰশী বাবলৈও যায়। এবাৰ বহু সময় বৰশী বোৱাৰ পাছত এটা চেঙেলী মাছ পৰিল। ভূপেনদাই ৰস কৰি ক’লে বোলে – “বুঢ়াৰ হাতত চেঙেলী পৰিল!” এনেকৈ বৰশী বাই থকাৰ সময়তে সৃষ্টি হৈছিল বহু গীতৰ। “কাজিৰঙা-কাজিৰঙা, ভয়াৱহ নহয়, নহয় ই অভয়াৰণ‍্য, ইয়াতকৈও ভায়বহ জানা পৃথিৱীৰ জন অৰণ‍্য” গীতটিৰ ৰচনাৰ সময়ৰ সাক্ষী এই নবৰ আলি।

সময় পাৰ হ’ল। ভূপেনদাও অসমৰ পৰা কলকাতা-মোম্বাইত থাকিবলৈ ল’লে। অসমলৈ অহা-যোৱা কমি আহিল। আহিলেও গুৱাহাটীৰে পৰা উভটি যায়। কলিয়াবৰৰ কুঠৰীৰ আপোন ঘৰখনলৈ আহা-যোৱাও কমি আহিল। সুদীৰ্ঘ আঠ বছৰ কাল ভূপেনদাৰ কুঠৰীৰ সংগী হৈ থকাৰ পাছত নবৰ আলি ভূপেন দাৰ পৰা লাহে-লাহে বিচ্ছিন্ন হৈ আহিল। নবৰে ভূপেনদাৰ ঘৰ এৰি নিজাকে কিবা এটা কৰিবলৈ বুলি মাছ ধৰা আৰু ব‍্যৱসায়ত নামি পৰিল। ভূপেনদাৰ ঘৰৰ চোৱা-চিতাৰ ভাৰ দেৰগাঁৱৰ চুৰেন নেওগৰ হাতলৈ গ’ল। সেই ব‍্যৱসায়েৰে আজিও কোনোমতে চলি আছে। চৰকাৰী এটা ঘৰত পৰিয়ালৰ সৈতে চৰম দাৰিদ্ৰতাৰ মাজেৰেই চলি আছে। দাৰিদ্ৰতাৰ বাবেই স্বাস্থ‍্য অৱনতিও ঘটিছে। কিন্তু সজীৱ হৈ আছে ভূপেনদাৰ স্মৃতি। সেই স্মৃতি সোঁৱৰি আজিও উৎফুল্লিত হৈ উঠে নবৰ আলি।

কিন্তু ভূপেনদাৰ মাটি বিক্ৰী হোৱাৰ কথাটোৱে দুখ দিয়ে নবৰক। চেনেহ লগোৱা মাটি ভূপেনদাই কিয় বিক্ৰী কৰিলে সেইয়া নবৰ আলিৰ বাবে আজিও হৈ আছে অবুজ সাঁথৰ। পিছে শেহতীয়াকৈ চৰকাৰে সেই ভূমি অধিগ্ৰহণ কৰি ভূপেনদাৰ স্মৃতি যুগমীয়া কৰিব বুলি শুনি সুখী অনুভৱ কৰিছে নবৰে (Death Anniversary of Bhupen Hazarika)। ভূপেনদাৰ মৃত্যবাৰ্ষিকীৰ এই দিনটোত তেখেতৰ আত্মাই বৈকুণ্ঠত শান্তিৰে থকাৰ কামনা কৰিছে। কিন্তু নবৰ আলীয়ে নাজানে ভূপেনদাৰ মাটি চৰকাৰৰ হাতলে যোৱাৰ বাটত এতিয়াও আছে আইনী জটিলতা।

কলিয়াবৰ মহকুমা প্ৰশাসনে এতিয়াৰ ঘৰখনৰ পৰা ভূপেনদাৰ ঘৰখন চোৱা-চিতা কৰা সুৰেন নেওগক বিতাৰণ কৰি ঘৰ আৰু চৌহদ বাজেয়াপ্ত কৰিছে। এতিয়া কোনোৰে সেই স্থানত প্ৰৱেশৰ অনুমতি নাই। পিচে, যাযাবৰী শিল্পী সংগীতসূৰ্য‍্য ড০ ভূপেন হাজৰিকাৰ এই ঘৰটিয়ে আজিও ৰিঙিয়াই তেখেতৰ সৃষ্টিৰাজিক ।

লগতে পঢ়ক: Funds to local artisans in Ranthali: অসমীয়া গহণাৰ সামগ্ৰী যোগানৰ নামতো কেলেংকাৰী !

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)