Most Polluted City: বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাৰ শীৰ্ষত দিল্লী, শীৰ্ষ ছয়ত ভাৰতৰ আৰু দুখন চহৰ

Delhi becomes most polluted city in world
Most Polluted City: বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত দিল্লী, শীৰ্ষ ছয়ত ভাৰতৰ আৰু তিনিখন চহৰ

নেশ্যনেল ডেস্ক, ৫ নৱেম্বৰ: বিশ্বৰ প্ৰদূষিত চহৰসমূহৰ তালিকাখনত শীৰ্ষ স্থান লাভ কৰিছে দিল্লীয়ে। প্ৰকৃতিৰ লগত সম্পৰ্কিত আন্তঃৰাষ্ট্ৰীয় সংস্থা আইকিউ এয়াৰৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ শীৰ্ষ ছয়খন প্ৰদূষিত চহৰৰ তালিকাত ভাৰতৰ তিনিখন চহৰৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু শীৰ্ষত আছে দিল্লীৰ নামটো। তালিকাখনৰ দ্বিতীয় স্থানত পাকিস্তানৰ লাহোৰ, তৃতীয় স্থানত কলকাতা, চতুৰ্থ স্থানত বাংলাদেশৰ ঢাকা, পঞ্চম স্থানত চীনৰ শ্বেয়াং চহৰ আৰু ষষ্ঠ স্থানত আছে মুম্বাই চহৰ।

উল্লেখ্য যে, আইকিউ এয়াৰে PM25 ৰ ভিত্তিত বিশ্বৰ প্ৰদূষিত চহৰসমূহ নিৰীক্ষণ কৰে। দেওবাৰে পুৱা প্ৰকাশিত প্ৰতিবেদনৰ এই তালিকাখনত দিল্লীক বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ।

বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত দিল্লী

প্ৰতিবেদন অনুসৰি দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাংক(AQI in Delhi) ৪৯২ত ৰেকৰ্ড কৰা হৈছে। আনহাতে লাহোৰৰ একিউআই(AQI) ৩৮১, কলকাতাৰ একিউআই ২০৪, ঢাকাৰ একিউআই ১৮৬, শ্বেয়াঙৰ একিউআই ১৭২ আৰু মুম্বাইৰ একিউআই ১৬৭। উল্লেখ্য যে, বায়ুৰ গুণাগুণ সূচকাংক ৪০০ ৰ পৰা ৫০০ৰ ভিতৰত থাকিলে ইয়াক গুৰুতৰ হিচাপে ধৰা হয় ।

প্ৰদূষণৰ পৰা বাচিবলৈ অৱলম্বন কৰক এইসমূহ সাৱধানতা : প্ৰদূষণৰ পৰা হাত সাৰিবলৈ ছাফাৰ ইণ্ডিয়া নামৰ এটা অনুষ্ঠানে নিজৰ ৱেবছাইটত জনসাধাৰণৰ বাবে উল্লেখ কৰিলে কেইটামান বিশেষ পৰামৰ্শ । সেইকেইটা হৈছে –

  • একেবাৰে পুৱা আৰু সূৰ্যাস্তৰ অন্তত বাহিৰৰ কাম-কাজ নকৰিব ।
  • দীৰ্ঘ সময় ধৰি কোনো কাম অথবা গধুৰ পৰিশ্ৰম পৰিহাৰ কৰক ।
  • জগিঙৰ পৰিৱৰ্তে অলপ খোজ কাঢ়ক আৰু বিৰতি লওক ।
  • অস্বাভাৱিক কাহ, বুকুৰ সমস্যা, অস্থিৰতা, উশাহ-নিশাহত অসুবিধা হ’লে কোনো ধৰণৰ কাম পৰিহাৰ কৰক ।
  • ঘৰৰ কোঠাৰ খিৰিকীবোৰ খোলাৰ পৰা বিৰত থাকক । তাৰোপৰি কাঠ, মমবাতি, চাকি, ধূপ আদি নজ্বলাব।
  • কোঠাসমূহ পৰিষ্কাৰ কৰি ৰাখিব আৰু ধূলি মাকটি কম কৰিবৰ বাবে মাজে মাজে তিতা কাপোৰেৰে মচি থাকিব।
  • মাস্ক লগাইহে সদায় বাহিৰলৈ ওলাব।

লগতে পঢ়ক: First housekeeper of Bhupen Hazarika: ভূপেনদাৰ কুঠৰীৰ আপোন ঘৰখনৰ প্ৰথম ঘৰচোৱা নবৰ আলী, আজিও উৎফুল্লিত হৈ পৰে ভূপেনদাক সোঁৱৰি

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)