Govt blocks Mahadev app: মহাদেৱ বুক এপকে ধৰি 22টা অবৈধ বেটিং এপক কৰা হ’ল নিষিদ্ধ

মহাদেৱ বুক এপৰ আটাইকেইজন স্বত্বাধিকাৰী বৰ্তমান জিম্মাত আছে । তেওঁলোকক ধন পৰিশোধৰ অপৰাধ সংঘটিত কৰাৰ অভিযোগত ধন পৰিশোধ প্ৰতিৰোধ আইন (Prevention of Money Laundering Act) ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

Govt blocks Mahadev app Govt issues orders to ban 22 illegal betting apps including Mahadev Book app
Govt blocks Mahadev app: মহাদেৱ বুক এপকে ধৰি 22টা অবৈধ বেটিং এপক কৰা হ'ল নিষিদ্ধ

নতুন দিল্লী, 5 নৱেম্বৰ: ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (Ministry of Electronics and Information Technology) মহাদেৱ বুক আৰু ৰেড্ডিয়ান্নাপ্ৰেষ্টোপ্ৰ’কে ধৰি 22টা অবৈধ বেটিং এপ আৰু ৱেবছাইটক নিষিদ্ধ কৰিবলৈ কেন্দ্ৰই নিৰ্দেশ জাৰি কৰা বুলি দেওবাৰে এক চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে (Centre issues blocking orders against 22 illegal betting apps)।

তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জনোৱা অনুসৰি, অবৈধ বেটিং এপৰ ছিণ্ডিকেটটোৰ বিৰুদ্ধে প্ৰবৰ্ত্তন নিৰ্দেশালয়ৰ ( Enforcement Directorate) পদক্ষেপ আৰু ছত্তীশগড়ত মহাদেৱ বুকৰ ওপৰত চলোৱা অভিযানৰ পিছত ইয়াৰ বেআইনী কাৰ্য্যকলাপসমূহ পোহৰলৈ অহাৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Govt blocks Mahadev app) ।

লগতে কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে জনোৱা অনুসৰি, ইডিৰ অনুৰোধৰ পিছত এই অৱৰোধৰ নিৰ্দেশ জাৰি কৰা হৈছিল যদিও ছত্তীশগড় চৰকাৰৰ দ্বাৰা ইয়াক লৈ কোনো আবেদন কৰা হোৱা নাছিল(Govt issues orders to ban 22 illegal betting apps)।

ৰাজ্যিক মন্ত্ৰী চন্দ্ৰশেখৰে কয়, “আইটি আইনৰ ধাৰা 69 A-ৰ অধীনত এটা ৱেবছাইট বা এপ বন্ধ কৰাৰ ক্ষেত্ৰ্ৰত পৰামৰ্শ দিবলৈ ৰাজ্য চৰকাৰৰ হাতত সম্পূৰ্ণ ক্ষমতা থাকে। অৱশ্যে, এই চৰকাৰখনে তেনে কৰা নাছিল । বিগত প্ৰায় ডেৰ বছৰ ধৰি ইয়াৰ ওপৰত চলাই থকা তদন্তৰ সময়চোৱাত ৰাজ্য চৰকাখনে এই লৈ কোনো অনুৰোধেই কৰা নাছিল। দৰাচলতে ইডিৰ পৰা প্ৰথম আৰু একমাত্ৰ অনুৰোধ লাভ কৰাৰ পিছতহে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই বিষয়ত ছত্তীশগড় চৰকাৰক অনুৰোধৰ ক্ষেত্ৰত কোনোৱে বাধা দিয়া নাছিল ।”

মন্ত্ৰালয়ে জনোৱা অনুসৰি, মহাদেৱ বুক এপৰ আটাইকেইজন স্বত্বাধিকাৰী বৰ্তমান জিম্মাত আছে । তেওঁলোকক ধন পৰিশোধৰ অপৰাধ সংঘটিত কৰাৰ অভিযোগত ধন পৰিশোধ প্ৰতিৰোধ আইন (Prevention of Money Laundering Act) ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

ইয়াৰ পূৰ্বে, প্ৰবৰ্ত্তন নিৰ্দেশালয় (Enforcement Directorate)-এ শুকুৰবাৰে উল্লেখ কৰিছিল যে 2 নৱেম্বৰত চলোৱা এক তালাচী অভিযানৰ পিছত পোৱা প্ৰমাণৰ ভিত্তিত পোৱা গৈছিল যে পূৰ্বৰে পৰা ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীক নিয়মীয়া ধন পৰিশোধ কৰি থকা হৈছিল । আৰু এতিয়ালৈকে মহাদেৱ এপৰ প্ৰম ‘টাৰসকলে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘেলক প্ৰায় 508 কোটি টকা পৰিশোধ কৰিছে।

কিন্তু মুখ্যমন্ত্ৰী বাঘেলে ইডিৰ এই দাবীক অস্বীকাৰ কৰি কয় যে, বিজেপি দলে আগন্তুক ছত্তীশগড় নিৰ্বাচনত নিজৰ এজেঞ্চি ব্যৱহাৰ কৰি প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে।

ইফালে ইডিৰ মতে, শাসকীয় কংগ্ৰেছ দলৰ নিৰ্বাচনী খৰচৰ বাবে ইউ. এ. ই.-ৰ পৰা প্ৰেৰণ কৰা বৃহৎ পৰিমাণৰ নগদ ধন ডেলিভাৰী কৰিবলৈ অহাৰ অৱস্থাত কেন্দ্ৰীয় সংস্থাটোয়ে কুৰিয়াৰ অসীম দাসক আটক কৰিবলৈ সক্ষম হৈছিল ।

কেন্দ্ৰীয় সংস্থাটোৱে লগতে কয় যে, ধৃত দাসে স্বীকাৰ কৰিছে যে মহাদেৱ এপৰ প্ৰমোটাৰসকলে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীক বৰ্তমানলৈকে 508 কোটি টকা প্ৰদান কৰিছে, যিটো অভিযোগ বাঘেলে অস্বীকাৰ কৰিছে।

লগতে পঢ়ক: Rajnath approves maternity childcare leave: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মহিলা সৈনিকৰ প্ৰসূতি আৰু শিশুৰ পৰিচৰ্যাৰ ছুটীত অনুমোদন

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)