Manipur Violence: মণিপুৰত ইণ্টাৰনেট সেৱা নিষিদ্ধৰ সময়সীমা বৃদ্ধি

Manipur Violence mobile internet ban in manipur extended till 8 november
Manipur Violence: মণিপুৰত ইণ্টাৰনেট সেৱা নিষিদ্ধৰ সময়সীমা বৃদ্ধি

ইম্ফল, ৬ নৱেম্বৰঃ মণিপুৰ চৰকাৰে ৰাজ্যখনত ইণ্টাৰনেটৰ ওপৰত থকা নিষেধাজ্ঞাৰ সময়সীমা পুনৰ ৮ নৱেম্বৰলৈকে বৃদ্ধি কৰিছে। চলিত বছৰৰ ৩ মে ‘ৰ পৰা ৰাজ্যখনত আৰম্ভ হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছৰে পৰা মণিপুৰত নিষিদ্ধ হৈ আছিল মোবাইল ইণ্টাৰনেট সেৱা ।

ছেপ্টেম্বৰ মাহত কিছুদিনৰ বাবে ইয়াক খুলি দিয়া হৈছিল যদিও পিছত পুনৰ এই সেৱা বন্ধ কৰি দিয়া হৈছিল। ইয়াৰ মাজতে যোৱা বুধবাৰে মণিপুৰ ৰাইফলছৰ এটা শিবিৰত একাংশ ৰাইজে আক্রমণ চলোৱাৰ লগতে বিভিন্ন অস্ত্ৰ শস্ত্ৰ লুটপাটৰ ঘটনাও সংঘটিত কৰে (Manipur Violence)। ইয়াৰ পিছতে ৰাজ্য চৰকাৰখনে ৰাজ্যত ইণ্টাৰনেট সেৱা অনিৰ্দিষ্ট কাললৈ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

যোৱা মে’ মাহৰ পৰা কুকি আৰু মেইটেই জনজাতীয় লোকসকলৰ মাজত চলা সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা অশান্তিয়ে সমগ্ৰ ৰাজ্যখনক জোকাৰি গৈছে । ৰাজ্যখনত বৰ্তমানলৈকে প্ৰায় দুশ লোকৰ মৃত্যু হৈছে। এই অশান্তি নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰই চেষ্টা চলাই আহিছে যদিও বৰ্তমানলৈকে ৰাজ্যখনলৈ শান্তি ঘূৰাই আনিব পৰা নাই।

ইয়াৰ মাজতে ৰাজ্যখনৰ ম’ৰে অঞ্চলত মঙলবাৰে কুকি উগ্ৰপন্থীৰ দ্বাৰা এটা আক্ৰমণৰ ঘটনা সংঘটিত হয় । এই আক্ৰমণৰ সময়ত উগ্ৰপন্থীৰ দলটোৱে এজন আৰক্ষী বিষয়াকো গুলীয়াই হত্যা কৰে । আৰক্ষীৰ সূত্ৰ অনুসৰি ম’ৰেৰ ৭ নং ৱাৰ্ডৰ এখন বিদ্যালয়ৰ খেলপথাৰত থকা এটা শিবিৰত উগ্ৰপন্থীৰ দলটোয়ে কৰা গুলীচালনাত আৰক্ষী বিষয়াজন নিহত হৈছিল । কুকি উগ্ৰপন্থীৰ আক্ৰমণ নিহত আৰক্ষী বিষয়াজন আছিল মেইটেই সম্প্ৰদায়ৰ ।

ইফালে এই ঘটনাটোৰ পিছতে একাংশই দাবী কৰে যে লাহে লাহে ৰাজ্যখনলৈ শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ সময়তে, সমাজ বিৰোধী উপাদানবোৰে ৰাইজক প্ৰৰোচিত কৰি পুনৰ উত্তেজনা সৃষ্টি কৰিব বিচাৰিছে। যাৰ শেহতীয়া উদাহৰণটোৱেই হ’ল আৰক্ষীৰ ওপৰত চলোৱা এই আক্ৰমণ । ৰাজ্য চৰকাৰৰ মতে, অসামাজিক উপাদানবোৰে সামাজিক মাধ্যমৰ জৰিয়তে ঘৃণামূলক ভাষণ আৰু এনেধৰণৰ ছবি, ভিডিঅ’ প্ৰচাৰ চলাই সাধাৰণ জনতাক পুনৰ উত্তেজিত কৰিব পাৰে। যাৰ ফলত ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতি পুনৰ অৱনমিত হ’ব পাৰে। সেয়েহে ৰাজ্যখনত মোবাইল ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

ৰাজ্যৰ গৃহ আয়ুক্ত টি ৰঞ্জিত সিঙৰ স্বাক্ষৰিত নিৰ্দেশনাটোত কোৱা হৈছে যে ছ’চিয়েল মিডিয়াই সাধাৰণ ৰাইজক উচটনিমূলক তথ্য, ভুৱা বাতৰি প্ৰদান কৰিব পাৰে। যাৰ ফলত ৰাজহুৱা তথা ব্যক্তিগত সম্পত্তিৰ হানি হোৱাৰ লগতে প্ৰাণহানিৰ দৰে ঘটনাও সংঘটিত হ’ব পাৰে ।

লগতে পঢ়ক: Govt blocks Mahadev app: মহাদেৱ বুক এপকে ধৰি 22টা অবৈধ বেটিং এপক কৰা হ’ল নিষিদ্ধ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)