Rajnath approves maternity childcare leave: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মহিলা সৈনিকৰ প্ৰসূতি আৰু শিশুৰ পৰিচৰ্যাৰ ছুটীত অনুমোদন

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা এটা বিবৃতিত উল্লেখ কৰে যে মহিলা সৈনিকসকলৰ প্ৰসূতি আৰু চাইল্ড কেয়াৰৰ সময়ৰ বাবে ছুটীৰ অনুমোদনৰ এই সিদ্ধান্ত মোডী চৰকাৰৰ ‘নাৰী শক্তি’ (মহিলা শক্তি) ব্যৱহাৰৰ প্ৰতিশ্ৰুতিৰ সৈতে সামঞ্জস্য আছে। বিবৃতিটোত কোৱা হৈছে যে মহিলাসকলক সৈনিক, নাৱিক আৰু বিমান যোদ্ধা হিচাপে অন্তৰ্ভুক্ত কৰাৰ লগে লগে তিনিওটা সেৱাৰ এক দৃষ্টান্তমূলক পৰিৱৰ্তন ঘটিছে।

Rajnath approves maternity childcare leave for women soldiers, sailors, air warriors on par with officer counterparts
Rajnath approves maternity childcare leave: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মহিলা সৈনিকৰ প্ৰসূতি আৰু শিশুৰ যত্নৰ ছুটীত অনুমোদন

নতুন দিল্লী, ৫ নৱেম্বৰ: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনাৰ মহিলা সৈনিক, নাৱিক আৰু বিমান যোদ্ধাসকলক তেওঁলোকৰ পদবী অনুযায়ী প্ৰসূতি, শিশু পৰিচৰ্যা আৰু শিশু তুলি লোৱাৰ ক্ষেত্ৰত ছুটি প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে (Rajnath approves maternity childcare leave)। প্ৰতিৰক্ষা মন্ত্ৰালয়ে দেওবাৰে এক বিবৃতিৰ জৰিয়তে উল্লেখ কৰে যে সশস্ত্ৰ বাহিনীত মহিলাসকলৰ পদবী অনুযায়ী “সামগ্ৰিক অংশগ্ৰহণ”ৰ লগত সিঙৰ দৃষ্টিভংগীৰ মিল আছে ।

এই ব্যৱস্থাই সেনাবাহিনীত কৰ্মৰত মহিলাসকলৰ কৰ্ম পৰিস্থিতি উন্নত কৰি তুলিব বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিবৃতিটোৰ জৰিয়তে উল্লেখ কৰি কয়, এই অনুমোদনে তেওঁলোকৰ পেছাদাৰী আৰু পাৰিবাৰিক জীৱনৰ ভাৰসাম্য উন্নত কৰাত সহায়ক হ’ব। বিবৃতিটোত কোৱা হৈছে যে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁৰ সমকক্ষ বিষয়াসকলৰ সৈতে মহিলা সৈনিক, নাৱিক আৰু বিমান যোদ্ধাসকলৰ বাবে প্ৰসূতি, শিশুৰ পৰিচৰ্যা, তুলি লোৱাৰ ক্ষেত্ৰত সময় সম্প্ৰসাৰণ প্ৰস্তাৱটোক অনুমোদন জনাইছে (maternity childcare leave for women soldiers)।

এই অনুমোদনৰ পাছতে এতিয়া পদবী অনুযায়ী সেনাবাহিনীত কৰ্মৰত সকলো মহিলাই এই ছুটী লাভ কৰিব বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। বৰ্তমান সময়ত মহিলা বিষয়াসকলে প্ৰতিটো শিশুৰ বাবে (সৰ্বাধিক দুটা সন্তানলৈকে) সম্পূৰ্ণ দৰমহাৰ সৈতে ১৮০ দিনৰ প্ৰসূতি ছুটী লাভ কৰি আহিছে।

মন্ত্ৰালয়ে উল্লেখ কৰা অনুসৰি, মহিলা বিষয়াসকলক চাৰ্ভিচ কেৰিয়াৰৰ সময়চোৱাত মুঠ 360 দিনৰ শিশু(১৮ বছৰৰ তলৰ শিশুৰ ওপৰত নিৰ্ভৰ কৰি)ৰ পৰিচৰ্যাৰ বাবে ছুটি প্ৰদান কৰা হয় (maternity childcare leave for women sailors)। তাৰোপৰি সন্তান তুলি লোৱাৰ ক্ষেত্ৰত এবছৰৰ তলৰ শিশুৰ লালন-পালনৰ বাবে 180 দিনৰ ছুটিৰ ব্যৱস্থাও আছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

লগতে পঢ়ক: Most Polluted City: বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত দিল্লী, শীৰ্ষ ছয়ত ভাৰতৰ আৰু তিনিখন চহৰ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)