Assam Illegal Immigrants: অসমৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত নাগৰিকত্ব আইনৰ ধাৰা 6A ৰ বৈধতাৰ শুনানি পিছুৱালে ৫ ডিচেম্বৰলৈ

Supreme Court on Citizenship Acts Section 6A: অসমৰ অবৈধ অনুপ্ৰৱেশকাৰী সন্দৰ্ভত নাগৰিকত্ব আইনৰ ধাৰা 6Aৰ বৈধতা সম্পৰ্কীয় গোচৰৰ শুনানি স্থগিত ৰাখিলে উচ্চতম ন্যায়ালয়ে । অহা ৫ ডিচেম্বৰৰ পৰাহে আৰম্ভ হ’ব ইয়াৰ শুনানি ।

Assam illegal immigrants SC postpones hearing on challenge to Section 6A of Citizenship Act to Dec 5
Assam Illegal Immigrants: অসমৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত নাগৰিকত্ব আইনৰ ধাৰা 6A ৰ বৈধতাৰ শুনানি পিছুৱালে ৫ ডিচেম্বৰলৈ

নতুন দিল্লী, ৬ নৱেম্বৰ: অসমৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ সৈতে জড়িত সংশোধিত নাগৰিকত্ব আইনৰ ধাৰা 6A ৰ সাংবিধানিক বৈধতাৰ পৰীক্ষাৰ শুনানি স্থগিত ৰাখিলে উচ্চতম ন্যায়ালয়ে । অহা ৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব এই গোচৰৰ শুনানি। সোমবাৰে এই কথা সদৰী কৰে উচ্চতম ন্যায়ালয়ে (Supreme Court on Citizenship Acts Section 6A)। অসম চুক্তি অনুসৰি সামৰি লোৱা লোকসকলৰ নাগৰিকত্বৰ পৰীক্ষা কৰিবলৈ বিশেষ ব্যৱস্থা হিচাপে নাগৰিকত্ব আইনখনত 6A ধাৰা অন্তৰ্ভুক্ত কৰা হৈছিল(Section 6A of Citizenship Act)।

উল্লেখ্য যে, ১৯৮৫ চনত সংশোধিত নাগৰিকত্ব আইন অনুসৰি ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চলৈকে বাংলাদেশকে ধৰি কিছুমান অঞ্চলৰ পৰা অসমলৈ আহি বসবাস কৰি অহা লোকসকলে নাগৰিকত্ব আইনৰ ১৮ নং ধাৰা অনুসৰি নাগৰিক হিচাপে পঞ্জীয়ন কৰিব লাগিব (Assam Illegal Immigrants) । ইয়াৰ পৰিপেক্ষিতত অসমত আহি থিতাপি লোৱা বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব প্ৰদানৰ অন্তিম তাৰিখটো ১৯৭১ চনৰ ২৫ মাৰ্চ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল।

ইফালে সোমবাৰে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই বিষয়টো উল্লেখ কৰাৰ পিছতে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত চলা বিচাৰপীঠে গোচৰটো স্থগিত ৰাখি ইয়াৰ শুনানিৰ দিন পিছুৱাই দিয়ে । ছলিচিটৰ জেনেৰেলে কয়, “মই মোৰ আৰু ভাৰতৰ এটৰ্নী জেনেৰেলৰ হৈ বিষটো উল্লেখ কৰিছো। কাইলৈ ​​আহিবলগীয়া গোচৰটো হ’ল নাগৰিকত্ব সংশোধনী আইন। যিহেতু আজি দীপাৱলীৰ আগৰ অন্তিমটো কাৰ্যসপ্তাহ আৰু আমি মাত্ৰ সাংবিধানিক বিচাৰপীঠৰ পৰা ওলাই আহিছো, গতিকে আমাক কিছু সময়ৰ প্ৰয়োজন। সেয়েহে যদি গোচৰটো অলপ পিছুৱাই দিব পৰা যায়…”

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ এই আবেদনৰ পিছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে সকলো অধিবক্তাৰ সময়ৰ বিষয়ৰ ওপৰত আলোচনা কৰি অহা ৫ ডিচেম্বৰত বিষয়টোৰ শুনানিৰ বাবে নিৰ্ধাৰণ কৰে। উল্লেখ্য যে, মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে শুনানি গ্ৰহণ কৰাৰ কথা আছিল যদিও ইয়াক পিছুৱাই অহা ৫ ডিচেম্বৰৰ পৰাহে এই শুনানি আৰম্ভ কৰা হ’ব।

লগতে পঢ়ক: Manipur Violence: মণিপুৰত ইণ্টাৰনেট সেৱা নিষিদ্ধৰ সময়সীমা বৃদ্ধি

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)