Mizoram polls tomorrow: কাইলৈ মিজোৰামত নিৰ্বাচন; MNF, ZPM আৰু কংগ্ৰেছৰ ত্ৰিকোণীয় ৰণৰ বাবে সাজু মিজোৰাম

কাইলৈ অনুষ্ঠিত হ’ব মিজোৰামৰ বিধানসভাৰ নিৰ্বাচন (Mizoram Assembly Election 23) । এই নিৰ্বাচনৰ ভোট গণনা অহা ৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব ।

Mizoram polls tomorrow State gears up for triangular fight between MNF ZPM Congress
Mizoram polls tomorrow: কাইলৈ মিজোৰামত নিৰ্বাচন; MNF, ZPM আৰু কংগ্ৰেছৰ ত্ৰিকোণীয় ৰণৰ বাবে সাজু মিজোৰাম

গুৱাহাটী, ৬ নৱেম্বৰ: উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মিজোৰাম(North-eastern state of Mizoram)ত মঙলবাৰে অৰ্থাৎ কাইলৈ অনুষ্ঠিত হ’ব ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচন (Mizoram Assembly Election 23) । এই নিৰ্বাচনৰ ভোট গণনা অহা ৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব । এইবাৰৰ নিৰ্বাচনত মুঠ ১৭৪ গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছে।

মিজোৰামৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকী(CEO Mizoram)য়ে জনোৱা মতে মিজোৰামত মুঠ ভোটাৰৰ সংখ্যা ৮,৫১,৮৯৫ গৰাকী(Voters in Mizoram)। ইয়াৰে ৪,১২,৯৬৯ জন পুৰুষ, ৪,৩৮,৯২৫ গৰাকী মহিলা আৰু এগৰাকী আছে তৃতীয় লিংগৰ। তাৰোপৰি ৰাজ্যখনত মুঠ ৪,৯৭৩ গৰাকী চাৰ্ভিচ ভোটাৰ আছে(Service voters in Mizoram) ।

এইবাৰৰ নিৰ্বাচনত ১৮-১৯ বছৰ বয়সৰ নৱ প্ৰজন্মৰ ৫০,৬১১ গৰাকী ভোটাৰে পোন প্ৰথমবাৰৰ বাবে ভোটদান কৰিব । মিজোৰামত ভোটাৰৰ লিংগ অনুপাত(Sex ratio of voters in Mizoram) হৈছে ১০৬৩ গৰাকী। নিৰ্বাচনী জনসংখ্যাৰ অনুপাত হৈছে ৬৩.২৭ শতাংশ(Electoral population ratio)। ৰাজ্যখনত এইবাৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১২৭৬টা । ইয়াৰে ৫২৫টা চহৰ অঞ্চলত আৰু ৭৫১টা গ্ৰাম্য অঞ্চলত স্থাপন কৰা হৈছে(Mizoram polls tomorrow)।

ইয়াৰে ৰাজ্যখনত নিৰ্বাচনৰ বাবে নিৰ্ধাৰিত নিৰ্দিষ্ট কেন্দ্ৰসমূহত গৃহ ভোটদানৰ সুবিধাৰ জৰিয়তে প্ৰায় ২,০৫৮ টা ভোট আৰু ডাক বেলটৰ জৰিয়তে ৭,৪৯৭ টা ভোট গ্ৰহণৰ ব্যস্থা কৰা হৈছে।

উল্লেখ্য যে, ৪০ জনীয়া মিজোৰাম বিধানসভাৰ এইখনেই হৈছে একমাত্ৰ নিৰ্বাচনমুখী ৰাজ্য য’ত কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টি (বিজেপি) প্ৰাথমিক প্ৰতিদ্বন্দী নহয়।

২০১৮ চনৰ বিধানসভা নিৰ্বাচনত মিজো নেচনেল ফ্ৰণ্টে(MNF) ৩৭.৮ শতাংশ ভোট লৈ ২৬খন আসনেৰে ১০ বছৰীয়া কংগ্ৰেছ চৰকাৰক পৰাস্ত কৰি বিজয়ী হৈ ওলাই আহিছিল(Mizo National Front)।

২০১৮ চনৰ নিৰ্বাচনত আশ্চৰ্যজনকভাৱে দ্বিতীয় স্থান লাভ কৰা আঞ্চলিক দল জোৰাম পিপলছ মুভমেণ্টে (ZPM) আঠখন আসন লাভ কৰিছিল। এই দলটোক সকলোৱে এতিয়া শাসকীয় দলটোৰ মূল প্ৰতিদ্বন্দী হিচাপে গণ্য কৰিছে (Zoram Peoples Movement)।

২০১৮ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৫ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছিল মাত্ৰ এখন আসন। ইফালে এমএনএফ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (National Democratic Alliance) অংশ যদিও ৰাজ্যখনত ইয়াৰ অংশীদাৰৰ সৈতে প্ৰাক-নিৰ্বাচনী মিত্ৰতা কৰিবলৈ সন্মতি নিদিলে দলটোৱে । ইফালে ২০১৮ চনত ৩৯টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিয়ে এইবাৰ ২৩খন আসনৰ বিপৰীতেহে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা মিজো নেচনেল ফ্ৰন্ট পাৰ্টিৰ সভাপতি জোৰামথাংগাই(Chief Minister Zoramthanga) এইবাৰো পুনৰ আইজল ইষ্ট -১ সমষ্টিৰ পৰাই নিৰ্বাচন খেলিছে। একেধৰণে আইজল ৱেষ্ট- ৩ সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি লালস্বাতাই। ইফালে জোৰাম নেচনেলিষ্ট পাৰ্টি(Zoram Nationalist Party)ৰ প্ৰতিষ্ঠাপক তথা সভাপতি লালডুহোমাই ছেৰছিপৰ আসনখনৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

লগতে পঢ়ক: Manipur Violence: মণিপুৰত ইণ্টাৰনেট সেৱা নিষিদ্ধৰ সময়সীমা বৃদ্ধি

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)