The Nellie Story: ইলোৰা-অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখালৈ নিৰ্বাচন “নেলীৰ কথা”

নৱম ইলোৰা - অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাৰ পূৰ্ণদৈৰ্ঘৰ অসমীয়া মননশীল চিনেমা "নেলীৰ কথা" প্ৰতিযোগিতা শাখালৈ নিৰ্বাচন হৈছে (Ellora-Ajanta International Film Festival)।

The Nellie Story selected for Competition Section of Ellora-Ajanta International Film Festival 2023
The Nellie Story: ইলোৰা-অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখালৈ নিৰ্বাচন "নেলীৰ কথা"

নগাঁও, ৬ নৱেম্বৰ: পূৰ্ণদৈৰ্ঘৰ অসমীয়া চিনেমা “নেলীৰ কথা”লৈ আৰু এটা সফলতা(The Nellie Story)। নৱম ইলোৰা – অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাৰ পূৰ্ণদৈৰ্ঘৰ অসমীয়া মননশীল চিনেমা “নেলীৰ কথা” প্ৰতিযোগিতা শাখালৈ নিৰ্বাচন হৈছে (Ellora-Ajanta International Film Festival)। এই চলচ্চিত্ৰ মহোৎসৱ অহা জানুৱাৰী মাহৰ ৩ তাৰিখৰ পৰা ৭ জানুৱাৰীলৈ ঔৰংগাবাদত অনুষ্ঠিত হ’ব। পৰিচালক পাৰ্থজিৎ বৰুৱাই এই সফলতা অলপতে মৃত্যুক সাৱটি লোৱা “নেলীৰ কথা”ৰ সংগীত পৰিচালক ডেনিয়েল ইংতি আৰু এই চিনেমাখনতেই অভিনয় কৰা মুকুট চন্দ্ৰ ভূঞাৰ নামত উৎসৰ্গা কৰিছে।

অহা ডিচেম্বৰ মাহৰ ৮ তাৰিখে সমগ্ৰ অসমতে মুক্তি পাবলগীয়া এই চিনেমাখনে ইতিমধ্যে গ্ৰীচৰ ৬৪তম থেছালনিকী আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ মাৰ্কেটিং বিভাগলৈ আমন্ত্ৰণ লাভ কৰিছে ।

নেলীৰ গণহত্যাক মূল বিষয় হিচাপে লৈ সংবেদনশীলতাৰে “নেলীৰ কথা” চিনেমাখন নিৰ্মাণ কৰিছে। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ (বৰ্তমানে মৰিগাঁও জিলা) নেলীত সংঘটিত হোৱা এই কৰুণ ঘটনাক আজিও অসমীয়া সমাজে পাহৰিব পৰা নাই। নেলীৰ আকাশত যেন এতিয়াও বিয়পি আছে সেই আৰ্তনাদ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিএইচডিৰ ছাত্ৰ ৰাজীৱ পাটৰে ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত মুছলমানসকলৰ গণহত্যাৰ গমগ্ৰ ঘটনাটোৰ বিষয়ে জনাৰ উদ্দেশ্যে নেলীৰ মুছলমান অধ্যুষিত, দূৰৱৰ্তী গাঁওসমূহ পৰিদৰ্শন কৰিছিল, যাক নেলী গণহত্যা বুলিও জনা যায়, যি হৈছে অসমৰ সামাজিক-ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ আন্ধাৰ অধ্যায়। তেওঁৰ উদ্দেশ্য আছিল কি ঘটিছিল তাৰ সত্যতা আৱিষ্কাৰ কৰা। যেতিয়া তেওঁ গণহত্যাৰ চল্লিশ বছৰ পিছত নেলী নামৰ ঠাইখন পৰিদৰ্শন কৰিছিল, তেতিয়া তেওঁ আৱিষ্কাৰ কৰে যে গণহত্যাত মৃত্যু হোৱা লোকসকল সাধাৰণ লোক। সেই গাঁওবোৰত, শিশুসকলৰ চকুত দেখা পাইছিল সৰলতা। অৱশ্যে, তেওঁ নেলীৰ বিষয়ে বহু সত্য উন্মোচন কৰিবলৈ নোৱাৰিলে।

“নেলীৰ কথা” অসমীয়া চিনেমাখনে আমাৰ সমাজখনলৈ একতা আৰু সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিব। ভাল চিনেমাখন চাবলৈ আহক। ” পৰিচালক পাৰ্থজিৎ বৰুৱা আমাৰ আগত এইদৰে কয় ।
চিনেমাখনৰ মূখ্যচৰিত্ৰত অভিনয় কৰিছে অৰ্ঘদ্বীপ বৰুৱা। বিশ্ববিদ্যালয়ৰ এগৰাকী গবেষক ছাত্ৰ ৰাজীৱ পাটৰ ( অৰ্ঘদ্বীপ বৰুৱা) নেলীৰ ঘটনাটোৰ বিষয়ে জানিবলৈ গুৱাটীৰ পৰা নেলীৰ ভিতৰুৱা মুছলিম আৰু তিৱা গাওঁ সমূহলৈ যায়। বহু নজনা কথা জানিৱ পাৰে।

” নেলী কথা” চিনেমাখনৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য, আৰু সংলাপ পাৰ্থজিৎ বৰুৱাৰ। চানলিষ্ট ষ্টুডিঅ’ৰ বেনাৰত তেওঁ প্ৰযোজনা কৰা এই ছবিখনৰ সহকাৰী সংলাপ দিছে প্ৰাঞ্জল কুমাৰ মহন্তই। নীল বৰ্মন চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক । সুমন দুৱৰাই চিনেমাখনৰ ফটোগ্ৰাফী কৰিছে। সম্পাদনা হীৰক জ্যোতি পাঠকৰ, চাউণ্ড ডিজাইন আৰু মিক্সিং দেৱজিৎ গায়নৰ, কালাৰ গ্ৰেডিং ৰাজেশ যাদৱৰ লগতে সংগীত ঁ ডেনিয়েল ইংতিৰ।

“নেলীৰ কথা” শীৰ্ষক এই চিনেমাখনত অভিনয় কৰিছে ক্ৰমে অৰ্ঘদ্বীপ বৰুৱা, স্বাগতা ভৰালী, ৰয়ন্তী ৰাভা, ধনঞ্জয় দেৱনাথ, মহেন্দ্ৰ দাস, সুদৰ্শন নাথ, সপোনটি বৰদলৈ, ড° আশা কুঠাৰী চৌধুৰী, মুকুট চন্দ্ৰ ভূঞা, সুনয়না দত্ত, সমৰ জ্যোতি চৰকাৰ, মিণ্টু বৰুৱা, বৈষ্ণবী বৰা, সঞ্জীৱনী বৰা, চুচমিতা শইকীয়া, ত্ৰিদিশা আৰ. পৰাশৰ, পুনীৰাম শইকীয়া, লক্ষ্য জ্যোতি শইকীয়া, ৰূপম শইকীয়াই ।

লগতে পঢ়ক: Impact of spirituality on youth: যুৱ মানসিকতা আৰু তাৰ ওপৰত আধ্যাত্মিকতাৰ প্ৰভাৱ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)