Video of Popular song release: সত্তৰ দশকৰ ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীত ‘অটোৰিক্সা চলাও আমি দুয়ো ভাই’ৰ ভিডিঅ’ মুক্তি

এইচ এম ভিৰ লং প্লেয়িঙ ৰেকৰ্ডযোগে প্ৰস্তুত কৰা 'অটোৰিক্সা চলাও আমি দুয়ো ভাই' গীতটোত কণ্ঠ নিগৰাইছিল ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ ভাতৃ জয়ন্ত হাজৰিকাদেৱে । খুব সম্ভৱত এইটোৱে আছিল দুই ভাতৃ কণ্ঠশিল্পীয়ে দ্বৈত কণ্ঠ নিগৰোৱা সৰ্বাধিক জনপ্ৰিয় গীত ।

Video of popular songs Auto Rickshaw Chalao Ami Duyu Bhai by Bhupen Hazarika of 1970 released
Video of Popular song release: সত্তৰ দশকৰ ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীত ‘অটোৰিক্সা চলাও আমি দুয়ো ভাই’ৰ ভিডিঅ’ মুক্তি

গুৱাহাটী, ৬ নৱেম্বৰ: সত্তৰ দশকত সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত ‘অটোৰিক্সা চলাও আমি দুয়ো ভাই’ শীৰ্ষক গীতটো অতি জনপ্ৰিয় হৈছিল । আজিও গীতটো সকলো প্ৰজন্মৰ শ্ৰোতাৰ মাজত জনপ্ৰিয়তা অক্ষুণ্ণ আছে । এইচ এম ভিৰ লং প্লেয়িঙ ৰেকৰ্ডযোগে প্ৰস্তুত কৰা গীতটোত কণ্ঠ নিগৰাইছিল ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ ভাতৃ জয়ন্ত হাজৰিকাদেৱে । খুব সম্ভৱত এইটোৱে আছিল দুই ভাতৃ কণ্ঠশিল্পীয়ে দ্বৈত কণ্ঠ নিগৰোৱা সৰ্বাধিক জনপ্ৰিয় গীত (Legendary Bhupen Hazarika)।

সুখবৰ যে এই অতি জনপ্ৰিয় গীতটি নতুন প্ৰজন্মৰ এগৰাকী উদীয়মান মিউজিক ভিডিঅ’ পৰিচালক অশোক বৰাই দৃশ্য-শ্ৰাব্য মাধ্যমত সুন্দৰকৈ পৰিচালনা কৰি উলিয়াইছে । ভূপেন হাজৰিকাৰ সংগীতৰ গুণমুগ্ধ এগৰাকী ব্যক্তি প্ৰণৱজ্যোতি নেওগৰ প্ৰযোজনা আৰু পৰিকল্পনাৰে গীতটি নিৰ্মিত হৈছে । গীতটিৰ অডিঅ’ ৰেকৰ্ডিং আগতে বিশিষ্ট সংগীতজ্ঞ ৰূপম তালুকদাৰৰ সংগীত পৰিচালনাত নতুনকৈ প্ৰস্তুত কৰা হৈছে ।

গীতটিৰ নব্য সংস্কৰণত কণ্ঠ নিগৰাইছে অগতানুগতিক গায়নশৈলীৰে ছ’চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয়তা লাভ কৰা উদীয়মান কণ্ঠশিল্পী খনিন্দ্ৰ হাজৰিকাই । লগত সহযোগ কৰিছে মেঘদীপে । গীতটিৰ ভিডিঅ’ সংস্কৰণ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যুবাৰ্ষিকীলৈ শ্ৰদ্ধাঞ্জলি জনাই যোৱা ৫ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় (Tribute to Bhupen Hazarika) । গীতটি মুকলি কৰা সভাত উপস্থিত থাকে বিশিষ্ট লেখিকা-সাহিত্যিক লীনা শৰ্মা, অসম চৰকাৰৰ পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া আৰু কণ্ঠশিল্পী ড॰ মৌচুমী চহৰীয়া।

সত্তৰ দশকৰ ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীত ‘অটোৰিক্সা চলাও আমি দুয়ো ভাই’ৰ ভিডিঅ’ মুক্তি

‘ডিগ্‌নিটী অব্‌ লেবাৰ’ (Dignity of Labour) শীৰ্ষক ভিডিঅ’ৰ ক’ভাৰ ছংৰূপে অভিহিত কৰা গীতটিৰ ভিডিঅ’ পৰিচালনা, শিল্পীসকলৰ অভিনয়, তৰুণ কণ্ঠশিল্পী দুগৰাকীৰ সুন্দৰ গায়কীত আপ্লুত হৈ পৰা বুলি গীতটিৰ উন্মোচক লীনা শৰ্মাই মন্তব্য কৰে ৷ উন্মোচনী ভাষণত লীনা শৰ্মাই কয় যে অসমীয়া শিক্ষিত যুৱ সমাজক সকলো শ্ৰেণীৰ কৰ্ম কৰিবলৈ, সকলো শ্ৰমকে মৰ্যাদা দিয়াত উদ্বুদ্ধ কৰিবলৈ এই গীতটি ভূপেন হাজৰিকাই ৰচনা কৰিছিল । হাজৰিকাই শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক তেওঁলোকৰ শৈক্ষিক সাফল্যৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ স্ব-নিযুক্তিৰ পথ বিচাৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰিছিল ।

উল্লেখ্য ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাত ভূপেন হাজৰিকাৰ সৈতে জয়ন্ত হাজৰিকাই কণ্ঠ নিগৰোৱা গীতটি অতি জনপ্ৰিয় হৈছিল (Video of Popular song release)। আস্থা ক্ৰিয়েশ্যনছৰ বেনাৰত নিৰ্মিত ভিডিঅ’ গীতটিত অভিনয় কৰিছে– অচিন্তৰাজ কাশ্যপ, ৰূপান্তৰ দাস, ৰুণুমী শইকীয়া, বৈদূৰ্য চাংমাই আৰু শিৱৰাজ দেৱনাথে । ভিডিঅ’গ্ৰাফী পৃথ্বীৰাজ দত্তৰ । ৰুপসজ্জা পিজুমণি শৰ্মাৰ । অনাগত দিনতো ভূপেন হাজৰিকাৰ কালজয়ী গীতবোৰ আজিৰ প্ৰজন্মৰ আকৰ্ষণীয়কৈ দৃশ্য-শ্ৰাব্য মাধ্যমত নতুনকৈ সৃষ্টি হওক । তৰুণ পৰিচালক সকললৈ এই আহ্বান থাকিল । গানটো সম্প্ৰতি ‘Youtube’ত উপলব্ধ হৈছে ।

(ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজৰ সৌজন্যত)

লগতে পঢ়ক: The Nellie Story: ইলোৰা-অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখালৈ নিৰ্বাচন “নেলীৰ কথা”

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)