Shootout between police and dacoits: গোৱালপাৰাত আৰক্ষী-ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলী, নিহত দুটা ডকাইত

আগিয়া আৰক্ষীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তহল দি থকা অৱস্থাতে বিপৰীতে দিশৰ পৰা বাহন এখনেৰে আহি থকা ডকাইতৰ দলটোৱে আৰক্ষীৰ বাহনখন দেখি দলটোলৈ গুলীচালনা কৰে। আৰক্ষীয়েও ইয়াৰ প্ৰত্যাক্ৰমণ কৰাত দুয়ো পক্ষৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়।

Two dacoits killed in shootout between police and dacoits in Goalpara
Shootout between police and dacoits: গোৱালপাৰাত আৰক্ষী-ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলী, নিহত দুটা ডকাইত

গোৱালপাৰা, ৭ নৱেম্বৰ: গোৱালপাৰাৰ জিলাৰ আগিয়া-গোৱালপাৰা সংযোগী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা আৰক্ষী-ডকাইতৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা(Shootout between police and dacoits) । জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঋতুৰাজ দলেৰ নেতৃত্বত চলিছিল ডকাইতৰ বিৰুদ্ধে অভিযান । অভিযানকাৰী দলটোৱে পথত তহল হি থকা অৱস্থাতে আৰক্ষীৰ বাহন দেখি প্ৰথমে ডকাইতৰ দলটোৱে গুলী নিক্ষেপ কৰাত আৰক্ষীয়েও ইয়াৰ প্ৰত্যাক্ৰমণ কৰে ।

আৰক্ষীয়ে প্ৰত্যাক্ৰমণত কৰা গুলীচালনাত গুলীবিদ্ধ হৈ দুটা ডকাইত নিহত হোৱাৰ লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ দুজন আৰক্ষী আহত হৈছে । ঘটনাস্থলীত নিহত ডকাইত দুটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুটাকৈ পিষ্টলসহ কেইবাজাই সজীৱ গুলী। লগতে ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা বলেৰো বাহনখনো জব্দ কৰিছে আৰক্ষীয়ে।

নিহত ডকাইত দুটা ক্ৰমে মেঘালয়ৰ অমৰ থাপা আৰু শ্বেইখ ফৰিদুল ইছলাম বুলি আৰক্ষীয়ে ইতিমধ্যে চিনাক্ত কৰিছে । ইয়াৰে দুধৰ্ষ ডকাইত অমৰ থাপা পূৰ্বতেওঁ বহু অপৰাধৰ লগত‌ জড়িত থকাৰ লগতে অসম আৰু মেঘালয় আৰক্ষীৰ নিদ্ৰা হৰণ কৰি আহিছিল।

গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, আগিয়া আৰক্ষীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তহল দি থকা অৱস্থাতে বিপৰীতে দিশৰ পৰা বাহন এখনেৰে আহি থকা ডকাইতৰ দলটোৱে আৰক্ষীৰ বাহনখন দেখি দলটোলৈ গুলীচালনা কৰে। আৰক্ষীয়েও ইয়াৰ প্ৰত্যাক্ৰমণ কৰাত দুয়ো পক্ষৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়। প্ৰায় আধা ঘণ্টা ধৰি হোৱা এই সংঘৰ্ষত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হয় দুটা ডকাইত ।

ততাতৈয়াকৈ আৰক্ষীয়ে গুলীবিদ্ধ ডকাইত দুটাক গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ নি ভৰ্তি কৰাই যদিও প্ৰাথমিক চিকিৎসা চলি থকা অৱস্থাতে দুয়োটা ডকাইতৰ মৃত্যু ঘটে। আনহাতে ডকাইতৰ চলন্ত বাহনখনৰ খুন্দাত আগিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাস আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এজন কনিষ্টবলেও সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় ।

উল্লেখ যে, নিহত অমৰ থাপা নামৰ ডকাইতটোৱে মেঘালয়ৰ জিএন এলএ উগ্ৰপন্থীৰ সৈতে মিলিত হৈ ২০১৭ আৰু ২০১৮ বৰ্ষত কেইবাটাও অপহৰণৰ ঘটনা সংঘটিত কৰিছিল। নিহত অমৰ থাপাৰ বিৰুদ্ধে গোৱালপাৰা জিলাত আঠটাকৈ ধনদাবী, হত্যা আৰু অপহৰণৰ গোচৰ ৰুজু হৈ আছে। নিহত ডকাইত দুটাৰ পৰা দুটাকৈ পিস্তল আৰু কেইবাজাই সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা এখন বলেৰো বাহনো জব্দ কৰিছে আৰক্ষীয়ে। বৰ্তমানলৈকে নিহত ডকাইত দুটাক মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে।

লগতে পঢ়ক: Assam Illegal Immigrants: অসমৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত নাগৰিকত্ব আইনৰ ধাৰা 6A ৰ বৈধতাৰ শুনানি পিছুৱালে ৫ ডিচেম্বৰলৈ