Kamal Haasan Birthday special: কমল হাছান অভিনীত কেইখনমান বিশেষ ছবি

Birthday special: Kamal Haasan films to binge watch
Kamal Haasan Birthday special: কমল হাছান অভিনীত কেইখনমান বিশেষ ছবি

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ৬ নৱেম্বৰ: ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী কিংবদন্তি অভিনেতা কমল হাছান, যি অভিনেতাগৰাকীৰ বহুমুখী প্ৰতিভা আৰু প্ৰভাৱশালী অভিনয়ৰ বাবে সকলোৰে বাবে চিৰ পৰিচিত। যদিহে আপুনি এইগৰাকী অভিনেতাৰ কেইখনমান শ্ৰেষ্ঠ ছবি উপভোগ কৰি তেখেতৰ জন্মদিনটো উদযাপন কৰিব বিচাৰিছে, তেন্তে ইয়াত জনপ্ৰিয় অভিনেতাগৰাকীৰ চাবলগীয়া পাঁচখন ছবিৰ বিষয়ে উল্লেখ কৰা হ’ল(Kamal Haasan Birthday special)।

Indian
এই ছবিখনত এজন প্ৰবীণ স্বাধীনতা সংগ্ৰামীৰ চৰিত্ৰত অভিনয় কৰিছিল । সমাজত বৃদ্ধি পোৱা অপৰাধ আৰু দুৰ্নীতিত ক্ৰোধিত হৈ প্ৰবীণ স্বাধীনতা সংগ্ৰামীজনে প্ৰাচীন যুদ্ধ কলাৰ কৌশল ব্যৱহাৰ কৰি সকলো অন্যায়কাৰীক এটা এটাকৈ মৃত্যুদণ্ড বিহিছিল।

Hey Ram
এই ছবিখনত কমল হাছানে সাকেথ ৰামৰ চৰিত্ৰটোত অভিনয় কৰিছিল । ছবিখনত তেওঁৰ পত্নীক কলিকতাৰ এটা সংঘৰ্ষৰ সময়ত ধৰ্ষণ কৰি হত্যা কৰা হৈছিল । তেওঁ ধৰি লৈছিল যে দেশৰ সকলো অশান্তিৰ বাবে মহাত্মা গান্ধীয়েই দোষী আৰু তেওঁক হত্যা কৰিবলৈ ওলাই আহিছিল।

Chachi 420
একমাত্ৰ সন্তানটোৰ লগত থকাৰ উদ্দেশ্যেই কমল হাচান অভিনীত বিবাহ বিচ্ছেদিত ল’ৰাৰ চৰিত্ৰটোৱে তেওঁৰ সন্তানটিৰ কাষলৈ যাবৰ বাবে এগৰাকী চাচীৰ বেশ লৈছিল। যেতিয়া শিশুটিৰ ককাকে চাচীৰ ছদ্মবেশত থকা পূৰ্বৰ জোঁৱাইজনৰ প্ৰেমত পৰে, তেতিয়াই জটিল হৈ পৰা কাহিনীটোয়ে দৰ্শকক দিছিল এক বিশেষ আমোদ।

Nayagan
মণি ৰত্নমৰ দ্বাৰা পৰিচালিত এটা অপৰাধধৰ্মী কাহিনীৰে নিৰ্মিত এই ছবিখনত কমল হাচানে কৰা অভিনয়ক অন্যতম শ্ৰেষ্ঠ অভিনয় হিচাপে গণ্য কৰা হয়। ছবিখনত তেখেতে মোম্বাইস্থিত এজন তামিল গেংষ্টাৰৰ চৰিত্ৰত অভিনয় কৰিছিল, যি মুম্বাই আণ্ডাৰৱৰ্ল্ডত এক শক্তিশালী লোক বিচাপে পৰিচিত হৈ পৰিছিল।

Moondram Pirai
হিন্দীত ডাব কৰা ছবি ‘সদমা’ নামেৰে জনাজাত এই ছবিখনত কমল হাছানৰ এক অকল্পনীয় অভিনয় দক্ষতা দেখিবলৈ পোৱা হৈছিল। হাছানে ছবিখনত এজন যুৱকৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে হৃদয়স্পৰ্শী আৰু আৱেগিক কাহিনীৰে নিৰ্মিত এই ছবিখনত শ্ৰীদেৱীয়ে অভিনয় কৰা এগৰাকী স্মৃতিভ্ৰমশীল মহিলাৰ চৰিত্ৰটোৰ পৰিচৰ্যা কৰিছিল ।

লগতে পঢ়ক : Video of Popular song release: সত্তৰ দশকৰ ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীত ‘অটোৰিক্সা চলাও আমি দুয়ো ভাই’ৰ ভিডিঅ’ মুক্তি

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)