Sankardeva Sangha controversy: মই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ কিয় ত্যাগ কৰিলোঁ ?

"মোৰ একমাত্ৰ বাইদেউৰ বিয়া ২০০১ চনত সম্পূৰ্ণ নাথ ধৰ্ম অৰ্থাৎ শৈৱ ধৰ্মৰ সামবেদ অনুসৰি হৈছিল। মোৰ দেউতাই সেইবাবেই কণ্যাদানো কৰিব পৰা নাছিল। মোৰ খুৰা যিহেতু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সদস্য নাছিল সেয়ে কণ্যাদান তেওঁ কৰিছিল। যিহেতু বৈদিক কৰ্ম কৰি হোম পুৰি মোৰ বাইদেউৰ বিয়া আমাৰ ঘৰৰ চোতালত হৈছিল সেয়ে ৬ মাহৰ বাবে আমাৰ ঘৰখনক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পৰা আতঁৰাই ৰখা হৈছিল।" বদৰুদ্দিন আজমলক মঞ্চ দি বিতৰ্কৰ আৱৰ্তত পুনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ । এই বিতৰ্কৰ মাজতে আজিৰ মতামতত বিশ্বজিৎ নাথৰ এটি বিশেষ লেখা ।

Sankardev Sangha controversy Srimanta Sankardeva Sangha is in controversy
Sankardev Sangha controversy: মই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ কিয় ত্যাগ কৰিলোঁ ?

১৯৯৫ চনত মই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নীয়মেৰে শৰণ লৈছিলোঁ। মোক শৰণ বাক্য প্ৰদান কৰিছিল তদানীন্তন শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ কৰুণাকান্ত কলিতাই। ১৯৯৭ চনত মই ভজন লৈছিলোঁ। মোক ভজন বাক্য প্ৰদান কৰিছিল তদানীন্তন শৰণাচাৰ্য বংশীৰাম বড়োৱে। ১৯৯৮ চনৰ কথা। ছিপাঝাৰত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰথম যুৱক-যুৱতী সমাৰোহ অনুষ্ঠিত হৈছিল। উক্ত সমাৰোহত বক্তৃতা প্ৰতিযোগিতাত মই প্ৰথম স্থান লাভ কৰিছিলোঁ। দ্বিতীয় স্থান লাভ কৰিছিল বিগত কাৰ্যকালৰ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই। প্ৰথম স্থান লাভ কৰাৰ বাবে পিছদিনাখনৰ মুকলি সভাত মই সভাপতিত্ব কৰিছিলোঁ। Presiding is the honour and Prize । মই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নীয়মেৰে নিজৰ বিয়াও পাতিছিলো।

সময় বাগৰিল। লাহে লাহে মই লক্ষ্য কৰিলোঁ যে, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিভিন্ন ধৰ্মালোচনী সভা বা মেলে-মিটিঙে আব্ৰাহামীয় মতবাদক সমালোচনা কৰাৰ সলনি কেৱল আৰু কেৱলমাত্ৰ সনাতন হিন্দু ধৰ্মৰ বিভিন্ন পন্থ (শৈৱ, শাক্ত আৰু মূৰ্তি পূজা)ক তুচ্ছ-তাছিল্য কৰি সমালোচনা কৰা হয়। শংকৰ-মাধৱৰ বিশাল কৰ্মৰাজীৰ ওপৰত কমহে আলোচনা কৰা হয়। আটাইতকৈ ডাঙৰ কথাটো হৈছে, উক্ত আলোচনা সমূহত ইছলাম আৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা ধৰ্ম-দৰ্শনক এক হিচাপে তুলনা কৰিবলৈ কুন্ঠাবোধ নকৰা হ’ল। শাক্ত আৰু শৈৱ ধৰ্মৰ অনুগামী সকলক দূৰতে বিদূৰ কৰি বিভিন্ন মুছলমান সম্প্ৰদায়ৰ ব্যক্তিক বৰপিৰা পাৰি দিয়া হয়। মুঠৰ ওপৰত গৰু খোৱা মুছলমান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ আপোন হৈ পৰিল। সেই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাপ-আইৰ আৰাধ্য ভগৱান শ্ৰীকৃষ্ণৰ আটাইতকৈ আপোন আছিল গৰু।

মোৰ একমাত্ৰ বাইদেউৰ বিয়া ২০০১ চনত সম্পূৰ্ণ নাথ ধৰ্ম অৰ্থাৎ শৈৱ ধৰ্মৰ সামবেদ অনুসৰি হৈছিল। মোৰ দেউতাই সেইবাবেই কণ্যাদানো কৰিব পৰা নাছিল। মোৰ খুৰা যিহেতু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সদস্য নাছিল সেয়ে কণ্যাদান তেওঁ কৰিছিল। যিহেতু বৈদিক কৰ্ম কৰি হোম পুৰি মোৰ বাইদেউৰ বিয়া আমাৰ ঘৰৰ চোতালত হৈছিল সেয়ে ৬ মাহৰ বাবে আমাৰ ঘৰখনক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পৰা আতঁৰাই ৰখা হৈছিল। ইয়াৰ পিছত দেউতা আৰু মই ৬ মাহৰ পিছত নামঘৰত তামোল-পাণ আগবঢ়াই ক্ষমা প্ৰাৰ্থনা কৰি পুনৰ সংঘৰ সদস্য পদ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। ইয়াৰোপৰি আছিল সনাতন হিন্দু ধৰ্মৰ বিভিন্ন দেৱ-দেৱীক পূজা-পাতল কৰা সন্দৰ্ভত বাধা নিষেধ।

একপ্ৰকাৰ ১৯৯৫ চনৰ পৰা ২০০৩ চনলৈকে মই নিজেও কোনো মঠ-মন্দিৰ বা পূজা-পাৰ্বনত অংশগ্ৰহণ কৰা নাছিলোঁ। আনকি মন্দিৰৰ তিলক পৰ্যন্ত লোৱা নাছিলো । তেতিয়ালৈকে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই মোৰ মগজুত ৰোপন কৰা একেশ্বৰবাদে ক্ৰীড়া কৰি আহিছিল। কিন্তু সৌভাগ্য ক্ৰমে ২০০৪ চনত মোৰ সাক্ষাৎ হয় তদানীন্তন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ আচাৰ্য দয়াল কৃষ্ণ বৰাৰ সৈতে। তেওঁ আছিল আকৌ এক শৰণ ভাগৱতী সমাজৰো আচাৰ্য। দয়াল দাই মোক সনাতন হিন্দু ধৰ্মৰ বিশালতাৰ মাজত অৱগাহন কৰোৱালে। এক অৰ্থত তেওঁ মোক নতুন দিগন্তই নহয়; নতুন জীৱন দান দিলে।

২০২১ চনৰ জানুৱাৰী মাহৰ কথা। মোৰ এটা ফেচবুক পষ্টক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হ’ল। আমাৰ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলাৰ নৰোত্তম প্ৰাথমিক শাখাৰ নামঘৰত মোক লৈ বিচাৰ হ’ল। মোকো বিচাৰৰ কাঠগড়াত থিয় কৰোৱা হ’ল। উক্ত বিচাৰত ভাগ ল’বলৈ অহা বহু কেইজন বাপে মোক কৈছিল যে মই বোলে পিতৃ ধৰ্ম এৰিলোঁ। মই কৈছিলো মোৰ পিতৃ মুছলমান আছিল নে খ্ৰীষ্টান আছিল? মোৰ পিতৃ-মাতৃৰ বিয়াও সম্পূৰ্ণ বৈদিক প্ৰথাৰে হোম পুৰি হৈছিল। মোৰ পিতৃয়ে ১৯৮৮ চনতহে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সদস্য পদ গ্ৰহণ কৰিছিল। ইয়াৰ আগলৈকে তেওঁ হাঁহ-পাৰ মুছৰীয়েই মাৰিছিল। মোৰ উত্তৰ পুৰুষ সনাতন ধৰ্মীয়েই আছিল। তেতিয়াই মই স্পষ্ট ভাবে উল্লেখ কৰিছিলোঁ যে, আজি মোৰ জন্মদাত্ৰী আইৰ মোৰ চিন্তা-চৰ্চা আৰু দৰ্শনৰ মাজত পাৰ্থক্য আছে। যদিহে মোৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হয় তেন্তে মোৰ কোনো আপত্তি নাই। আজিৰ পৰা মই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ লগত নাই।

শেহতীয়াকৈ গোৱালপাৰা জিলাত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সমাৰোহত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলক চৰণ স্পৰ্শ কৰি সম্বৰ্ধনা জনোৱা বিষয়টোত মই তীব্ৰ আপত্তি কৰিছিলোঁ। কাৰণ মৌলানা বদৰুদ্দিন আজমল মুছলমান বুলি মই আপত্তি দৰ্শোৱা নাই। তেওঁ এগৰাকী ইছলামীক মৌলবাদী ব্যক্তি আৰু প্ৰতিনিয়ত অসমীয়া আৰু হিন্দু সমাজক তুচ্ছ-তাছিল্য কৰি উপুলিঙা কৰি আহিছে। তেওঁৰ স্থানত যদিহে বন্ধ্যাকৰণৰ যোগেদি বিপ্লৱ সৃষ্টি কৰা ডাক্টৰ ইলিয়াছ আলীৰ দৰে মুছলমান সমাজৰ বিশিষ্ট ব্যক্তিক এই সন্মান প্ৰদান কৰা হেতেন কাৰো আপত্তি নাছিল। কিন্তু সম্বৰ্ধনা দিয়া হ’ল কাক !

কালি অসমৰ জনপ্ৰিয় চেটেলাইট নিউজ চেনেল ND 24 ত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াক কেন্দ্ৰ কৰি এটা বাতৰি প্ৰচাৰ কৰা হৈছিল (Sankardeva Sangha controversy)। তেওঁৰ বিৰুদ্ধে অৰ্থশৌচ অৰ্থাৎ Economic offence ৰ গুৰুতৰ অভিযোগ আছে। কেৱলমাত্ৰ এয়েই নহয়;তেওঁ উক্ত অভিযোগত আদালতৰ দ্বাৰা দোষীও সাব্যস্ত হৈছিল। তেওঁ আকৌ সংঘৰ প্ৰধান সম্পাদক। ইপিনে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ গৰাকী ৰঙিয়া কলেজৰ অধ্যক্ষ হৈ থাকোঁতে University Grant commission ৰ ধনৰ ব্যাপক অৰ্থনৈতিক কেলেংকাৰীৰ অভিযোগো আছে। এই সন্দৰ্ভত কিন্তু সংঘ নিমাত-নিতাল।

মই আগতেও কৈছিলো আৰু এতিয়াও কম যে, শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনা কোন হয় মোক কোনেও শিকাব নালাগে। এগৰাকী অসমীয়া হিচাপে তেওঁ আমাৰ পৰম গুৰু। শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ওপৰত কোনো ক্লাবে পেটেণ্ট লৈ থোৱা নাই। তেওঁৰ ওপৰত প্ৰতিজন অসমীয়াৰ কপিৰাইট আছে। বাওঁপন্থীৰ ৰণচালিত পৰিণত হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই গুৰুজনাক অপভ্ৰংশ কৰিলে কিন্তু আমিয়ো হাত-সাৱটি বহি নাথাকো ।

বিশ্বজিৎ নাথ
০৭/১১/২০২৩
গুৱাহাটী।

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)