Assam Railway Station awarded: ৰঙিয়া আৰু মৰিয়নী ৰেলৱে ষ্টেচনে লাভ কৰিলে ‘Eat Right Station’ৰ প্ৰমাণপত্ৰ

যাত্ৰীসকলক সুৰক্ষিত আৰু স্বাস্থ্যকৰ খাদ্য যোগানৰ মাপকাঠী নিৰ্ধাৰণ কৰি এফএছএআইয়ে পূৰ্বৰে পৰাই ৰেল ষ্টেচনসমূহক 'Eat Right Station'ৰ প্ৰমাণপত্ৰ প্ৰদান কৰি আহিছে (FSSAI awarded railway station in Assam)।

Assam Railway Station awarded Rangiya and Mariani Railway Stations achieves Eat Right Station certification
Assam Railway Station awarded: ৰঙিয়া আৰু মৰিয়নী ৰেলৱে ষ্টেচনে লাভ কৰিলে 'Eat Right Station'ৰ প্ৰমাণপত্ৰ

গুৱাহাটী, ৯ নৱেম্বৰ: যাত্ৰীসকলক উন্নত মানদণ্ডৰ পুষ্টিকৰ খাদ্য যোগান ধৰাৰ স্বীকৃতিস্বৰূপে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ(Northeast Frontier Railway) অন্তৰ্গত ৰঙিয়া আৰু মৰিয়নী ৰেলৱে ষ্টেচনক ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে (Food Safety and Standards Authority of India) ‘Eat Right Station’ ৰ প্ৰমাণপত্ৰ প্ৰদান কৰে।

যাত্ৰীসকলক সুৰক্ষিত আৰু স্বাস্থ্যকৰ খাদ্য যোগানৰ মাপকাঠী নিৰ্ধাৰণ কৰি এফএছএআইয়ে পূৰ্বৰে পৰাই ৰেল ষ্টেচনসমূহক এই প্ৰমাণপত্ৰ প্ৰদান কৰি আহিছে (FSSAI awarded railway station in Assam)।

ষ্টেচন দুটাই FSSAI ৰ দ্বাৰা তৈয়াৰ কৰা নিৰ্দেশনাসমূহ নিয়াৰিকৈ পূৰণ কৰিবলৈ সক্ষম হোৱাৰ বাবেই এই প্ৰমাণপত্ৰ পাবলৈ সক্ষম হৈছে(Guidelines established by FSSAI)। ৰঙিয়া ৰেল ষ্টেচন(Rangiya Railway Station)ক ২০২৩ ৰ ২৫ ছেপ্টেম্বৰৰ পৰা ২০২৫ ৰ ২৪ ছেপ্টেম্বৰলৈকে আৰু মৰিয়নী ৰেলৱে ষ্টেচন(Mariani Railway Station)ক ২০২৩ ৰ ১৯ অক্টোবৰৰ পৰা ২০২৫ চনৰ ১৮ অক্টোবৰলৈকে নিৰ্ধাৰিত সময়ছোৱাৰ বাবে এই প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে।

ইফালে যাত্ৰীসকললৈ সুৰক্ষিত আৰু স্বাস্থ্যকৰ খাদ্য যোগান(Safe and hygienic food for passenger) নিশ্চিত কৰাৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ভৱিষ্যতেও এফ এছ এছ এ আইৰ দ্বাৰা ‘Eat Right Station’ ৰ স্বীকৃতি পাবৰ বাবে অধিক ষ্টেচনক সামৰি লোৱাৰ পৰিকল্পনা কৰিছে । ইতিমধ্যেই প্ৰয়োজনীয় প্ৰচেষ্টা চলোৱাৰ কথাও উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ফালৰ পৰা জানিবলৈ দিয়ে । অৱশ্যে ইয়াৰ পূৰ্বে এন এফ ৰেলৱেৰ গুৱাহাটী, হৰিশচন্দ্ৰপুৰ আৰু লামডিং ৰেলৱে ষ্টেচনক FSSAIৰ দ্বাৰা ‘ইট ৰাইট ষ্টেচন’ৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে(Assam Railway Station awarded)।

উল্লেখ্য যে মানক খাদ্য সংৰক্ষণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পদ্ধতিসমূহ মানি চলা ৰেলৱে ষ্টেচনসমূহক এফ এছ এছ এ আইৰ তৰফৰ পৰা এই প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। এফ.এছ.এছ.এ.আই.-ৰ তালিকাভুক্ত তৃতীয়-পক্ষৰ অডিট এজেঞ্চীৰ পৰা পোৱা প্ৰতিবেদনৰ পিছতে নিৰ্দিষ্ট ষ্টেচনটোক এই প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

‘ইট ৰাইট ইণ্ডিয়া’ আন্দোলন(Eat Right India movement)ৰ অংশ হিচাপে দেশৰ সকলো নাগৰিকৰ বাবে সুৰক্ষিত, স্বাস্থ্যকৰ আৰু বহনক্ষম খাদ্য সুনিশ্চিত কৰাৰ বাবেই এফএছএছএআইয়ে এই বৃহৎ পৰিসৰৰ কাৰ্যসূচীৰ জৰিয়তে Eat Right Station ৰ প্ৰমাণপত্ৰ প্ৰদান কৰি আহিছে ।

লগতে পঢ়ক: Lady drug peddler arrested: নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এগৰাকী মহিলা

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)