Propaganda against Raghav: সামাজিক মাধ্যমত ‘ৰাঘৱ’ ৰ বিৰুদ্ধে অপপ্ৰচাৰ: আৰক্ষীৰ কাষ চাপিল ছবিৰ প্ৰযোজিকা

অভিনেতা-পৰিচালক যতীন বৰাৰ শেহতীয়া ছবি ৰাঘৱ যোৱা ২৭ অক্টোৱৰত মুক্তি লাভ কৰিছিল যদিও একাংশ লোকে সামাজিক মাধ্যমৰ জৰিয়তে চলোৱা বিভিন্ন অপপ্ৰচাৰ(Raghav on social media) আৰু ট্ৰ'লৰ ফলত ব্যৱসায়ীক দিশত ছবিখনে ব্যৱসায়ীক দিশত মুখ থেকেচা খাবলগা হৈছিল ।

Propaganda against Raghav on social media Film producer approaches police
Propaganda against Raghav: সামাজিক মাধ্যমত 'ৰাঘৱ' ৰ বিৰুদ্ধে অপপ্ৰচাৰ: আৰক্ষীৰ কাষ চাপিল ছবিৰ প্ৰযোজিকা

গুৱাহাটী,৯ নৱেম্বৰ: জে বি প্ৰডাকচনৰ বেনাৰ নিৰ্মিত সদ্যমু্ক্তি প্ৰাপ্ত অসমীয়া কথাছবি ‘ৰাঘৱ’ক লৈ সামাজিক মাধ্যমত চলোৱা বিভিন্ন অপপ্ৰচাৰ(Propaganda against Raghav) আৰু ট্ৰ’ল কৰাসকলৰ বিৰুদ্ধে ক্ষুব্ধ হৈ বিহিত ব্যৱস্থা গ্ৰহণৰ আবেদনেৰে অসম আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাৰ কাষ চাপিছে ছবিখনৰ প্ৰযোজিকা নিবেদিতা শৰ্মা ।

অভিনেতা-পৰিচালক যতীন বৰাৰ শেহতীয়া ছবি ৰাঘৱ যোৱা ২৭ অক্টোৱৰত মুক্তি লাভ কৰিছিল যদিও একাংশ লোকে সামাজিক মাধ্যমৰ জৰিয়তে চলোৱা বিভিন্ন অপপ্ৰচাৰ(Raghav on social media) আৰু ট্ৰ’লৰ ফলত ব্যৱসায়ীক দিশত ছবিখনে ব্যৱসায়ীক দিশত মুখ থেকেচা খাবলগা হৈছিল ।

উল্লেখ্য যে, মুক্তিৰ পূৰ্বৰে পৰাই পৰা ছবিখনকলৈ একাংশ লোকে সামজিক মাধ্যমত বিভিন্ন নেতিবাচক মন্তব্যৰে সমালোচনা কৰা পৰিলক্ষিত হৈছিল । বিভিন্ন নেতিবাচক মন্তব্যৰে ৰাঘৱৰ মুখ্য অভিনেতা তথা পৰিচালক যতীন বৰাক থকা সৰকা কৰাসকলৰ বিৰুদ্ধে উপযুক্ত শাস্তি বিচাৰি অৱশেষত ছবিখনৰ প্ৰযোজিকাগৰাকীয়ে অসম আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাৰ কাষ চাপিবলৈ বাধ্য হয় (Film producer approaches police) ।

বৃহস্পতিবাৰে জে বি প্ৰডাক্সনৰ বেনাৰত নিৰ্মিত ‘ৰাঘৱ’ৰ প্ৰযোজিকাগৰাকীয়ে অসম আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাত উপস্থিত হৈ ছবিখনৰ বিৰুদ্ধে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলাৱোসকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে। প্ৰাপ্ত তথ্যমতে, অসম আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাই ইতিমধ্যেই নেতিবাচক মন্তব্য কৰাসকলৰ একাংশক তলব কৰিবৰ বাবে এখন তালিকাও প্ৰস্তুত কৰিছে।

উল্লেখ্য যে, অসমকে ধৰি দেশৰ বহুকেইখন মহানগৰীত মুক্তি দিয়া হৈছিল যতীন বৰা পৰিচালিত তথা অভিনীত ৰাঘৱ(Raghav directed and starred by Jatin Bora) । মুক্তিৰ পাছতে ছবিখনে দৰ্শকৰ পৰা সহাৰি লাভ কৰিছিল যদিও সামাজিক মাধ্যমত চলা বিভিন্ন নেতিবাচক সমালোচনাৰ ফলত লাহে লাহে সেই সহাৰি কমি অহাত ছবিখনে বানিজ্যিকভাৱে বহুখিনি লোকচানৰ সন্মুখীন হ’বলগা হৈছিল ।

লগতে পঢ়ক: Video of Popular song release: সত্তৰ দশকৰ ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীত ‘অটোৰিক্সা চলাও আমি দুয়ো ভাই’ৰ ভিডিঅ’ মুক্তি

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)