Delhi air quality improves: এজাক পাতল বৰষুণৰ পিছত সামান্য উন্নত দিল্লীৰ বায়ুৰ গুণাগুণ, আজি অধিক বৰষুণৰ সম্ভাৱনা

দিল্লীৰ প্ৰদূষণৰ পৰিস্থিতি হ্ৰাস কৰাৰ বাবে দিল্লী চৰকাৰে কৃত্ৰিম বৰষুণ(Artificial rain) অনাৰ এটা পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে লোৱা পদক্ষেপৰ সময়তে ৰাজধানী চহৰখনত পৰিল বৰষুণ।

Delhi air quality improves slightly after light rains more showers likely today
Delhi air quality improves: এজাক পাতল বৰষুণৰ পিছত সামান্য উন্নত দিল্লীৰ বায়ুৰ গুণাগুণ, আজি অধিক বৰষুণৰ সম্ভাৱনা

নতুন দিল্লী, ১০ নৱেম্বৰ: দেশৰ ৰাজধানী অঞ্চল(National Capital Region) দিল্লী, গুৰুগ্ৰাম, নয়ডা আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বৃহস্পতিবাৰ আৰু শুকুৰবাৰৰ মাজনিশা হোৱা বৰষুণৰ ফলত যোৱা কিছুদিন ধৰি হৈ থকা বায়ুৰ গুণাগুণ(Bad air quality) সামান্য পৰিমানে উন্নত হোৱা পৰিলক্ষিত হৈছে (Delhi air quality improves)।

দিল্লীৰ প্ৰদূষণৰ পৰিস্থিতি হ্ৰাস কৰাৰ বাবে দিল্লী চৰকাৰে কৃত্ৰিম বৰষুণ(Artificial rain) অনাৰ এটা পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে লোৱা পদক্ষেপৰ সময়তে ৰাজধানী চহৰখনত পৰিল বৰষুণ।

কাৰ্তব্য পথ, আইটিঅ’ আৰু দিল্লী-নয়ডা সীমান্তত পাতলৰ পৰা মজলীয়া-তীব্ৰতাৰ এই বৰষুণ দেখিবলৈ পোৱা যায়। ইয়াৰ পিছতে, দিল্লীৰ কেইবাটাও নিৰীক্ষণ কেন্দ্ৰত বায়ুৰ গুণাগুণ সূচকাং (Air Quality Index) নিশাৰ ৪০০+ ৰ বিপৰীতে আজি পুৱা ১০০ তকৈ কম ৰেকৰ্ড কৰা হয় (Delhi recorded an AQI less)।

ইয়াৰ পিছতে আঞ্চলিক বতৰ পূৰ্বানুমান কেন্দ্ৰ(Regional Weather Forecasting Centre)ই দিল্লী-এনচিআৰৰ লগতে ৰাজীৱ চক, আইটিঅ’, ইণ্ডিয়া গেট, অক্ষৰধাম, চফদৰজং, আৰ কে পুৰম, লাজপট নগৰকে ধৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত শুকুৰবাৰেও পাতল তীব্ৰতাৰে মাজে মাজে বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

এই অঞ্চলসমূহৰ ভিতৰত নয়ডা, দাদ্ৰী, গ্ৰেটাৰ নয়ডা, ফৰিদাবাদ, জিন্দ, পানীপথ, মাত্তানহাইল, ঝজ্জাৰ, ফাৰুখনগৰ, কোছালি, মহেন্দ্ৰগড়, নাৰনাউল, হোডাল (হাৰিয়ানা), মিৰাট, মোডীনগৰ, কিথোৰ, বুলন্দচহৰ, জাহাংগীৰাবাদ, অনুপচহৰ, বাহাজোই, পাহাছু, দেবাই, নৰোৰা, গাভানা আট্ৰাউলি, আলিগড়ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, বুধবাৰে দিল্লীৰ পৰিবেশ মন্ত্ৰী গোপাল ৰায়ে আই আই টি-কানপুৰৰ এটা দলৰ সৈতে এখন বৈঠকত মিলিত হৈ দেশৰ ৰাজধানীখনৰ বায়ুৰ গুণাগুণ সূচকাং (AQI) তললৈ নমাবৰ বাবে ক্লাউড ছিডিঙৰ জৰিয়তে কৃত্ৰিম বৰষুণৰ সম্ভাৱনাৰ বিষয়টোক লৈ আলোচনা কৰিছিল। বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল, যদিহে বতৰ ডাৱৰীয়া হৈ থাকে তেনেহ’লে আগন্তুক ২০-২১ নৱেম্বৰত কৃত্ৰিম বৰষুণৰ প্ৰদ্ধতিটো ব্যৱহাৰ কৰিব পৰা যাব ।

লিল্লী চৰকাৰৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া অনুসৰি, মহানগৰীখনৰ এই বিপদজনক বায়ু প্ৰদূষণৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে দিল্লী চৰকাৰে কৃত্ৰিম বৰষুণৰ সম্পূৰ্ণ ব্যয় বহনৰ সিদ্ধান্ত লোৱাৰ লগতে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ সন্মুখত চৰকাৰৰ মতামত দাখিল কৰিবৰ বাবে মুখ্য সচিবক নিৰ্দেশ প্ৰদান কৰিছে।

যদিহে কেন্দ্ৰই এই সিদ্ধান্তক সমৰ্থন কৰে তেন্তে ২০ নৱেম্বৰৰ ভিতৰত দিল্লী চৰকাৰে মহানগৰীত প্ৰথম কৃত্ৰিম বৰষুণৰ ব্যৱস্থা কৰিব পাৰিব বুলি বৃহস্পতিবাৰে এক চৰকৰী প্ৰতিবেদনত প্ৰকাশ পাইছিল ।

উল্লেখ্য যে, মেঘৰ বীজৰ জৰিয়তে কৃত্ৰিম বৰষুণ আনিবৰ বাবে বতাহত বিভিন্ন ৰাসায়নিক পদাৰ্থ বিয়পাই দিয়া হয়। মেঘৰ বীজ সিঁচাৰ বাবে ব্যৱহাৰ কৰা আটাইতকৈ সচৰাচৰ পদাৰ্থবোৰৰ ভিতৰত চিলভাৰ আয়’ডাইড, পটাছিয়াম আয়’ডাইড আৰু শুকান বৰফ (চলিড কাৰ্বন ডাই অক্সাইড) আদি উল্লেখযোগ্য। এই এজেণ্টবোৰে নিউক্লিয়াছ যোগান ধৰাৰ ফলত চাৰিওফালে জলীয় বাষ্প ঘনীভূত হয়, যাৰ ফলত অৱশেষত বৰষুণ বা বৰফৰ সৃষ্টি হয়।

এই বতৰ পৰিৱৰ্তন পদ্ধতিটো পৃথিৱীৰ বিভিন্ন প্ৰান্তত পূৰ্বেও ব্যৱহাৰ কৰা হৈছে, মূলতঃ পানীৰ অভাৱ অথবা খৰাং পৰিস্থিতিৰ সন্মুখীন হোৱা অঞ্চলসমূহত কৃত্ৰিম বৰষুণ অনা এই পদ্ধতিটো ব্যৱহাৰ কৰা হৈছে ।

লগতে পঢ়ক: Most Polluted City: বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাৰ শীৰ্ষত দিল্লী, শীৰ্ষ ছয়ত ভাৰতৰ আৰু দুখন চহৰ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)