Lady drug peddler arrested: নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এগৰাকী মহিলা

গোপন তথ্যৰ ভিত্তিত গুৱাহাটীৰ দিছপুৰ থানাৰ অন্তৰ্গত খানাপাৰা বাছ ষ্টেণ্ডৰ সমীপত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে অভিযান চলাই এগৰাকী মহিলা ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰে ।

Lady drug peddler arrested Assam Police STF apprehends a lady with contraband drugs
Lady drug peddler arrested: নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এগৰাকী মহিলা

গুৱাহাটী, ৯ নৱেম্বৰ: অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে(Special Task Force) বুধবাৰে সন্ধিয়া গুৱাহাটী মহানগৰীত নিষিদ্ধ ড্ৰাগছসহ এগৰাকী ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে (Assam police apprehended a drug peddler)।

এই সংক্ৰান্তত উপ আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তই(Partha Sarathi Mahanta, DIG, STF) কয় যে, “গোপন তথ্যৰ ভিত্তিত গুৱাহাটীৰ দিছপুৰ থানাৰ অন্তৰ্গত খানাপাৰা বাছ ষ্টেণ্ডৰ সমীপত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে অভিযান চলায়।”

পাৰ্থ সাৰথি মহন্তই লগতে কয় যে, ‘এই অভিযানত ৪২.৫ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ’ইন ভৰ্তি ৩০টা কণ্টেইনাৰ(Contraband drugs) আৰু ৩৪৭০ টকাৰ নগদ ধনৰ সৈতে এগৰাকী মহিলা ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰা হয় (Lady drug peddler arrested)।

নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এগৰাকী মহিলা

আটকাধীন মহিলা ড্ৰাগছ বেপাৰীগৰাকীৰ নাম হাছিনা বেগম। ইতিমধ্যে এই সংক্ৰাম্তত এটা গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ) আৰু কামৰূপ জিলা আৰক্ষীৰ এটা দলে অভিযান চলাই এক অক্টোবৰত দুই কোটি টকাৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে দুগৰাকী মহিলাসহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক: Human trafficking case: মানৱ সৰবৰাহৰ গোচৰত অসমকে ধৰি দেশৰ ১০খন ৰাজ্যত NIAৰ অভিযান

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)