Snake venom case: অৱশেষত আৰক্ষীৰ সন্মুখত হাজিৰ Snake venom ৰ গোচৰত অভিযুক্ত এলভিছ যাদৱ

নয়ডাৰ এটা ৰেভ পাৰ্টিত সাপৰ বিষ যোগান ধৰাৰ অভিযোগত নয়ডাৰ চেক্টৰ ৪৯ আৰক্ষী থানাত এলভিছ যাদৱকে ধৰি ছয়জন লোকৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল। গোচৰটোৰ সন্দৰ্ভত আৰক্ষীয়ে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

Elvish Yadav appears before police in snake venom case
Snake venom case: অৱশেষত আৰক্ষীৰ সন্মুখত হাজিৰ Snake venom ৰ গোচৰত অভিযুক্ত এলভিছ যাদৱ

নয়ডা, ৮ নৱেম্বৰ: Snake venom ৰ গোচৰটোৰ লগত জড়িত বিগ বছ বিজয়ী তথা ইউটিউবাৰ(Bigg Boss winner and YouTuber) এলভিছ যাদৱে অৱশেষত মঙলবাৰে মাজনিশা নয়ডা আৰক্ষীৰ সন্মুখত হাজিৰ হয়।

এই প্ৰসংগত নয়ডাৰ উপ আৰক্ষী আয়ুক্ত(Deputy Commissioner of Police) হৰিশ চান্দৰে কয় যে, “Snake venomৰ গোচৰটোৰ লগত জড়িত ইউটিউবাৰ তথা বিগ বছৰ বিজয়ী এলভিছ যাদৱে(Bigg Boss winner Elvish Yadav) মঙলবাৰে মাজনিশা নয়ডা আৰক্ষীৰ সন্মুখত হাজিৰ হয়। প্ৰায় তিনিঘণ্টা কৰা জেৰাৰ অন্তত তেওঁক আৰক্ষীয়ে যাবলৈ দিয়ে যদিও পুনৰ থানালৈ মাতি পঠিয়াইছে।”

উল্লেখ্য যে, নয়ডাৰ এটা ৰেভ পাৰ্টিত সাপৰ বিষ যোগান ধৰাৰ অভিযোগত নয়ডাৰ চেক্টৰ ৪৯ আৰক্ষী থানাত এলভিছ যাদৱকে ধৰি ছয়জন লোকৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল। গোচৰটোৰ সন্দৰ্ভত আৰক্ষীয়ে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

পৰৱৰ্তী সময়ত গৌতম বুদ্ধ নগৰ আৰক্ষী আয়ুক্ত লক্ষ্মী সিঙৰ নিৰ্দেশ অনুসৰি গোচৰটো নয়দাৰ ছেক্টৰ ৪৯ আৰক্ষী থানাৰ পৰা ছেক্টৰ ২০ থানালৈ বদলি কৰা হৈছিল। ইয়াৰ পিছতে গোচৰটোৰ সন্দৰ্ভত মঙলবাৰে নয়ডা আৰক্ষীয়ে যাদৱলৈ এখন জাননী জাৰি কৰিছিল।

এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ পৰিৱেশ মন্ত্ৰী অৰুণ ছাক্সেনাই কয় যে, আইনে নিজৰ পথত কাম কৰিব, যিহেতু কোনো চেলিব্ৰিটি আইনতকৈ উৰ্দ্ধত হ’ব নোৱাৰে।

একেধৰণে দেওবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে(Haryana Chief Minister Manohar Lal Khattar) গোচৰটোৰ কাৰ্য্যবিধিৰ ওপৰত তেওঁৰ কোনো প্ৰভাৱ নাই বুলি কৈ দোষী সাব্যস্ত হ’লে এলভিছৰ ওপৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

ইফালে, ৰেভ পাৰ্টিত সাপৰ বিষ যোগানত তেওঁ জড়িত থকাৰ কথাটো অস্বীকাৰ কৰিছে ইউটিউবাৰজনে (Snake venom at rave party) । ৪ নৱেম্বৰত ইউটিউবত দিয়া এটা ভিডিঅ’ৰ যোগেদি এলভিছে তেওঁৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ অস্বীকাৰ কৰি কয় যে এই বিষয়ত জড়িত বুলি ধৰা পৰিলে তেওঁ নিজেই আত্মসমৰ্পণ কৰিবলৈ সাজু আছে।

এই প্ৰসংগত এলভিছে কয়, ” মই শুৱাৰ পৰা উঠিহে এজাহাৰখনৰ বিষয়ে জানিব পাৰিছিলো য’ত উল্লেখ আছিল যে মানেকা গান্ধীৰ পিপল ফৰ এনিমেলছ নামৰ এনজিঅ’টোয়ে এই গোচৰটো দাখিল কৰিছে। তাত উল্লেখ কৰা হৈছে যে মই সদায় ডিঙিত সাপ লৈ ফুৰো। কিন্তু সেইবোৰ এটা গানৰ দৃশ্যগ্ৰহণৰ সময়ৰহে আছিল । তাৰ বাহিৰে আন একো নহয়। মই এই ধৰণৰ অবৈধ কাৰ্যকলাপত লিপ্ত হৈ মোৰ লগতে মোৰ পৰিয়ালৰ নাম কেতিয়াও বিনষ্ট নকৰো। যদি এই ক্ষেত্ৰত এক শতাংশও জড়িত থকাৰ প্ৰমাণ ওলাই, মই নিজেই আত্মসমৰ্পণ কৰিম য’ত শাস্তি 10 বছৰে হওঁক বা 100 বছৰে হওঁক। সকলোৱে জানে যে মোৰ স্তৰ ইমানো তললৈ যোৱা নাই যে মই এনেধৰণৰ কাম কৰিম” ।

লগতে পঢ়ক: Human trafficking case: মানৱ সৰবৰাহৰ গোচৰত অসমকে ধৰি দেশৰ ১০খন ৰাজ্যত NIAৰ অভিযান

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)