EPF Diwali gift: ইপিএফ একাউণ্ট থকা সকলৰ বাবে সুখবৰ, দেৱালীৰ পূৰ্বে সোমাল সুঁতৰ ধন, এতিয়াই চেক কৰক বেলেঞ্চ

ইপিএফঅ’ই দীপাৱলীৰ এদিন পূৰ্বে কৰ্মচাৰীসকলক দিলে উৎসৱৰ উপহাৰ(EPF Diwali gift)। ইপিএফঅ’ই ২০২২-২৩ বিত্তীয় বৰ্ষৰ সুঁতৰ ধনৰাশি ভৰাই দিলে প্ৰতিগৰাকী একাউণ্ট হ'ল্ডাৰৰ একাউণ্টত।

EPF Diwali gift epfo starts crediting pf intrest rate to epf account holders
EPF Diwali gift: ইপিএফ একাউণ্ট থকা সকলৰ বাবে সুখবৰ, দেৱালীৰ পূৰ্বে সোমাল সুঁতৰ ধন, এতিয়াই চেক কৰক বেলেঞ্চ

নতুন দিল্লী, ১১ নৱেম্বৰ: এম্প্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে চমুকৈ এপিএফঅ’ই কৰ্মচাৰীসকলক দিলে দীপাৱলীৰ উপহাৰ হিচাপে(EPF Diwali gift) । সংস্থাটোৱে ২০২২-২৩ বিত্তীয় বৰ্ষৰ সুঁতৰ ধনৰাশি প্ৰতিগৰাকী একাউণ্ট হ’ল্ডাৰৰ একাউণ্টত ভৰাই দিছে । এই বিত্তীয় বৰ্ষত ইপিএফঅ’ই একাউণ্টধাৰীসকলৰ একাউণ্টত প্ৰতিমাহে জমা হোৱা ধনৰ বিপৰীতে ৮.১৫ শতাংশ হাৰত সুত আগবঢ়াইছে। উল্লেখ্য যে, ইপিএফৰ সুতৰ হাৰ প্ৰতি বছৰে কেন্দ্ৰীয় বোৰ্ড অৱ ট্ৰাষ্টী আৰু বিত্ত মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰে। চলিত বৰ্ষৰ জুন মাহত চৰকাৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ সুতৰ হাৰ ঘোষণা কৰিছিল। ইয়াৰ পিছতে এতিয়া দিপাৱালী আয়োজনৰ সময়তে চৰকাৰে ইপিএফ একাউণ্টধাৰীসকলৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিছে সুঁতৰ ধন।

ছচিয়েল মিডিয়াৰ জৰিয়তে দিলে এই তথ্য

কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা চমুকৈ ইপিএফঅ’ই ছ’চিয়েল মিডিয়াৰ জৰিয়তে অৱগত কৰে যে, একাউণ্টসমূহলৈ সুতৰ ধন স্থানান্তৰৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে। একাউণ্টধাৰীসকলে এইবাৰ কোনো লোকচানৰ সন্মুখীন নোহোৱাকৈয়ে সমগ্ৰ সুতৰ পৰিমাণ লাভ কৰিব । ইয়াৰ লগতে কৰ্মচাৰীসকলক ধৈৰ্য্য ধৰিবৰ বাবে সংস্থাটোৱে জনাইছে আহ্বান । দেৱালীৰ পূৰ্বে ইপিএফঅ’ই বৰ্তমানলৈকে ২৪ কোটিৰো অধিক কৰ্মচাৰী ভৱিষ্য নিধিৰ অন্তৰ্ভুক্ত একাউণ্টত পুঁজিৰ সুত জমা কৰিছে।

ইপিএফঅ’য়ে দিছিল এই তথ্য

অলপতে ইপিএফঅ’ৰ ৭১ তম প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰ্যসূচীত অংশ লৈ কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ইপিএফঅ’য়ে এই বছৰ ৮.১৫ শতাংশ সূত পৰিশোধ কৰাৰ কথা উল্লেখ কৰি সন্তুষ্টি প্ৰকাশ কৰিছিল । ইয়াৰ পূৰ্বে কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ে ২০২৩-২৪ বৰ্ষৰ ইপিএফ আঁচনিত ৮.১৫ শতাংশৰ হাৰত সুত জমা কৰিবলৈ অনুমোদন জনাইছিল। উল্লেখ্য যে, প্ৰতি মাহে প্ৰাপ্ত দৰমহাৰ পৰা ইপিএফৰ ধন কৰ্তন কৰাৰ লগতে প্ৰতি মাহৰ এই ধনৰ বিপৰীতে সূতৰ হাৰ গণনা কৰা হয় আৰু বছৰটোৰ অন্তত ইয়াৰ সূত প্ৰতিটো একাউণ্টৰ বিপৰীতে পৰিশোধ কৰা হয়।

ইয়াত চাওক আপোনাৰ একাউণ্টৰ সবিশেষ

একাউণ্ট হ’ল্ডাৰসকলে ইপিএফঅ’ৰ ৱেবছাইটৰ জৰিয়তে অনলাইনযোগে নিজৰ বেলেঞ্চৰ লগতে সবিশেষ তথ্য চাব পাৰে। ইয়াৰ লগতে ইপিএফঅ’ই মিছড কল আৰু এছএমএছ সেৱাৰ জৰিয়তেও বেলেঞ্চৰ তথ্য প্ৰদান কৰে। ইপিএফৰ বেলেঞ্চ পৰীক্ষা কৰিবলৈ কৰ্মচাৰীসকলে তেওঁলোকৰ ইউনিভাৰ্চেল একাউণ্ট নম্বৰ (UAN) সক্ৰিয় কৰিব লাগিব। UAN হৈছে এনে এটা চিনাক্তকৰণ নম্বৰ যি প্ৰতিগৰাকী কৰ্মচাৰীৰ মাহিলী দৰমহাৰ পে স্লিপত উল্লেখ কৰা থাকে। ইপিএফ আঁচনিৰ অধীনত থকা প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে এই নম্বৰ বেলেগ বেলেগ হয়।

লগতে পঢ়ক: US India Partnership: ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কত কৌশলগত আৰু প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ কথা কলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে