Khel maharan begins: বঙাইগাঁৱৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অৰ্ন্তগত সকলো গাঁও পঞ্চায়তত “খেল মহাৰণ” আৰম্ভ

অসম চৰকাৰৰ "খেল মহাৰণ" কাৰ্যসূচীৰ জৰিয়তে গাঁও অঞ্চলৰ প্ৰতিভাৱান খেলুৱৈ সকলে গাঁও পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়ত যাতে খেলিব পাৰে তাৰ বাবেই গ্ৰহণ কৰা হৈছে এই পদক্ষেপ(Khel maharan begins) ।

Khel maharan begins in all gaon panchayats under Manikpur development block in Bangaigaon
Khel maharan begins: বঙাইগাঁৱৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অৰ্ন্তগত সকলো গাঁওঁপঞ্চায়তত "খেল মহাৰণ" আৰম্ভ

বঙাইগাঁও, ১১ নৱেম্বৰ: ৰাজ্যৰ ক্ৰীড়া জগতত এক নতুন দিগন্তৰ সূচনা কৰি ১ নৱেম্বৰৰ পৰা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈছে “খেল মহাৰণ”(Khel maharan begins)। ৰাজ্য চৰকাৰে অসমৰ চুকে কোণে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক বাচনি কৰি আগবঢ়াই লৈ যাবলৈ খেল মহাৰণ কাৰ্যসূচীৰ আৰম্ভ কৰিছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ সকলো গাওঁ পঞ্চায়তত খেল মহাৰণ আৰম্ভ হোৱাৰ লগতে মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মাণিকপুৰ, ঝাউবাৰী, পাতিলাদহা, নোৱাপাৰাৰ উপৰিও ভাণ্ডাৰা পঞ্চায়তৰ ভাণ্ডাৰা হাইস্কুল খেলপথাৰত শনিবাৰৰ পৰা ফুটবল খেলৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰে খেল মহাৰণ আৰম্ভ হৈছে।

পঞ্চায়ত এলেকাটোৰ অন্তৰ্গত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভাণ্ডাৰা হাইস্কুল খেলপথাৰত আয়োজিত ফুটবল খেলত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। অসম চৰকাৰৰ “খেল মহাৰণ” কাৰ্যসূচীৰ জৰিয়তে গাঁও অঞ্চলৰ প্ৰতিভাৱান খেলুৱৈ সকলে গাঁও পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়ত যাতে খেলিব পাৰে তাৰ বাবেই গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ।

ফুটবল খেলৰে প্ৰথম দিনটোৰ কাৰ্যসূচীৰ আৰম্ভণি হোৱা এই “খেল মহাৰণ”ৰ কাৰ্যসূচী দ্বিতীয় দিনা এথলেটিক্স, তৃতীয় দিনা ভলীবল, চতুৰ্থ দিনা কাবাডী আৰু শেষত পঞ্চম দিনা খো-খো খেলেৰে অনুষ্ঠিত হ’ব বুলি জনায় পঞ্চায়তৰ সচিব গৰাকীয়ে।

উল্লেখ্য যে, অসম চৰকাৰৰ ক্ৰীড়া প্ৰতিযোগিতাখনত আছে ফুটবল , কাবাডী, খো-খো আৰু ভলীবলৰ লগতে বিভিন্ন খেল। “খেল মহাৰণ”ৰ প্ৰথম দিনটোৰ কাৰ্যসূচীত বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক, ভাণ্ডাৰা গাঁও পঞ্চায়তৰ সচিব কমল কুমাৰ নায়ক, ভাণ্ডাৰা গাঁও পঞ্চায়তৰ সভাপতি জুৰান আলী আহমেদ, মাণিকপুৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাজু কুমাৰ ৰায় আৰু ৱাৰ্ড সদস্যসকলৰ লগতে পঞ্চায়ত এলেকাৰ গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকি খেলসমূহৰ পৰিচালনা কৰি আগুৱাই লৈ যোৱা পৰিলক্ষিত হয় ।

ইফালে বিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে । সৰ্বমুঠ সহশ্ৰাধিকৰো অধিক ছাত্ৰ ছাত্ৰীয়ে পঞ্চায়ত এলেকাসমূহৰ পৰা আবেদন কৰিছে । এইক্ষেত্ৰত পঞ্চায়তসমূহৰ সভাপতি / সচিবসকলে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক: Assam Railway Station awarded: ৰঙিয়া আৰু মৰিয়নী ৰেলৱে ষ্টেচনে লাভ কৰিলে ‘Eat Right Station’ৰ প্ৰমাণপত্ৰ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)