Uttarakhand tunnel collapse: সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে ডাঙৰ আকাৰৰ পাইপ, ড্ৰিলিং মেচিন ব্যৱহাৰ

যোৱা ১২ নৱেম্বৰৰ পুৱতি নিশা ব্ৰহ্মখাল-যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ ছিলক্যাৰা আৰু দণ্ডলগাঁৱৰ মাজৰ অংশচোৱাত নিৰ্মাণৰত সুৰংগটোৰ এটা অংশ খহি পৰিছিল(Uttarakhand tunnel collapse)।

Uttarakhand tunnel collapse Large diameter pipes drilling machines arrive at site for evacuation of 40 trapped workers
Uttarakhand tunnel collapse: সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে ডাঙৰ আকাৰৰ পাইপ, ড্ৰিলিং মেচিন ব্যৱহাৰ

নেশ্যনেল ডেস্ক, ১৪ নৱেম্বৰ: দেওবাৰে খহি পৰা এটা নিৰ্মাণৰত সুৰংগৰ ভিতৰত আবদ্ধ ৪০ জন শ্ৰমিকক উলিয়াই আনিবলৈ তৃতীয় দিনাও উদ্ধাৰ অভিযান অব্যাহত আছে(Resucue operations continued)।

যোৱা ১২ নৱেম্বৰৰ পুৱতি নিশা ব্ৰহ্মখাল-যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ ছিলক্যাৰা আৰু দণ্ডলগাঁৱৰ মাজৰ অংশচোৱাত নিৰ্মাণৰত সুৰংগটোৰ এটা অংশ খহি পৰিছিল(Uttarakhand tunnel collapse)। বৰ্তমানেও সুৰংগটোৰ ভিতৰত আৱদ্ধ ৪০ জন শ্ৰমিকৰ উদ্ধাৰকাৰ্যত ব্যৱহাৰৰ বাবে ছিলক্যাৰালৈ অনা হৈছে প্ৰায় ৯০০ মিলিমিটাৰ ব্যাসাৰ্ধৰ ডাঙৰ আকাৰৰ পাইপ ভৰ্তি ট্ৰাক ।

কৰ্তৃপক্ষৰ মতে, পথালিকৈ ড্ৰিলিং কৰি এই বৃহৎ আকাৰৰ এম এছ পাইপসমূহ(Large diameter MS pipes) সুৰংগটোৰ ভিতৰত পৰি ৰোৱা ধ্বংসাৱশেষবোৰৰ মাজত সোমোৱাই দিব পৰাকৈ এটা পৰিকল্পনা কৰা হৈছে যাতে আৱদ্ধ শ্ৰমিকসকলক এই পাইপৰ মাজেৰে উলিয়াই আনিব পৰা যায়।

উদ্ধাৰকাৰী দলৰ পৰা জনোৱা মতে, ৪০ জন শ্ৰমিক আৱদ্ধ হৈ থকা সেই স্থানৰ কাষ পাবলৈ তেওঁলোকে এতিয়াও আৰু প্ৰায় ৩৫ মিটাৰৰো অধিক ধ্বংসাৱশেষ আঁতৰাব লাগিব।

এই ঘটনাৰ পিছতে সোমবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী(Chief Minister Pushkar Singh Dhami)য়ে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ অন-চাইট পৰিদৰ্শন কৰে।

ধমীয়ে কয়, “মই নিজেই সেই স্থানত উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰাৰ লগতে উদ্ধাৰ অভিযানৰ ওপৰত অহৰহ দৃষ্টি ৰাখি আহিছো। উদ্ধাৰ অভিযানৰ বাবে ইতিমধ্যে হৰিদ্বাৰ আৰু ডেৰাডুনৰ পৰা বৃহৎ পৰিসৰৰ হিউম পাইপ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে।”

ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও(Prime Minister Narendra Modi) মুখ্যমন্ত্ৰী ধামীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ থকা ৪০ জন শ্ৰমিকৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে বুজ লোৱা বুলি জানিব পৰা গৈছে।

ঘটনাটোক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও উত্তৰকাণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে শ্ৰমিকসকলৰ উদ্ধাৰ প্ৰক্ৰিয়াৰ বিষয়ক লৈ আলোচনা কৰা বুলি জানিব পৰা গৈছে ।

সোমবাৰে উত্তৰকাশীৰ আৰক্ষী অধীক্ষক অৰ্পন যদুবংশীয়ে জানিবলৈ দিয়া অনুসৰি শ্ৰমিকসকলক উদ্ধাৰ কৰি বাহিৰলৈ উলিয়াই আনিবলৈ আৰু এটা দিন লাগিব পাৰে।

তেওঁ কয় যে ৬০ মিটাৰ ধ্বংসাৱশেষৰ ভিতৰত ২০ মিটাৰতকৈ অধিক ধ্বংসাৱশেষ বৰ্তমানলৈকে আঁতৰ কৰা হৈছে । খুউব সম্ভৱ মঙলবাৰৰ নিশালৈকে আবদ্ধ হৈ থকা শ্ৰমিক ৪০ জনক উলিয়াই অনাৰ এটা ধাৰণা কৰা হৈছে।

আৰক্ষী বিষয়াগৰাকীয়ে কয়, “ইতিমধ্যে অক্সিজেন, খাদ্য, পানীকে ধৰি সকলো মৌলিক সুবিধাসমূহ পাইপৰ জৰিয়তে প্ৰেৰণেৰে তেওঁলোকক যোগান ধৰি থকা হৈছে। লগতে আৱদ্ধ লোকসকলৰ পৰিয়ালৰ লোকৰ সৈতেও যোগাযোগ কৰা হৈছে” ।

৪৫৩১ মিটাৰ দৈৰ্ঘ্যৰ ছিল্ক্যাৰাৰ এই সুৰংগটো ৮৫৩.৭৯ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা হৈছে।

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ (National Highways and Infrastructure Development Corporation Limited) এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি সুৰংগটোৰ ২১ মিটাৰ দৈৰ্ঘৰ এটা ভাগ ভাঙি উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে।

লগতে পঢ়ক: EPF Diwali gift: ইপিএফ একাউণ্ট থকা সকলৰ বাবে সুখবৰ, দেৱালীৰ পূৰ্বে সোমাল সুঁতৰ ধন, এতিয়াই চেক কৰক বেলেঞ্চ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)