Tamil Nadu Road Accident: তামিলনাডুত সংঘটিত বাছ দুৰ্ঘটনাত ৫ জন নিহত, আহত ৬০ জনৰো অধিক

তামিলনাডুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত(Tamil Nadu Road Accident) ৬০ গৰাকীতকৈও অধিক যাত্ৰী গুৰুতৰভাৱে আহত, ৫ গৰাকীৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

5 killed over 60 injured in Tamil Nadu Road Accident
Tamil Nadu Road Accident: তামিলনাডুত সংঘটিত বাছ দুৰ্ঘটনাত ৫ জন নিহত, আহত ৬০ জনৰো অধিক

নেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ: চেন্নাই-বাংগালুৰু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ভানিয়াম্বাদিত সংঘটিত হয় এটা শোকাৱহ পথ দুৰ্ঘটনা(Tamil Nadu Road Accident) । বাংগালুৰুৰ পৰা চেন্নাই অভিমুখী এখন চৰকাৰী বাছে নিয়ন্ত্ৰণ হেৰুৱাই চেন্নাইৰ পৰা বাংগালুৰুলৈ গৈ থকা ব্যক্তিগত মালিকানাধীন এখন বিলাসী বাছৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়(Vaniyambadi bus accident) ।

এই ভয়াৱহ দুৰ্ঘটনাটোত কমেও পাঁচজন লোকৰ থিতাতে মৃত্যু ঘটে । দুৰ্ঘটনাটোত নিহতসকলৰ ভিতৰত আছে উলুণ্ডুৰপেটৰ পৰা অহা চৰকাৰী বাছখনৰ চালক এলুমালাই, কোলাৰৰ ব্যক্তিগত বাছখনৰ চালক মহম্মদ নদীম, ভানিয়াম্বাদিৰ ব্যক্তিগত বাছখনৰ চাফাই কৰ্মী মহম্মদ বাইৰোছ, চিত্তুৰৰ অজিত কুমাৰ আৰু চেন্নাইৰ কৃতিকা নামৰ এগৰাকী মহিলা।

লগতে এই দুৰ্ঘটনাটোত ৪০ জনতকৈ অধিক যাত্ৰী গুৰুতৰভাৱে আহত হয়। স্থানীয় লোকসকলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ৱনিয়াম্বাদী চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। ইয়াৰে গুৰুতৰভাৱে আহত ৫ জনক উন্নত চিকিৎসাৰ বাবে ভেলোৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাটোৰ কথা অৱগত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত ভানিয়াম্বাদি গ্ৰাম্য আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ লগতে দুৰ্ঘটনাটোক লৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে। স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ লোকে পথৰ পৰা দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন আঁতৰাই বন্ধ হৈ পৰা ঘাইপথটো মুকলি কৰাৰ ফলত যান-বাহন চলাচল পুনৰ আৰম্ভ হয়। ইতিমধ্যে ভানিয়াম্বাদিৰ বিধায়ক সেনথিল কুমাৰ, তিৰুপতুৰ জিলা উপায়ুক্ত বাস্কৰা পাণ্ডিয়ান আৰু জিলা আৰক্ষী অধীক্ষক এলবাৰ্টে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি আহতসকলকৰ খবৰ লোৱাৰ লগতে তেওঁলোকৰ চিকিৎসাৰো তদাৰক কৰিছে।

লগতে পঢ়ক: US India Partnership: ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কত কৌশলগত আৰু প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ কথা কলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)