Subrata Roy passes away: দীৰ্ঘদিনীয়া অসুস্থতাৰে যুঁজি অৱশেষত হাৰ মানিলে ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰায়ে

ছাহাৰা ইণ্ডিয়া গ্ৰুপৰ প্রতিষ্ঠাপক সুব্রত ৰায়ৰ মঙলবাৰে হৃদযন্ত্ৰৰ শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ ফলত মৃত্যু ঘটে(Subrata Roy passes away)। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ।

Sahara Group founder Subrata Roy passes away on Tuesday
Subrata Roy passes away: দীৰ্ঘদিনীয়া অসুস্থতাৰে যুঁজি অৱশেষত হাৰ মানিলে ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰায়ে

নতুন দিল্লী, ১৫ নৱেম্বৰ: বহুদিনৰ পৰা হৈ থকা অসুস্থতাৰে যুঁজি অৱশেষত জীৱনযুদ্ধৰে হাৰ মানিলে ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰায়ে (Founder of Sahara India Group) ।

এক বিবৃতিৰ জৰিয়তে তেওঁৰ মালিকানাধীন ব্যৱসায়ী গোষ্ঠীটোৱে এই কথা উল্লেখ কৰি কয় যে ছাহাৰা ইণ্ডিয়া গ্ৰুপৰ প্রতিষ্ঠাপক সুব্রত ৰায়ৰ মঙলবাৰে হৃদযন্ত্ৰৰ শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ ফলত মৃত্যু ঘটে(Subrata Roy passes away)। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ।

ব্যৱসায়ী গোষ্ঠীটোৱে জাৰি কৰা বিবৃতিটোত ৰায়ৰ মত্যুৰ কথা উল্লেখ কৰি লিখিছে, “ছাহাৰা ইণ্ডিয়া পৰিয়ালে(Sahara India Pariwar) গভীৰ দুখৰ সৈতে আমাৰ অধ্যক্ষ সন্মানীয় ‘সাহাৰাশ্ৰী’ সুব্ৰত ৰয় চাহাৰাৰ মৃত্যুৰ বিষয়ে অৱগত কৰিলো(Chairman of Sahara India Pariwar)।”

বিবৃতিটোত কোৱা হৈছে যে স্বাস্থ্যৰ অধিক অৱনতিৰ পিছত সুব্ৰত ৰয়ক এই বছৰৰ ১২ নৱেম্বৰত কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানত (Kokilaben Dhirubhai Ambani Hospital) ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁ বিভিন্ন স্বাস্থ্যজনিত জটিলতাৰ সৈতে যুঁজি আছিল।

বিবৃতিটোত কোৱা হৈছে, “মেটাষ্টেটিক মেলিগনেন্সি, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচৰ পৰা উদ্ভৱ হোৱা বিভিন্ন জটিলতাৰ সৈতে তেখেতে দীৰ্ঘদিন ধৰি যুঁজি আছিল । স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পিছত তেখেতক ১২ নৱেম্বৰত কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানত (KDAH) ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত এই দীৰ্ঘদিনীয়া যুঁজখনত হাৰ মানি ২০২৩ চনৰ ১৪ নৱেম্বৰৰ নিশা ১০.৩০ বজাত হৃদযন্ত্ৰৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ পৰাৰ ফলত আমাৰ সকলোৰে সাহস, প্ৰেৰণা, সাহাৰাশ্ৰীজীৰ মৃত্যু হয়। “

বিবৃতিটোত লগতে কোৱা হৈছে যে, তেওঁৰ ক্ষতি সমগ্ৰ চাহাৰা ইণ্ডিয়া পৰিয়ালে গভীৰভাৱে অনুভৱ কৰিব। সকলোৰে বাবে আছিল এগৰাকী পথ প্ৰদৰ্শক, পৰামৰ্শদাতা । তেওঁৰ সৈতে কাম কৰাৰ সৌভাগ্য লাভ কৰা সকলোৰে বাবে ই সদায় হৈ থাকিব অনুপ্ৰেৰণাৰ উৎস ।

লগতে পঢ়ক: Jawaharlal Nehru birth anniversary: জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)