Jawaharlal Nehru birth anniversary: জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি

প্ৰধানমন্ত্ৰী মোডীয়ে এক্স (পূৰ্বৰ টুইটাৰ)ত এটা পোষ্টৰ জৰিয়তে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীক জ্ঞাপন কৰিলে এই শ্ৰদ্ধাঞ্জলি (Jawaharlal Nehru birth anniversary)।

Jawaharlal Nehru birth anniversary PM Modi pays tributes to Jawaharlal Nehru on his birth anniversary
Jawaharlal Nehru birth anniversary: জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি

নতুন দিল্লী, ১৪ নৱেম্বৰ: আজি দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকী (Jawaharlal Nehru birth anniversary)। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকী উপলক্ষ্যে মঙলবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

প্ৰধানমন্ত্ৰী মোডীয়ে এক্স (পূৰ্বৰ টুইটাৰ)ত এটা পোষ্টৰ জৰিয়তে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীক জ্ঞাপন কৰিলে এই শ্ৰদ্ধাঞ্জলি (Prime Minister Narendra Modi pays tributes to Jawaharlal Nehru)।

১৮৮৯ চনৰ ১৪ নৱেম্বৰত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত জন্মগ্ৰহণ কৰা নেহৰুয়ে ১৯৬৪ চনৰ ২৭ মে’ত শেষ নিশ্বাস ত্যাগ কৰিছিল।

শিশুক ভাল পোৱা আৰু মৰমক গুৰুত্ব আৰোপ কৰা দেশৰ এইগৰাকী প্ৰধানমন্ত্ৰীৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ১৪ নৱেম্বৰত পালন কৰা হয় শিশু দিৱস(Children’s Day celebrated) । ১৯৫৭ চনত ১৪ নৱেম্বৰক বিশেষ চৰকাৰী আদেশৰ দ্বাৰা ভাৰতত আনুষ্ঠানিকভাৱে শিশু দিৱস হিচাপে ঘোষণা কৰা হৈছিল।

পণ্ডিত জৱাহৰলাল নেহৰুৱে কণ কণ ল’ৰা-ছোৱালীক বহু ভাল পাইছিল আৰু সেয়েহে শিশুসকলৰ মাজত তেওঁ ‘নেহৰু চাচা’ (নেহৰু খুৰা) বুলিও পৰিচিত হৈ পৰিছিল (Pandit Nehru was fondly called Chacha Nehru) ।

ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰাৰ পাছতে আমাৰ দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে পণ্ডিত জৱাহৰলাল নেহৰুৱে শপত লৈছিল ।

প্ৰতি বছৰে ১৪ নৱেম্বৰত দেশজুৰি সকলো বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খেল-ধেমালী, প্ৰতিযোগিতা ইত্যাদি বিভিন্ন কাৰ্যসূচীৰে শিশু দিৱস আয়োজন কৰা হয় । তাৰোপৰি চৰকাৰী সংস্থাসমূহেও প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰে।

১৯৫৪ চনত ৰাষ্ট্ৰসংঘই প্ৰতি বছৰৰ ২০ নৱেম্বৰক সাৰ্বজনীন শিশু দিৱস হিচাপে ঘোষণা কৰাৰ পাছত ভাৰততো এই দিনটোতে ইয়াক পালন কৰি অহা হৈছিল যদিও ১৯৬৪ চনত প্ৰধানমন্ত্ৰী নেহৰুৰ মৃত্যুৰ পিছত সংসদত সৰ্বসন্মতিক্ৰমে লোৱা সিদ্ধান্ত অনুসৰি পণ্ডিত নেহৰুৰ জন্ম জয়ন্তীৰ দিনটোক ৰাষ্ট্ৰীয় শিশু দিৱস হিচাপে প্ৰস্তাৱ গৃহীত কৰা হৈছিল।

লগতে পঢ়ক: Uttarakhand tunnel collapse: সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে ডাঙৰ আকাৰৰ পাইপ, ড্ৰিলিং মেচিন ব্যৱহাৰ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)