Chhattisgarh polls: ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ ২য় আৰু অন্তিম পৰ্যায়ত পুৱা ৯ বজালৈকে ৫.৭ শতাংশ ভোটদান

আজি অনুষ্ঠিত হৈছে ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ(Chhattisgarh polls) । পুৱা ৯ বজালৈকে ভোটগ্ৰহণৰ হাৰ প্ৰায় ৫.৭ শতাংশ সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে ।

Chhattisgarh polls 5.7 percent voting recorded by 9 am in 2nd and final phase for 70 seats
Chhattisgarh polls: ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ ২য় আৰু অন্তিম পৰ্যায়ত পুৱা ৯ বজালৈকে ৫.৭ শতাংশ ভোটদান

নেশ্যনেল ডেস্ক, ১৭ নৱেম্বৰ: আজি অনুষ্ঠিত ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত পুৱা ৯ বজালৈকে প্ৰায় ৫.৭ শতাংশ ভোটদান নথিভুক্ত কৰা হৈছে (Chhattisgarh polls)। এই পৰ্যায়ত ৯০ জনীয়া বিধানসভাখনৰ ৭০খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। নিৰ্বাচনৰ প্ৰথম প্ৰৰ্যায়ত মুখ্যতঃ মাওবাদী প্ৰভাৱিত অঞ্চলসমূহৰ অন্তৰ্ভূক্ত ২০খন আসনৰ বিপৰীতে ভোটগ্ৰহণ যোৱা ৭ নৱেম্বৰত সম্পন্ন হৈ যায় । এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ(Congress Party) আৰু ভাৰতীয় জনতা পাৰ্টি(Bharatiya Janata Party)ৰ মাজত ক্ষমতা দখলৰ বাবে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা পৰিলক্ষিত হৈছে।

আজি নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰতাপী ৰাজনৈতিক নেতাৰ ভিতৰত আছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল(Chief Minister Bhupesh Baghel) আৰু উপ মুখ্যমন্ত্ৰী টি এছ সিং দেও। এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৯৫৮ গৰাকীতকৈও অধিক প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়ৰ বাবে ৰাজ্যখনত ১৮,৮০০ তকৈও অধিক ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । এইবাৰৰ ছত্তীশগড় বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়েও(Aam Aadmi Party) নিজৰ উপস্থিতি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে বহুজন সমাজ পাৰ্টিয়েও (Bahujan Samaj Party) কেইখনমান আসন নিজৰ দখললৈ নিবৰ বাবে এক শক্তিশালী প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হৈছে।

২০০৩ চনৰ পৰা ২০১৮ চনলৈ একেৰাহে তিনিটা কাৰ্যকাল ছত্তীশগড়ত শাসন কৰা বিজেপিয়ে পুনৰ ক্ষমতা লাভৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই যোৱা দেখা গৈছে। এইবাৰৰ নিৰ্বাচনত ৰাজ্যখনৰ প্ৰায় ১,৬৩,১৪,৪৭৯ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ।

মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে তেওঁৰ পৰম্পৰাগত আসন পাটন খণ্ডৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে, য’ত তেওঁৰ ভতিজা তথা সাংসদ বিজয় বাঘেলে পুনৰ বিজেপিৰ টিকটেৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সমষ্টিটোত, প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীৰ পুত্ৰ অমিত যোগীয়ে জনতা কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ৰাজ্যখনৰ আন এটা গুৰুত্বপূৰ্ণ সমষ্টি অম্বিকাপুৰ বিধানসভা সমষ্টিৰ পৰা উপ মুখ্যমন্ত্ৰী সিং দেওয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেওঁ বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰাজেশ আগৰৱালেৰে মুখামুখি হৈছে, যি পূৰ্বতে এজন প্ৰাক্তন কংগ্ৰেছ নেতা আছিল।

ছত্তীশগড় বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ চৰণ দাস মহন্তক প্ৰত্যাহ্বান জনাই শক্তি বিধানসভা সমষ্টিটোত প্ৰধান প্ৰতিদ্বন্দী হিচাপে বিজেপিৰ খিলাৱন সাহুৱে যুঁজত অৱতীৰ্ণ হৈছে। বিজেপিৰ ছত্তীশগড়ৰ মুৰব্বী তথা সাংসদ অৰুণ সাওৱে লৰ্মী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে য’ত তেওঁ কংগ্ৰেছ প্ৰাৰ্থী থানেশ্বৰ সাহুৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। কোৰবা ছেগমেণ্টৰ পৰা ৰাজহ মন্ত্ৰী জয় সিং আগৰৱালে খেলপথাৰত নমাৰ বিপৰীতে বিজেপিয়ে দলৰ উপ-সভাপতি লখানলাল দেৱাংগনক প্ৰক্ষেপ কৰিছে।

উল্লেখ্য যে, অহা ৩ ডিচেম্বৰত দেশৰ আন চাৰিখন ৰাজ্যৰ লগতে ছত্তীশগড়তো সম্পন্ন হ’ব ভোটগণনা ।

লগতে পঢ়ক: Subrata Roy passes away: দীৰ্ঘদিনীয়া অসুস্থতাৰে যুঁজি অৱশেষত হাৰ মানিলে ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰায়ে

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ  X(Twitter)FacebookYouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)